নতুন দিল্লী, ২৫ আগষ্টঃ নাৰীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাটো এক অবাস্তৱ ধাৰণা । ইয়াৰ জৰিয়তে মাতৃৰ স্বাস্থ্যৰ বিশেষ উন্নতি হ’ব বুলি ভবাটো সঠিক নহয় । বৰঞ্চ বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত যৌন সম্পৰ্কক অপৰাধকৰণ কৰা হ’ব ।
তেওঁলোকৰ মতে চৰকাৰীভাৱে কেৱল আইনৰ সংশোধন কৰিলেই লিংগ সমতা, নাৰীৰ অধিকাৰ আৰু সবলীকৰণ হৈ নুঠে ।
নাৰীৰ বাবে বিবাহৰ ন্যূনতম বয়স বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱক দেশজুৰি শিশু আৰু মহিলা বিশেষজ্ঞসকলে তীব্ৰভাৱে সমালোচনা কৰিছে । মহিলা আৰু শিশু উন্নয়ন দপ্তৰে বিগত জুন মাহত গঠন কৰি দিয়া এক টাস্ক ফ’ৰ্চে এই বিষয়ত সমাজৰ বিভিন্ন পক্ষৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।
যৌৱনাৱস্থা, কৈশোৰ কাল, শিশু আৰু নাৰীৰ অধিকাৰৰ সন্দৰ্ভত গভীৰভাৱে গৱেষণা আৰু অভিজ্ঞতা থকা এশৰো অধিক সংস্থাই চৰকাৰে মহিলাৰ বিবাহৰ ন্যূনতম বয়স বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতাৰে তিনিটা দৃষ্টিভংগী উপস্থাপন কৰিছে । এই সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰেই উত্থাপন হৈ আহিছে ।
এক যুটীয়া বিবৃতিত এই সংগঠনসমূহে কয়—মহিলাৰ বিবাহৰ ন্যূনতম বয়স বৃদ্ধি কৰাৰ ফলত বহু ছোৱালীয়ে বিবাহৰ স্বীকৃতি আৰু অধিকাৰ লাভ নকৰিব । তেনে ক্ষেত্ৰত এয়া কিদৰে তেওঁলোকক আগুৱাই নিব পৰা পদক্ষেপ হ’ব পাৰে ।
লগতে জীয়াই থকাৰ বাবে কঠোৰ সংগ্ৰাম কৰি আৰু আৰ্থিক নিৰাপত্তাহীনতাত ভুগি সোনকালে বিবাহত বহাৰ লগতে কাম কৰিবলৈ বাধ্য হোৱা পৰিয়ালসমূহক এনে আইনী ব্যৱস্থাৰ জৰিয়তে অপৰাধী সজোৱাৰ ফলত কি উপকাৰ হ’ব বুলিও তেওঁলোকে প্ৰশ্ন কৰে ।
চৰকাৰে ছোৱালীৰ বিয়াৰ বয়সৰ ন্যূনতম সীমাৰেখা বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতাৰে এই সংগঠনসমূহে কয় -"এনেধৰণৰ পদক্ষেপে লিংগ সমতা বৃদ্ধি, নাৰীৰ অধিকাৰ বা সবলীকৰণৰ নিশ্চিতি, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতিত সামান্যভাৱেহে সহায় কৰিব ।"
এশটা সংস্থা আৰু ২৫০০ৰো অধিক যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰা এই যুটীয়া বিবৃতিত কোৱা হৈছে -"নাৰী আৰু পুৰুষ উভয়ৰে বিয়াৰ ন্যূনতম বয়স ২১ বছৰ কৰিলে লিংগ সমতা স্থাপন হ’ব বুলি ভবাটো ভ্ৰান্ত ধাৰণা । বৰঞ্চ এই প্ৰস্তাৱে উদাৰতাবাদীসকলৰ মনত চিন্তাৰ উদ্ৰেক কৰিছে ।”
নাৰী অধিকাৰ কৰ্মীসকলৰ মতে বাল্য বিবাহৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাইছে । তেওঁলোকৰ মতে বিয়াৰ বয়সৰ নিম্নসীমা বৃদ্ধি কৰাৰ সলনি শিক্ষা আৰু সংস্থাপনতহে অধিক গুৰুত্ব দিয়াটো উচিত ।
এই বিবৃতিত স্বাক্ষৰ কৰা চেণ্টাৰ ফৰ্ উইমেন ডেভলপমেণ্ট ষ্টাডীজৰ সঞ্চালক মেৰী ই জোনে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত কয়- “শিক্ষিত আৰু সম্ভ্ৰান্ত লোকসকলে বেছি বয়সত বিয়াত বহে বুলি এয়া এক ভ্ৰান্ত ধাৰণা । এগৰাকী দুখীয়া লোকে ২১ বছৰ বয়সত বিয়া পাতিবলৈ তিনি বছৰতে ধনী হৈ নাযায় । দুখীয়া লোকসকলৰ বাবে উপযুক্ত শিক্ষা, বিদ্যালয়-মহাবিদ্যালয়, কৰ্ম সংস্থাপন অবিহনে বিয়াৰ বয়সৰ নিম্নসীমা তিনি বছৰ বৃদ্ধি কৰিলেই সকলো সলনি হৈ যাব নেকি? চৰকাৰে এই সন্দৰ্ভত সঠিকভাৱে চিন্তা-চৰ্চা কৰা নাই ।"
“বিভিন্ন যুগত আমাৰ ইতিহাস আছে । কোনোবাই এৰাতিৰ ভিতৰতে সকলো সলনি কৰি দিব নোৱাৰে । কাৰণ, আমাৰ এক সামজিক ব্যৱস্থা আছে । আমাৰ মাজত হাইপাৰগেমিষ্ট বুলি এক ধাৰণা আছে । যাৰ অৰ্থ এয়ে যে, ল’ৰাজন নিজৰ জাতৰ ভিতৰতে ছোৱালীতকৈ উচ্চ পৰ্যায়ৰ হ’ব লাগে । এই ধাৰণাৰ পশ্চিমীয়া দেশসমূহত অৱসান ঘটিছে যদিও বাৰতত এতিয়াও বৰ্তি আছে । গতিকে ১৮ বছৰ বয়সক যেনেদৰে আছে তেনেদৰে থাকিব দিব লাগে । এয়া মাত্ৰ বিয়াত বহাৰ ন্যূনতম বয়সহে,এনেকুৱা নহয় যে এইটো বয়সতে সকলোৱে বিয়াত বহিব লাগিব । এয়া মূলতঃ যিসকল ছোৱালীয়ে বিদ্যালয় ত্যাগ কৰে, দৰিদ্ৰতা বা ঘৰতে থকাৰ বাবে বিয়াত বহে তেওঁলোকৰ পৰিয়ালৰ বাবে সুৰক্ষা ।
“এনেবোৰ বাধা থকা স্বত্বেও বিয়াত বহাৰ বয়স বাঢ়িবলৈ লৈছে । কম বয়সতে বিয়াত বহাৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাইছে । ৰাজস্থানৰ কিছুসংখ্যক গাঁৱৰ বাদে আন ক’তো বাল্য বিবাহৰ প্ৰথা বৰ্তমান নাই ।” জনে এনেদৰে কোৱাৰ লগতে কয় যে বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো উচিত । বিয়াত বহা সময় দেৰি কৰাৰ বাবে কৰ্ম সংস্থাপন, বাল্য বিবাহ ৰোধ কৰাৰ বাবে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰি পুষ্টিহীনতা দূৰ কৰাত গুৰুত্ব দিয়া উচিত বুলি তেওঁ প্ৰকাশ কৰে ।
সমগ্ৰ বিশ্বতে ল’ৰা-ছোৱালী উভয়ৰে বাবে ১৮ বছৰেই বিয়াত বহাৰ বাবে বয়সৰ ন্যূনতম সীমা । ভাৰতেও গ্ৰহণ কৰা ১৯৯২ চনৰ শিশুৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনে ১৮ বছৰ বয়সলৈকে সকলোকে শিশু হিচাপে আখ্যা দিছে ।
বিশেষজ্ঞসকলৰ মতে বিবাহৰ বয়স বৃদ্ধি কৰাৰ ফলত কম বয়সতে হোৱা বিয়াক অপৰাধ হিচাপেহে গণ্য কৰাব, কিন্তু ইয়াৰ সংখ্যা হ্ৰাস কৰিব নোৱাৰিব ।
বাল্য বিবাহ ৰোধ আইন, ২০০৬ চনৰ অধীনত পঞ্জীয়নভুক্ত গোচৰসমূহৰ ওপৰত হোৱা দিল্লীস্থিত পাৰ্টনাৰ্ছ ফৰ্ লো এণ্ড ডেভলপমেণ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে চলোৱা এক পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে কোনে কিয় কি কাৰণত এই আইন অধিক ব্যৱহাৰ কৰে তাৰ বহু দিশ উন্মোচন কৰা হৈছে ।
এই অধ্যয়নত ২০০৮ ৰ পৰা ২০১৭ চনলৈকে উচ্চ ন্যায়ালয় আৰু জিলা আদালতৰ ৮৩ টা ৰায় আৰু নিৰ্দেশক বিশ্লেষণ কৰা হৈছিল । ইয়াৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ৬৫ শতাংশ গোচৰেই নিজে সন্মত হৈ পলাই যোৱা প্ৰাপ্তবয়স্ক দুগৰাকীক শাস্তি প্ৰদান কৰাৰ বাবে তৰা হয় । বাকী ৩৫ শতাংশ বাল্য বিবাহৰ ঘটনাত সফল নোহোৱাৰ বাবে সেয়া অবৈধ ঘোষণা কৰি ভাঙিবলৈ বিচৰা হয়, কিন্তু অভিভাৱকে শাস্তি লাভ নকৰে ।
৮৩ টা গোচৰৰ ভিতৰত ৫৬ টা গোচৰতেই এই আইনক ছোৱালীজনীৰ পিতৃ-মাতৃ বা আত্মীয়ই ব্যৱহাৰ কৰে । ইয়াৰে মাত্ৰ ১৪ শতাংশ গোচৰহে আইনী কৰ্তৃপক্ষ যেনে বাল্য বিবাহ প্ৰতিৰোধী বিষয়া আদিৰ তৰফৰ পৰা দিয়া হয় ।
এই অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি ৩৫ শতাংশ গোচৰেই ঘৰৰ পৰা চাই দিয়া বিয়াক লৈ তৰা হয় । ৪৮ শতাংশ গোচৰতহে পতি বা অভিভাৱকে অপৰাধৰ শাস্তি লাভ কৰে । বাকী ৫২ শতাংশ ঘৰৰ পৰা চাই-চিতি হোৱা বিয়াত যৌতুক বা ঘৰুৱা হিংসা আদিৰ লগত জড়িত ।
২০০৫-৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ৩ আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ৪ ৰ মাজৰ কালছোৱাত ১৫ বছৰ বয়সতে বিয়া হোৱা ২০-২৪ বছৰ বয়সীয়া মহিলাৰ হাৰ ২৫.৪ শতাংশ ৰ পৰা ৬ শতাংশলৈ হ্ৰাস পায় ।
কিন্তু ২০১৫-১৬ ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি ২০-২৪ বছৰ বয়সৰ ভিতৰৰ ৬ শতাংশ মহিলাই ১৫ বছৰ বয়সত বিয়া হোৱাৰ বিপৰীতে ২৬.৮ শতাংশই ১৮ বছৰ আৰু ৪৮ শতাংশই ২০ বছৰ বয়সত বিয়াত বহে ।
লগতে পঢ়ক : 'NORTHERN COMMAND EQUIPMENT DISPLAY 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ