ETV Bharat / bharat

চীনত কোভিড-19ৰ উৎপত্তি, ভাৰতীয় বিজ্ঞানীৰ নেতৃত্বত অনুসন্ধানৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই চীনলৈ দল প্ৰেৰণ কৰিব - বিশ্ব স্বাস্থ্য সংস্থা

চীনত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক কাৰ্যালয়ে য়ুহান পৌৰসভাৰ স্বাস্থ্য আয়োগৰ ভাইৰেল নিমোনিয়াৰ প্ৰতিবেদনৰ ছমাহ পিচত বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলে অহা সপ্তাহ চীন দেশ ভ্ৰমণ কৰিব ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ডাঃ টেডৰছ আধাননোম ঘেব্ৰিয়েছুচে প্ৰকাশ কৰা অনুসৰি, কোভিড-19ৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰিবলৈ স্বাস্থ্য বিশেষজ্ঞৰ দলটোৱে চীন ভ্ৰমণ কৰিব ৷

আগন্তুক সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে ভ্ৰমণ কৰিব চীন

author img

By

Published : Jul 4, 2020, 8:58 PM IST

নিউজ ডেস্ক, 4 জুলাই : সমগ্ৰ বিশ্বতে কোভিড-19ৰ তথ্যক লৈ চীনে দেৰি কৰি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলে অহা সপ্তাহত এই ভাইৰাছৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰিবলৈ চীন দেশ ভ্ৰমণ কৰিব ৷ ভাইৰেল নিমোনিয়াক লৈ য়ুহান পৌৰসভাৰ স্বাস্থ্য আয়োগে প্ৰদান কৰা এক প্ৰতিবেদনৰ ছমাহ পিছত এইদৰে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে চীনত এইদৰে অনুসন্ধান চলাবলৈ উপস্থিত হ'ব ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক ডাঃ টেডৰছ আধাননোম ঘেব্ৰিয়েছুচে জানুৱাৰী মাহতে ভাইৰেল নিমোনিয়াৰ বিষয়ে এটা আন্তৰ্জাতিক বিশেষজ্ঞৰ দল প্ৰেৰণৰ কথা প্ৰকাশ কৰিছিল ৷ কোভিড-19এ সমগ্ৰ বিশ্বতে প্ৰায় 5 লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি নিছে আৰু মৃত্যুৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈ আছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ডাঃ সৌম্য স্বামীনাথনে সংবাদ প্ৰতিষ্ঠানৰ আগত ব্যক্ত কৰা অনুসৰি, কৰ'ণা ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত এক বিশেষ অনুসন্ধানৰ প্ৰয়োজন আছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ বাবে চীনৰ চৰকাৰৰ সৈতে বাৰ্তালাপ অব্যাহত ৰাখিছে ৷ অহা সপ্তাহত এই সন্দৰ্ভত অনুসন্ধান চলাবলৈ এটা দল চীনলৈ যাব বুলিও তেখেতে জানিবলৈ দিয়ে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, চীনৰ চৰকাৰে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে নিমোনিয়া সন্দৰ্ভত এক প্ৰতিবেদন বিশ্ব স্বাস্থ্য সংস্থাক দাখিল কৰিছিল ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ডাঃ সৌম্য স্বামীনাথন

ইয়াৰ পিচতেই বিশ্ব স্বাস্থ্য সংস্থাৰ দলে সমগ্ৰ বিষয়টো সন্দৰ্ভত অনুসন্ধানৰ বাবে এটা দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু ইতিমধ্যে চীনত কোভিড-19ৰ আৱিৰ্ভাব হৈছিল আৰু লাহে লাহে ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল ৷ এই সন্দৰ্ভত অনুসন্ধান কৰাটো অধিকে প্ৰয়োজনীয় দিশ হিচাপে দেখা গৈছে ৷ যাৰ ফলত এইদৰে অহা সপ্তাহত সমগ্ৰ বিশ্বৰে আগশাৰীৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ এটা দলে চীনত গৈ কোভিড-19ৰ উৎপত্তিৰ কাৰণ সন্দৰ্ভত অনুসন্ধান চলাব ৷

লগতে পঢ়কঃ ভাৰতত অশান্তি বিয়পোৱাৰ উদ্দেশ্যে চীনৰ নতুন কৌশল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.