ETV Bharat / bharat

প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰত ওলাল বালি - জলপাইগুৰি জিলাৰ কায়েটগছ গাঁৱ

পশ্চিমবংগৰ এখন গাঁৱত গেছ চিলিণ্ডাৰৰ ভিতৰত বালি ওলোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰত ওলাল বালি

author img

By

Published : Apr 19, 2020, 6:26 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত দুখীয়া লোকক প্ৰদান কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা বালি ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিমবংগত । ৰাজ্যখনৰ জলপাইগুৰি জিলাৰ কায়েটগছ গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

গাঁৱখনৰ ৰমেশ ৰায় নামৰ ব্যক্তিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত ১২ দিন পূৰ্বে এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰে। কিন্তু শুকুৰবাৰে নিশাৰ ভাগত চিলিণ্ডাৰটোৰ পৰা বাৰ্ণাৰলৈ গেছ অহা বন্ধ হৈ জুই নুমাই যায়। ব্যক্তিগৰাকীয়ে বহু চেষ্টা কৰিও জুই জ্বলাবলৈ সক্ষম নোহোৱাৰ লগতে চিলিণ্ডাৰটো বহু ওজন যুক্ত হোৱাত পৰীক্ষা কৰি চাবলৈ মন মেলে। যদিও খালী চিলিণ্ডাৰ ১৫ কিলোগ্ৰামতকৈ অধিক ওজনৰ হ'ব নোৱাৰে কিন্তু এইটো চিলিণ্ডাৰ ২১ কিলোগ্ৰাম ওজনৰ বুলি পৰীক্ষাত নিশ্চিত হয়। ব্যক্তিগৰাকীয়ে চিলিণ্ডাৰটো খুলি চোৱাত তাৰ ভিতৰৰ পৰা ৬ কিলোগ্ৰাম বালি উদ্ধাৰ হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীয়ে ডিষ্ট্ৰিবিউটৰৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে । কিন্তু কিদৰে চিলিণ্ডাৰৰ ভিতৰত বালি সোমাবলৈ পালে তাক লৈ কোনো নিশ্চিতি প্ৰদান কৰিব নোৱাৰিলে । ইতিমধ্যে সমগ্ৰ বিষয়টোৰ তদন্ত হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ওদালগুৰিৰ মাজবাটত চেন্ট্ৰেল বেংকত জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.