নিউজ ডেস্ক, 26 মে': আম্ফানে যোৱা বুধবাৰে পশ্চিমবংগত ধ্বংস যজ্ঞ চলোৱাৰ পাচত সোমবাৰে সন্ধিয়া অতি কম সময়ৰ বাবে অহা ধুমুহাই কেইবাখনো জিলাত প্ৰভাৱ পেলায় ।
মাত্ৰ এক মিনিটৰ বাবে অহা ধুমুহাত দুজন লোকৰ মৃত্যু হয় আৰু বহু সম্পত্তিৰ ক্ষতিসাধন হয় , বহু ডাঙৰ ডাঙৰ গছ উভালি পৰে । বিৰভুম ছিউৰি চহৰত 15 টাৰো অধিক ঘৰৰ মুধচ উৰুৱাই লৈ যায় এই বতাহে ।
আনহাতে এই ধুমুহাই শতাধিক কেছা ঘৰ ভাঙি থৈ যায় জলপাইগুৰি জিলাৰ মালবজাৰ এলেকাত । এই ধুমুহাৰ ফলত বহু স্থানত ব্যাহত হৈ আছে বিজুলী যোগান ।