ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা ব্যক্তিৰ মৃতদেহ দশন কৰিব পাৰিব আত্মীয়ই - পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যুক সাৱটা ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰিব পাৰিব আত্মীয়ই

COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যু ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰিব পাৰিব আত্মীয়ই । শনিবাৰে বিবৃতিযোগে এই কথা সদৰি কৰে পশ্চিম বংগৰ স্বাস্থ্য বিভাগে । কিন্তু মৃতদেহটোৰ অন্তিম সৎকাৰ নাগৰিক কৰ্তৃপক্ষৰ দ্বাৰাই সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰে বিবৃতিত ।

COVID-19
পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যুক সাৱটা ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰিব পাৰিব আত্মীয়ই
author img

By

Published : Jun 7, 2020, 11:21 AM IST

নিউজ ডেস্ক, ৭ জুনঃ পশ্চিম বংগত মহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰিব পাৰিব পৰিয়ালৰ লোক তথা আত্মীয়ই । শনিবাৰে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে পশ্চিম বংগ স্বাস্থ্য বিভাগে।

ৰাজ্যখনত বৰ্তমান পৰ্যন্ত COVID-19আক্ৰান্ত হৈ মৃ্ত্যু হোৱা ব্যক্তিৰ মৃতদেহ পৰিয়াল তথা আত্মীয়ক প্ৰত্যক্ষ কৰাৰ অনুমতি দিয়া নাছিল ৰাজ্য চৰকাৰে ।

কিন্তু শনিবাৰে এক বিবৃতিযোগে সদৰি কৰা অনুসৰি, মৃতদেহটো ৩০ মিনিটৰ বাবে উপযুক্ত স্থানত ৰখা হ'ব, আৰু তাতেই পৰিয়ালৰ লোকসকলক অন্তিম বাৰৰ বাবে দেখা তথা সন্মান জনাবলৈ অনুমতি প্ৰদান কৰা হ'ব ।

COVID-19
পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যুক সাৱটা ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰিব পাৰিব আত্মীয়ই

COVID-19 আক্ৰান্ত হৈ মৃত্যু হোৱা পাচতে ব্যক্তিজনৰ পৰিয়ালক ১ ঘণ্টাৰ ভিতৰত হাস্পতাল তৰফৰ পৰা খবৰ দিব লাগিব । কিন্তু অন্তিম সৎকাৰ নাগৰিক কৰ্তৃপক্ষৰ দ্বাৰাই সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰে । লগতে মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা আত্মীয়ই মাস্ক আৰু গ্ল'ভছ পৰিধান কৰটো বাধ্যতামূলক বুলি সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.