আমি এক যুদ্ধত অৱতীৰ্ণ হৈছো । পৃথিৱীখনে যেনেদৰে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছে তাক আন ধৰণে প্ৰকাশ কৰাৰ মাধ্যম নাই । হয়তো শত্ৰু অদৃশ্য হ’ব পাৰে, কিন্তু ভাৰতে পূৰ্বতে সন্মুখীন হৈ অহা শত্ৰুতকৈ এয়া ভয়াৱহ । আমি নাজানো এই যুদ্ধৰ ফলত কিমান মানৱ জীৱন হেৰাই যাব,কিন্তু ই ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় কল্যাণ,আমাৰ জীৱন ধাৰণ আৰু সম্ভাৱনাময় ভৱিষ্যতক বাধা প্ৰদান কৰিছে ।
পূৰ্বতে যুদ্ধবোৰত সৈনিকে অংশগ্ৰহণ কৰিছিল। গতিকে ভাৰতৰ অধিকাংশ জনগণক এই যুদ্ধবোৰে স্পৰ্শ কৰা নাছিল। কিন্তু এই সকলোবোৰ সলনি হৈ গ’ল । আজি প্ৰতিজন নাগৰিকেই একো একোজন সৈনিক । নাগৰিকৰ পৰা নাগৰিক-সৈনিকলৈ এই ৰূপান্তৰ সহজ কথা নহয়, আৰু সৈনিকৰ জীৱনৰ কিছু পাঠে হয়তো পথ নিৰ্দেশনা দিব পাৰে ।
যেতিয়া এগৰাকী স্থলসেনা জোৱানে শত্ৰু পক্ষক আক্ৰমণ কৰে,তেতিয়া সন্মুখৰ পৰা পোন্ধৰ কিল’মিটাৰৰ ভিতৰত বোমা-বাৰুদেৰে আনসকল সৈনিক সুসজ্জিত হৈ থাকে । অভিযন্তাসকলে খনিৰ ভিতৰেৰে ৰাস্তা উলিয়ায় যাতে সৈনিকৰ হতাহতৰ সংখ্যা হ্ৰাস পায়,লগতে আন একাংশই যাতে যুদ্ধত অৱতীৰ্ণ সৈনিকসকলে বোমা-বাৰুদ, খাদ্য আৰু আন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান লাভ কৰে সেয়া নিশ্চিত কৰে । যদি প্ৰতিজন লোকে তেওঁৰ দায়িত্ব ভালদৰে পালন নকৰে, তেনেহ’লে যুদ্ধত পৰাজয় বৰণ কৰিব লাগিব ।
আমি এনে এক পৰিস্থিতিৰ আজি সন্মুখীন হৈ আহিছোঁ য’ত সন্মুখ আৰু নিৰাপদ অঞ্চল বুলি একো নাই,য’ত ধনী-দুখীয়াৰ বিভাজন নাই । আমাৰ চিকিৎসক, নাৰ্ছ,আৰক্ষী বিষয়া আৰু জৰুৰীকালীন কৰ্মীসকলে কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজখনৰ নেতৃত্ব দিছে । প্ৰতিজন নাগৰিকেই তেওঁলোকৰ বোজা হ্ৰাস কৰিবলৈ সহায়কাৰী সৈনিক হ’ব লাগিব ।
দক্ষিণ কোৰিয়াত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা ২০ জানুৱাৰীত ধৰা পৰিছিল আৰু চাৰি সপ্তাহৰ পাছত দেশখনত আক্ৰান্তৰ সংখ্যা ৩০ জন । ৩১ নম্বৰ ৰোগীজনে প্ৰথম পৰ্যায়ৰ পৰীক্ষাসমূহ কৰিব বিচৰা নাছিল আৰু সামাজিক সম্পৰ্শ ৰক্ষা কৰি চলিছিল । তেওঁ যোৱা চিনচিয়ঞ্জি গীৰ্জাটোৰ পৰাই দেখনৰ ৬০ শতাংশ লোক আক্ৰান্ত হৈছে । এইটোৱে শিক্ষা যে আমাৰ কোনোবা এজনে যদি পথৰ পৰা ফালৰি কাটে আমি যুদ্ধখনত পৰাজিত হ’ম ।
সামৰিক যুঁজৰ বৈশিষ্ট হ’ল নিৰ্দেশৰ প্ৰতি সন্মান । ছেমুৱেল হাংটিংটনে বাধ্যবাধকতাক সৰ্বোচ্চ সামৰিক গুণ বুলি আখ্যা দিছে । যদিহে তাৎক্ষণিকভাৱে নিৰ্দেশ পালন কৰা নহয়, যুদ্ধ যুঁজা বা জিকাটো সম্ভৱ নহয় । এই কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা যুদ্ধখনত আমাৰ দৃঢ়তা শক্তিশালী হ’ব লাগিব । সমালোচনা আৰু দায়বদ্ধতাৰ প্ৰতি আমি উদাৰ হ’ব লাগিব । এই প্ৰত্যাহ্বানৰ প্ৰকৃতিৰ বাবে নিষ্কৰিয়তাৰ পৰিণাম ভয়াৱহ হ’ব ।
ৰাজনৈতিক নেতৃত্বই এই সংকটৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তবোৰ শুদ্ধ নে ভুল সেয়া ইতিহাসে বিচাৰ কৰিব। কিন্তু এই সিদ্ধান্তবোৰক লৈ বিতৰ্ক কৰাৰ এয়া সময় নহয় । ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক, একত্ৰিত হৈ কাম কৰক কাৰণ আমি আমাৰ শত্ৰুক পৰাজিত কৰাৰ যুদ্ধত অৱতীৰ্ণ হৈছো।
সামৰিক বাহিনীত আমি প্ৰায়ে কও যে শত্ৰুৰ সৈতে প্ৰথম মুখামুখিৰ ওপৰত আন কোনো পৰিকল্পনা নাথাকে । বুলেট যেতিয়া গুলিওৱা আৰম্ভ হয়, পৰিস্থিতি সলনি হৈ পৰে আৰু যুদ্ধত থকা সৈনিকসকলে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে ক্ষীপ্ৰতাৰে খাপ খাব লাগে । যদিও মূল পৰিকল্পনাৰ সলনি যুদ্ধক্ষেত্ৰৰ সৈনিকসকলে আন উপায় অৱলম্বন কৰিব পাৰে সামগ্ৰিক লক্ষ্য প্ৰাথমিক আৰু অপৰিৱৰ্তিত থাকে ।
কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে এই যুদ্ধত অংশগ্ৰহণ কৰা নাগৰিক হিচাপে আমি অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম । ইয়াৰ লগত খাপ খুৱাবলৈ হ’লে আমি প্ৰথমতে পৰিকল্পনা কৰা ৰণ কৌশলৰ সলনি আন কৌশল গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে । কিন্তু আমি লক্ষ্য পাহৰি যাব নালাগিব,সেয়া হৈছে কৰ’ণা ভাইৰাছ বিয়পাত ভাধা দিয়া । আমাৰ সকলো কাৰ্যাৱলী এই নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি ধাৱমান হ’ব লাগিব ।
লগতে সৈনিকসকলে যুদ্ধ কৰে কাৰণ তেওঁলোকে জানে যে চৰকাৰৰ পূৰ্ণ সমৰ্থন আছে । চৰকাৰ আৰু সৈনিকৰ মাজত এনে এক অলিখিত বুজাবুজি থাকে । যেনেদৰে সৈনিকসকলক ব্যক্তিগত ত্যাগ কৰিবলৈ সাজু থকাৰ বাবে আহ্বান জনোৱা হয়,একেদৰে সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালক উপযুক্ত নিৰাপত্তা আৰু ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰ দায়বদ্ধ ।
কৰ’ণা ভাইৰাছ বিৰোধী যুঁজখনে আমাৰ সকলোৰে পৰা ত্যাগ দাবী কৰে । তাৰ প্ৰতিদানত চৰকাৰে বোজা হ্ৰাস কৰিবৰ বাবে যিমান কৰিব পাৰে কৰাটো উচিত । ঔষধ আৰু খাদ্য বস্তুৰ প্ৰয়োজনীয় যোগান, ৰোগাক্ৰান্ত আৰু বৃদ্ধ-বৃদ্ধাৰ বাবে স্বাস্থ্য সেৱা আৰু অত্যাৱশকীয় সেৱা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব ।
দীৰ্ঘকালীন লকডাউনৰ অৰ্থনৈতিক প্ৰভাৱ ইতিমধ্য পৰিলক্ষিত হৈছে । দিন হাজিৰ কৰাসকল আটাইতকৈ বেছি ভুক্তভোগী । প্ৰতিটো ব্যৱসায়েই ক্ষতিগ্ৰস্ত হ’ব আৰু নিবনুৱা সমস্যাৰ হাৰ ঊৰ্ধগামী হৈ পৰিব । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে আশংকা কৰা মতে ২০০৮ চনতকৈ এক শোচনীয় গোলকীয় আৰ্থিক মন্দাৱস্থাই দেখা দিব । চৰকাৰে শীঘ্ৰে দুখীয়া আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সহায় হোৱাকৈ আৰু ব্যৱসায় ৰক্ষা কৰাৰ বাবে ঘাটি পূৰণ আৰু আৰ্থিক সাহায্য ঘোষণা কৰিব লাগে ।
এখন দেশৰ সুসজ্জিত সৈন্য বাহিনী থাকিব পাৰে । কিন্তু দেশখনে যুদ্ধত জয় লাভ কৰিব নোৱাৰে যদিহে সৈনিকসকলে নিজৰ জীৱনক তুচ্ছ কৰিবলৈ ইচ্ছুক নহয় । জি আমাৰ কেৱল জীৱন নহয়, দীৱন ধাৰণো সংকটত পৰিছে । কিন্তু আমি যদি আমাৰ যুদ্ধখনত জয়লাভ কৰিবলৈ বিচাৰোঁ, কিছু ত্যাগ স্বীকাৰ কৰিব লাগিব । মহাত্মা গান্ধীয়ে কোৱা এই কথাষাৰ স্মৰণ কৰোঁ আহক—তুমি আজি যি কৰিবা তাৰ ওপৰতেই ভৱিষ্যত নিৰ্ভৰ কৰে ।
লগতে চাওকঃ লক ডাউন আৰু লাঠিচলনাঃ আৰক্ষীয়েও এবাৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে !