ETV Bharat / bharat

কোভিড-19ৰ সময়ত নগৰীয়া অঞ্চলত ভয়ানকভাৱে বৃদ্ধি পানীৰ ব্যৱহাৰ

author img

By

Published : Aug 1, 2020, 9:01 PM IST

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয় আৰু পানী কৰ্মকৰ্তাৰ দ্বাৰা এক অধ্যয়নত কোভিড-19 মহামাৰীৰ সময়ত দেশৰ প্ৰধান নগৰীয়া অঞ্চলসমূহত পানীৰ ব্যৱহাৰ উচ্চ হাৰত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ সঘনাই হাত ধোৱা আৰু বাসগৃহকে ধৰি অন্যান্য স্থানসমূহ ছেনিটাইজ কৰাত পানীৰ ব্যৱহাৰে মুম্বাইৰ দৰে মহানগৰত পানীৰ নাটনিৰ সৃষ্টি কৰিছে ৷

পানীৰ ব্যৱহাৰ
পানীৰ ব্যৱহাৰ

নিউজ ডেস্ক, 1 আগষ্ট : কোভিড-19ৰ পৰৱৰ্তী লক ডাউনৰ সময়ছোৱাত দেশৰ মহানগৰসমূহত পানীৰ ব্যৱহাৰ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয় আৰু অন্যান্য জল কৰ্মকৰ্তাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ৷ পানীৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ মুল কাৰণ হিচাপে দেখা দিছে সঘনাই হাত ধোৱা আৰু বাসগৃহকে আদি কৰি অন্যান্য স্থানসমূহ ছেনিটাইজ কৰাত অত্যধিক পানীৰ ব্যৱহাৰ ৷ আনহাতে পানীৰ এই অত্যধিক ব্যৱহাৰৰ ফলতেই মুম্বাইকে আদি কৰি দেশৰ প্ৰধান মহানগৰসমূহত পানীৰ নাটনিয়ে দেখা দিছে ৷

যদিও চৰকাৰে হাত ধোৱা অভ্যাস গঢ়িবলৈ আৰু সংক্ৰমণমুক্ত কৰিবলৈ নিৰ্দেশনা দিছে ইয়াৰ ফলত পানীৰ ওপৰত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ জল শক্তি মন্ত্ৰালয়ৰ অধ্যয়নত এইটো পোহৰলৈ আহিছে যে,প্ৰতিদিনে এজন মানুহে গড়ে দুই লিটাৰ পানী হাত ধোৱাৰ নামত ব্যৱহাৰ কৰে ৷

হাত ধোৱাৰ নামত ব্যৱহাৰ কৰা পানীৰ পৰিমান বৃদ্ধি পোৱাৰ ফলত বৃহত্তৰ মুম্বাই পৌৰসভাই আগষ্ট মাহত 20 শতাংশ পানীৰ যোগান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৷ এইটো স্পষ্ট যে,দেশৰ বৃহত্তম মহানগৰৰ ভিতৰত মুম্বাই অন্যতম আৰু মহানগৰখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যাও দেশৰ ভিতৰতে অধিক ৷

পানী সংৰক্ষণৰ সৈতে জড়িত সমাজকৰ্মী এছ বালাকৃষ্ণণে প্ৰকাশ কৰা অনুসৰি,পানীৰ ব্যৱহাৰৰ ওপৰত অধিক গুণগত আৰু কৃত্ৰিম প্ৰযুক্তিৰ প্ৰয়োগ কৰি ইয়াক সীমিত কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ লক ডাউনৰ সময়ত চৰকাৰে জনসাধাৰণক পানীৰ ব্যৱহাৰৰ ওপৰত কোনো নিৰ্দিষ্ট সীমাবদ্ধতা জাৰী কৰা নাই আৰু পানীৰ প্ৰয়োজন অধিক হোৱাৰ লগতে পানীৰ উৎস সীমিত ৷ এইক্ষেত্ৰত প্ৰতিদিনে পানীৰ অত্যধিক ব্যৱহাৰ বৃদ্ধি পাই আহিছে আৰু 2030ৰ ভিতৰত এই পৰিসংখ্যা দুগুণ হৈ পৰিব ৷ এইক্ষেত্ৰত শীঘ্ৰেই বহনক্ষম ব্যৱস্থাৰ প্ৰয়োগ নকৰিলে ভাৰতত পানীৰ ভয়ানক সমস্যাই দেখা দিয়াৰ সমস্যা স্পষ্ট হৈ পৰিছে ৷

পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুকুৰবাৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ সচিব ইউ পি সিঙে গাঁৱলীয়া আৰু নগৰীয়া অঞ্চলৰ ৰাইজক সীমিত পৰিমানে পানী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : লাফিকুল ইছলামৰ হত্যাকাণ্ড : দোষীক শাস্তিৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.