ৰাম্বান, 29 ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ বাটটে চহৰত সেনা-আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়া-গুলী ৷ এই সংঘৰ্ষত আৰক্ষী দলটোক নেতৃত্ব দিয়ে ৰম্বানৰ জেষ্ঠ আৰক্ষী অধীক্ষকক অনিতা শৰ্মাই ৷ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা অঞ্চলত উপস্থিত হৈ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰথমেই মাইক্ৰ'ফোনৰ জৰিয়তে লুকাই থকা সন্ত্ৰাসবাদী কেইগৰাকীক 15 মিনিটৰ ভিতৰত আত্মসমৰ্পন কৰিবলৈ জনায় ৷
এই সংঘৰ্ষৰ জৰিয়তে নিৰাপত্তাৰক্ষীয়ে তিনিগৰাকী সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে ৰম্বান জিলাত সংঘটিত গুলীয়াগুলীত এগৰাকী ভাৰতীয় সেনাও নিহত হয় ৷ লগতে আহত হয় দুগৰাকী আৰক্ষী বিষয়া ৷