নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : 13 ছেপ্টেম্বৰত আমষ্টাৰডামত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় প্ৰচাৰণ সন্মিলন (আইবিচি) 2019ত নতুন সৃষ্টি বঁটাৰে পুৰস্কৃত হ'ল ইটিভি ভাৰত ৷ 'কনটেণ্ট এভ্ৰিহোৱেৰ' শ্ৰেণীত এই পুৰস্কাৰ লাভ কৰে ইটিভি ভাৰতে ৷ আন্তৰাষ্ট্ৰীয় প্ৰচাৰণ সন্মিলন হৈছে লণ্ডন ভিত্তিক সংবাদ মাধ্যম,মনোৰঞ্জন আৰু প্ৰযুক্তিবিদ্যাৰ এক অনুষ্ঠান ৷ ফেছবুক সহিতে 180 টা সংবাদ মাধ্যমৰ প্ৰতিদ্বন্দিতা কৰি এই পুৰস্কাৰ দখল কৰে ৷ লগতে আইবিচিয়ে ভাৰতৰ শীৰ্ষ নিউজ এপ হিচাপে খ্যাতি দিয়ে ইটিভি ভাৰতক ৷ ইয়াৰোপৰি ইটিভি ভাৰতক ডিজিটেল নিউজৰোমৰ বিপ্লৱ হিচাপে চিনাক্ত কৰে আইবিচিয়ে ৷ পাছত এই পুৰস্কাৰ ৰাম'জি গ্ৰুপৰ চেয়াৰমেনক ৰামোজি ৰাওক হায়দৰাবাদত অপৰ্ণ কৰে অবেক'ৰ চিইঅ' পৱেলে ৷
![ETV Bharat shines overseas, bags IBC 2019 Innovation Award](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4552841_544_4552841_1569422350904.png)