নিউজ ডেস্ক, ২৪ জুলাইঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংকটৰ সময়তে পঞ্জাৱৰ এগৰাকী ৭০ বছৰীয়া ব্যক্তিৰ বিশেষ পদক্ষেপ । বিশ্ব তথা সমগ্ৰ দেশতে কৰ'ণা প্ৰতিৰোধ তথা পৰিত্ৰাণ পাবলৈ পঞ্জাৱৰ দোৰাহাৰ বাসিন্দা ৭০ বছৰীয়া হৰমিন্দৰ সিং নামৰ ব্যক্তিজনে দেশৰ ভিন্ন তীৰ্থস্থানলৈ যাত্ৰা কৰাৰ সংকল্প কৰে । বিশ্বৰ পৰা মহামাৰী কৰ'ণা নিশেষ কৰিবলৈয়ে বিগত ১২ জুলাইৰ পৰা তখত শ্ৰী ক্যাশগড় আনন্দপুৰ সাহিবৰ পৰা পদযাত্ৰা আৰম্ভ কৰে সিঙে । আনহাতে, বৃহস্পতিবাৰে বৰ্ষীয়ান ব্যক্তি গৰাকী উপস্থিত গুৰুদ্বাৰা শ্ৰী ফতেহগড় চাহিবত ।
আনহাতে, এই যাত্ৰা সন্দৰ্ভত হৰমিন্দৰ সিঙে কয় যে, এয়া তেখেতৰ ৬ নম্বৰ তীৰ্থ যাত্ৰা । তেখেতে প্ৰথম যাত্ৰা ২০০৪ চনত তথা ৫৪ বছৰ বয়সত আৰম্ভ কৰে বুলি জানিব দিয়াৰ উপৰিও তেখেতৰ এই যাত্ৰা ৪৫৬ দিনৰ ভিতৰত সম্পূৰ্ণ কৰে বুলিও মত ব্য়ক্ত কৰে ।