ETV Bharat / bharat

অতি ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে - ৰাজধানী চহৰ

ৰাজধানী চহৰ দিল্লীত বৃহস্পতিবাৰে 'অতি ভয়াৱহ' শ্ৰেণীলৈ গতি কৰিছে বায়ুৰ গুণগত মানৰ সূচাংক। এই সূচাংক ০-৫০ৰ ভিতৰত থাকিলে 'ভাল', ৫১-১০০ৰ ভিতৰত 'সন্তোষজনক', ১০১-২০০ৰ ভিতৰত 'মধ্যম', ২০১-৩০০ৰ ভিতৰত 'বেয়া', ৩০১-৪০০ৰ ভিতৰত 'বহুত বেয়া' আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে 'জটিল' অথবা 'অতি ভয়াৱহ' বুলি গণ্য কৰা হয়।

অতি ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে
অতি ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে
author img

By

Published : Oct 29, 2020, 11:58 AM IST

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ: বায়ুমণ্ডলত প্ৰদূষণ বৃদ্ধি পোৱাৰ ফলত বৃহস্পতিবাৰে দিল্লীত বতাহৰ গতিবেগো তুলনামূলকভাৱে হ্ৰাস পাইছে। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ তথ্য অনুসৰি, বায়ুৰ গুণগত মানৰ সূচাংক আনন্দ বিহাৰত ৪০২, আলীপুৰত ৪০৫, ৱজীৰপুৰত ৪১০ হৈছেগৈ আৰু ইয়াক 'অতি ভয়াৱহ' শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে।

আৰ ৬ পুৰমত ৩৭৬, আই টি অ'ত ৩৮৪, লোধী ৰোডত ৩১১ আৰু পঞ্জাৱী বাগত ৩৮৭লৈ নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে এই কেইখন স্থানৰ বায়ুৰ গুণগত মানক 'বহুত বেয়া' শ্ৰেণীৰ মাজত আছে বুলি প্ৰকাশ কৰিছে। ৰাজধানী চহৰখনত আজি ধোঁৱাৰ পাতল আস্বাদনো দেখিবলৈ পোৱা যায়। ফলত বহু স্থানত সমস্যাৰ সৃষ্টি হয়। প্ৰদূষণৰ বৰ্দ্ধিত মাত্ৰাই জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি আনিছে।

দিল্লীৰ বহু লোকে এতিয়া শ্বাস-প্ৰশ্বাস লোৱাতো সমস্যাত পৰিছে। বিশেষজ্ঞসকলৰ মতে, বায়ুৰ গুণগত মানৰ সূচাংক 'অতি ভয়াৱহ' শ্ৰেণীত তালিকাভুক্ত স্থানসমূহৰ লোকসকলে অধিক অসুবিধাৰ সন্মুখীন হৈছে আৰু পূৰ্বৰে পৰা জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিছে । প্ৰদূষিত বায়ুৱে ভয়াৱহ বিপদৰ আশংকা বৃদ্ধি কৰিছে । বিশেষকৈ শিশুসকলে ডিঙিৰ অসুখত ভূগিবলগীয়া হৈছে ।

বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে 'ভাল', ৫১-১০০ৰ ভিতৰত 'সন্তোষজনক', ১০১-২০০ৰ ভিতৰত 'মধ্যম', ২০১-৩০০ৰ ভিতৰত 'বেয়া', ৩০১-৪০০ৰ ভিতৰত 'বহুত বেয়া' আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে 'জটিল' অথবা 'অতি ভয়াৱহ' বুলি গণ্য কৰা হয়। শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশ ৰাজহুৱা কৰিছিল। ন্যায়ালয়ে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি, নিৰ্মাণকাৰী সংস্থা, পৌৰ নিগম, যানবাহন আৰক্ষী আৰু দিল্লীৰ পৰিবহণ বিভাগক প্ৰদূষণ সৃষ্টিকাৰী কাৰকসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে।

লগতে পঢ়ক:বিহাৰ নিৰ্বাচনঃ বুধবাৰে বিহাৰৰ তিনি ঠাইত ৰেলী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.