ETV Bharat / bharat

কলকাতাত ৰ'ড শ্ব'ত বিক্ষোভ :আধাতে সামৰি উভতিল অমিত শ্বাহ - Violence at Shah's roadshow in Kolkata

পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ গৰিহনা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান জনাই এনে দুষ্কাকাৰ্যত জড়িত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শীঘ্ৰে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিছাৰিলে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দেখুওৱা সহিষ্ণুতাৰ বাবে ধন্যবাদ জনাই মুখ্যমনত্ৰী সোণোৱালে ৷

Shah's roadshow in Kolkata
author img

By

Published : May 14, 2019, 9:50 PM IST

ক'লকাতা , 14 মে' : কলকাতাত অমিত শ্বাহৰ ৰ'ড শ্বৱে ল'লে হিংসাত্মক ৰূপ ৷ বিদ্যাসাগৰ মহাবিদ্যালয়ৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি ধ্বংসপ্ৰাপ্ত ৷ কলকাতা বিশ্ববিদ্যালয়ৰ সমীপত তৃণমূল কংগ্ৰেছ আৰু এ বি ভি পি সদস্যৰ মাজত সংঘৰ্ষ ৷ আৰক্ষীৰ লাঠিচাৰ্জ ৷ ৰ'ড শ্ব আধাতে সামৰি উভতিল অমিত শ্বাহ ৷

আধাতে সামৰি উভতিল অমিত শ্বাহ

ঘটনা অনুসৰি অমিত শ্বাহৰ ৰ'ড শ্ব বিদ্যাসাগৰ মহাবিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ সময়তে বিজেপি বিৰোধী শ্ল'গান দিয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ৷ বিজেপি আৰু টি এম চি কৰ্মীৰ মাজত আৰম্ভ হোৱা খণ্ডযু্দ্ধই হিংসাত্মক ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত আহত হয় কেইবাজনো ৷ দুষ্কৃতিকাৰীয়ে মহাবিদ্যালয়ৰ সন্মুখত থকা বাইকত অগ্নিসংযোগ কৰাৰ উপৰিও মহাবিদ্যালয়খনৰ ভিতৰ চৰাতো লণ্ড ভণ্ড কৰে ৷বিদ্যাসাগৰ মহাবিদ্যালয়ত দুষ্কৃতিকাৰীয়ে ভাঙি ধ্বংস কৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ৷

কলকাতা বিশ্ববিদ্যালয়ৰ সন্মুখতো অমিত শ্বাহৰ ৰ'ড শ্বলৈ প্ৰদৰ্শন কৰা হয় কলা পতাকা ৷ ৰ'ড শ্বক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে কলেজ ষ্ট্ৰিট ৷

পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ গৰিহনা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান জনাই এনে দুষ্কাকাৰ্যত জড়িত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শীঘ্ৰে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিছাৰিলে মুখ্যমন্ত্ৰীয়ে৷

উল্লেখ যোগ্য যে , বিয়লি 4 বাজি 30 মিনিটৰ পৰা চেণ্ট্ৰেল কলকাতাৰ পৰা আৰম্ভ হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰ'ড শ্ব ৷

Breaking news
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.