নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰিছে ৰাজধানী দিল্লী । সোমবাৰে পুৱা কুঁৱলীৰ বাবে বহু স্থানত একো দেখা নোপোৱা সদৃশ পৰিৱেশৰ সৃষ্টি হয় । ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আহি পৰা পৰিলক্ষিত হৈছে । প্ৰথমবাৰৰ বাবে চহৰখনত কুঁৱলীৰ বাবে এনেদৰে একো দেখা নোপাৱা পৰিৱেশ সৃষ্টি হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক পূৰ্বানুমান কেন্দ্ৰৰ অধ্যক্ষ কুলদীপ শ্ৰীবাস্তৱে কয় যে, পালম বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে পুৱা ৬.৩০ বজাত কুঁৱলীৰ বাবে অন্ধকাৰচ্ছন্ন পৰিৱেশ সৃষ্টি হোৱা আৰু লগতে একো দেখা নোপোৱাৰ কথা প্ৰকাশ কৰিছে ।
তেওঁ কয় যে, চহৰখনক প্ৰতিনিধিত্ব কৰা তথ্য প্ৰকাশ কৰা ছফদৰজাং অবজাৰ্ভেটৰীত মধ্যম শ্ৰেণীৰ কুঁৱলী আৰু ভিজিবিলিটি ৩০০ মিটাৰলৈকে হ্ৰাস পোৱাৰ তথ্য পঞ্জীয়ন কৰা হৈছে । জ্যেষ্ঠ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে যে, বিমানৰ উৰণৰ বাবে ভিজিবিলিটি ৮০০ মিটাৰ থকাতো উচিত । ব্যক্তিগত পূৰ্বানুমান সংস্থা স্কাইমেট ৱেদাৰৰ এগৰাকী বিশেষজ্ঞ মহেশ পালাৱটে টুইটযোগে কয় যে, 'আজি প্ৰথমবাৰৰ বাবে ঘন কুঁৱলীৰ বাবে পালম বিমানবন্দৰত একো দেখা নোপাৱা পৰিৱেশ সৃষ্টি হৈছে । পুৱা ৬.৩০ বজাত ২৮ আৰু ২৯ দুয়োটা ৰানৱেত ভিজিবিলিটি ১৫০ মিটাৰ আছিল । সেয়ে, বিমানৰ উৰণৰ সময় সালসলনি হোৱাৰ সম্ভাৱনা আছে ।'
তেওঁ লগতে কয় যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ভিজিবিলিটি ০-৫০ মিটাৰৰ ভিতৰত থাকিলে বহুত ঘন কুঁৱলী, ৫১-২০০ৰ ভিতৰত ঘন, ২০১ আৰু ৫০০ ভিতৰত থাকিলে মধ্যম শ্ৰেণীত পঞ্জীয়ন কৰা হয় । ৫০১ আৰু ১০০০ৰ ভিতৰত ভিজিবিলিটি থাকিলে সামান্য বুলি গণ্য কৰা হয় । আনহাতে, দিল্লীৰ নূন্যতম তাপমাত্ৰা ১২ ডিগ্ৰী চেলছিয়াছলৈকে পঞ্জীয়ন কৰা হৈছে । বতাহ উত্তৰ-উত্তৰ-পশ্চিম দিশত গতি কৰাৰ সম্ভাৱনা আছে । দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক সোমবাৰে বহুত বেয়া শ্ৰেণীৰ পৰা সামান্য ভাল স্থিতি হিচাপে পঞ্জীয়ন কৰা হৈছে ।
বায়ুৰ গুণগত মান ভাললৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । শনিবাৰে বায়ুৰ গুণগত মান বতাহৰ মন্থৰ গতিৰ বাবে জটিল পৰিস্থিতিৰ মাজলৈ গতি কৰে । মঙলবাৰে দিল্লীত মধ্যমীয়া কুঁৱলী দেখা পোৱাৰ সম্ভাৱনাও প্ৰকট কৰে বিষয়াগৰাকীয়ে । ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মানৰ সূচাংক সোমবাৰে পুৱা ৯ বজাত হয়গৈ ৩৯৪ । দেওবাৰে বায়ুৰ গুণগত মানৰ সূচাংক আছিল ৩৮৯ আৰু শনিবাৰে আছিল ৪০৪ ।
প্ৰতিৱেশী ৰাজ্যৰ পৰা ভয়াৱহ মাত্ৰাত প্ৰদূষক দিল্লীৰ বায়ুৰ সৈতে একাকাৰ হোৱাৰ পিছত গাজিয়াবাদত বায়ুৰ গুণগত মানৰ সূচাংক ৪৩২, গ্ৰেটাৰ নয়ডাত ৪১০, ফৰীদাবাদত ৪০৫ আৰু নয়ডাত বায়ুৰ গুণগত মানৰ সূচাংক হয়গৈ ৪১৪ । উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত সন্তোষজনক, ১০১-২০০ৰ ভিতৰত মধ্যম, ২০১-৩০০ৰ ভিতৰত বেয়া, ৩০১-৪০০ৰ ভিতৰত বহুত বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আনুমানিক তথ্য মতে, সোমবাৰে বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১৫ কিঃমিঃ হ'ব ।