নিউজ ডেস্ক, 22 মে' : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে আজি বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী গোটৰ অধ্যক্ষৰূপে শপতগ্ৰহণ কৰে ৷ কোভিড-19 মহামাৰীৰ সময়ত এইদৰে বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ পদবীত অধিস্থিত হোৱা ডাঃ হৰ্ষবৰ্ধন হৈছে প্ৰথমগৰাকী ভাৰতীয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ 34 সদস্যযুক্ত কাৰ্যবাহী গোটৰ অধ্যক্ষ হিচাপে আজি শপতগ্ৰহণ কৰে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
ডাঃ হৰ্ষবৰ্ধনে জাপানৰ ডাঃ হিৰোকি নাকাটানিৰ পৰা অধ্যক্ষৰ দায়িত্বভাৰ চমজি লয় ৷ ডাঃ হৰ্ষবৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী গোটৰ অধ্যক্ষ নিৰ্বাচিত হোৱাত সমগ্ৰ দেশবাসীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে ৷ ডাঃ হৰ্ষবৰ্ধনৰ মনোনয়ন পত্ৰত বিশ্বৰ 194 খন দেশে স্বাক্ষৰ কৰি আনুষ্ঠানিক অনুমতি প্ৰদান কৰে ৷ বিগত বৰ্ষতে ভাৰতৰ পৰা এগৰাকী অধ্যক্ষ নিৰ্বাচিত কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ মে' মাহৰ পৰা আৰম্ভ হোৱা তেওঁৰ কাৰ্যকাল সৰ্বমুঠ তিনি বছৰ ৷