নেশ্যনেল ডেস্ক, 9 মে' : এয়াৰ ইণ্ডিয়াই শনিবাৰে 'বন্দে ভাৰত'ৰ তৃতীয় দিন হিচাপে বিশ্বৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰিব ৷ বিশেষ বিমানৰ জৰিয়তে কাটাৰ, ওমান, মালয়েছিয়া, সংযুক্ত আৰৱ গণৰাজ্য আৰু ব্ৰিটেইনৰ পৰা এই লোকসকলক উদ্ধাৰ কৰা হ'ব ৷
'বন্দে ভাৰত' অভিযানৰ তৃতীয় দিনা এয়াৰ ইণ্ডিয়াই ঢাকা, ছিংগাপুৰ, নিউয়ৰ্ক আৰু কুৱেইটলৈ চাৰিখন বিমান আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ডোহা, মাস্কাত, কুৱালা লামপুৰ, শ্বাহজাহ আৰু কুৱেইটৰ পৰা আৱদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰিব ৷
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সূচী অনুসৰি, কোচিৰ পৰা ডোহালৈ IX 475, কোচিৰ পৰা কুৱেইটলৈ IX 395, কোচিৰ পৰা মাস্কাতলৈ IX 443, তিৰুচিৰাপল্লীৰ পৰা কুৱালা লামপুৰলৈ IX 682 আৰু দিল্লীৰ পৰা শ্বাৰজাহলৈ IX 183 বিমানৰ চলাচল কৰা হ'ব ৷
একেদৰে, এয়াৰ ইণ্ডিয়াৰ সূচী অনুসৰি, ঢাকাৰ পৰা দিল্লীলৈ AI 1242, লণ্ডনৰ পৰা মুম্বাইলৈ AI 130, ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইলৈ AI 174 আৰু কুৱেইটৰ পৰা হাইদৰাবাদলৈ AI 988 বিমানৰ পৰিবহণ কৰা হ'ব ৷
উল্লেখ্য যে, এই অভিযানৰ অংশ হিচাপে 7 মে'ৰ পৰা 15 মে'ৰ ভিতৰত 12 খনকৈ দেশৰ পৰা প্ৰায় 15,000 প্ৰবাসী ভাৰতীয়ক দেশলৈ প্ৰত্যাৱৰ্তন কৰোৱা হ'ব ৷