নিউজ ডেস্কঃ লক ডাউনৰ ফলত বহু দিনৰ পৰাই বন্ধ হৈ আছে শিক্ষানুষ্ঠান সমূহ । সেয়ে শিক্ষাৰ ক্ষেত্ৰতো লোকচানৰ সন্মূখীন হৈছে শিক্ষাৰ্থী সকল । এই লোকচানৰ পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে ভিডিঅ' কনফাৰেন্স যোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া মিলিত হৈছিল দিল্লী চৰকাৰৰ অন্তৰ্গত বিশ্ববিদ্যালয় সমূহৰ উপাধ্যক্ষৰ সৈতে ।
এই আলোচনাত নতুন শিক্ষাবৰ্ষ সম্পৰ্কে আৰু এইবাৰৰ উত্তীৰ্ণ সকলৰ সংস্থাপন সম্পৰ্কেও আলোচনা কৰে ।
কিছু পৰীক্ষা বাকী থকাৰ কথা জনাই উপাধ্যক্ষ সকলে । একাংশই সংস্থাপন পাইছে কিন্তু চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাই । যাৰ বাবে তেওঁলোকে ডিগ্ৰী লাভৰ প্ৰমাণপত্ৰৰ পৰা বঞ্চিত হ'ব আৰু চাকৰিত যোগদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হ'ব ।
এনে সমস্যাৰ পৰা ৰক্ষা পাবলৈ ছাত্ৰ সকলক অস্থায়ী প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হয় ।
আনহাতে বাকী ৰোৱা পৰীক্ষা অনলাইনত অনুষ্ঠিত কৰিবৰ বাবে উপাধ্যক্ষ সকলে ইচ্চা প্ৰকাশ কৰে ।
দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই জটিল সময়ত সৰ্বতোপ্ৰকাৰে বিশ্ববিদ্যালয় সমূহক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ক্ষতি হোৱা শিক্ষাৰ পৰিত্ৰাণৰ বাবে যিমান সম্ভৱ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ বিশ্ববিদ্যালয় সমূহক আহ্বান জনায় ।
লগতে তেওঁ কয় যে, যিহেতু সামাজিক দূৰত্বই কৰ'ণা ভাইৰাছৰ পৰা বাচিব পৰা উপায়, সেয়ে বিশ্ববিদ্যালয় খোলাৰ পাচতো যাতে এই নিয়ম সমূহ মানি চলে তাৰ বাবেও আহ্বান জনাই ।