ETV Bharat / bharat

ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰীৰ গোচৰ

author img

By

Published : Aug 24, 2020, 10:09 AM IST

আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰী সকলে আদালতত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৷ চীনা এপছ্টো নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই গোচৰ ব্যৱহাৰকাৰীৰ ৷

US WeChat users sue Trump over order banning messaging app
ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাত WECHAT এপছ ব্যবহাৰকাৰীৰ আদালতত গোচৰ

নিউজ ডেস্ক, 24 আগষ্ট : সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰীয়ে ত্ৰাস চলাই থকাৰ সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে চীনা সামগ্ৰী বিৰোধী আন্দোলন ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় চীনা এপছ WECHAT ক ইতিমধ্যে ৰাষ্ট্ৰখনত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্পে ৷

আনহাতে, ৰাষ্ট্ৰপ্ৰতি গৰাকীৰ এই সিদ্ধান্তৰ পিচতে বৰ্তমান জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰখনৰ WECHAT ব্যৱহাৰকাৰী সকল ৷ আনকি, ৰাষ্ট্ৰপ্ৰতিৰ সিদ্ধান্তক বিৰোধ কৰি শুকুৰবাৰে WECHAT ব্যৱহাৰকাৰী সকলে আদালতত এক গোচৰ ৰুজু কৰিছে ৷ ব্যৱহাৰকাৰী সকলৰ ভাষ্য অনুসৰি, চৰকাৰে এই এপছ্টো নিষিদ্ধ কৰাক সিদ্ধান্ত গ্ৰহণ কৰি, জনসাধাৰণৰ বাক স্বাধীনতা তথা সাংবিধানিক অধিকাৰ উলংঘা কৰিছে ৷

ইফালে, ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্পে জনোৱা অনুসৰি, এই এপছটো যিহেতু চীনা এপছ্ গতিকে, ই সম্পূৰ্ণৰূপে ৰাষ্ট্ৰখনৰ সুৰক্ষা তথা অৰ্থনীতিৰ প্ৰতি ভাবুকি স্বৰূপ ৷

উল্লেখ্য যে, উক্ত বিষয় সন্দৰ্ভত আদালতে 20 ছেপ্তেম্বৰত গুনানি প্ৰদান কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.