নিউজ ডেস্ক, 12 জুন : শ্বেতাংগ আৰক্ষী বিষয়াৰ দ্বাৰা হোৱা আমেৰিকাৰ কৃষ্ণাংগ লোক জৰ্জ ফ্লয়েডৰ মৃত্যুৰ ঘটনাৰ পিচতে আমেৰিকা আৰু পৃথিৱীৰ বিভিন্ন চহৰ-মহানগৰত ইয়াক লৈ বিৰোধ প্ৰদৰ্শন হৈছে ৷ দৰাচলতে 25 মে'ত মিনিয়াপোলিচৰ এখন দোকানৰ বাহিৰত ফ্লয়েডক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এই সময়তে আৰক্ষী বিষয়া ডেৰেক চাউবিনে প্ৰায় দুই মিনিট সময় ফ্লয়েডৰ ডিঙি নিজৰ ভৰিৰে চেপি ৰাখিচিল ৷ ফ্লয়েডে উশাহ ল'ব পৰা নাই বুলি কৈ থকাৰ পিচটো আৰক্ষী বিষয়াগৰাকীয়ে ডিঙিটো চেপি ৰাখিছিল ৷ অৱশেষত চিকিৎসালয়ত ফ্লয়েডক মৃত ঘোষণা কৰা হয় ৷
উল্লেখনীয় যে, এই ঘটনাৰ পিচতে কোভিড-19ৰ মাজতো আমেৰিকাত ইয়াক লৈ কৃষ্ণাংগসকলে ন্যায়ৰ দাবী কৰাৰ লগতে উগ্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ 9 জুন, মঙলবাৰে ফ্লয়েডক সন্মান সহকাৰে অন্তিম বিদায় দিয়া হয় ৷ অন্তিম সংস্কাৰ কাৰ্যসূচীত আমেৰিকাত কৃষ্ণাংগসকলৰ ওপৰত হৈ অহা গোলামী আৰু নাগৰিক আন্দোলন আদি বিষয়সমূহো স্মৃতিচাৰণ কৰা হয় ৷ বিগত কিছু বৰ্ষত তামীৰ ৰাইচ, মাইকেল ব্ৰাউন আৰু এৰিক গাৰ্নাৰৰ মৃত্যুৰ পিচটো #BlackLivesMatter নামে প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ লক্ষ্যণীয় কথাটো হৈছে নিউয়ৰ্ক চহৰত কোভিড-19ৰ ফলত অধিক লোকৰ মৃত্যু হোৱাৰ সময়তো এই প্ৰতিবাদ অব্যাহত আছে ৷ 1930চনৰ মহামন্দাৰ পিচত এয়া হৈছে আৰ্থিক মন্দা আৰু সংস্থাপনহীনতাৰ এধিক বেয়া সময় ৷
এনে সময়তে ৱাশ্বিংটন ডিচিস্থিত বিশিষ্ট সাংবাদিক সীমা সিৰোহীৰ সৈতে বাৰ্তালাপত মিলিত হয় ইটিভি ভাৰতৰ সাংবাদিক স্মিতা শৰ্মা ৷ দুই দশক ধৰি আমেৰিকাত বাস কৰি থকা সীমা সিৰোহীয়ে কয় যে, আমেৰিকাৰ এইবাৰৰ প্ৰতিবাদ আৰু বিৰোধ প্ৰদৰ্শন পৃথক আৰু মহত্বপূৰ্ণ ৷ কৃষ্ণাংগ সমুদায়ৰ লোকৰ মৃত্যুৰ ঘটনাত আৰক্ষীৰ ভূমিকাক দোষী সাব্যস্ত কৰা হৈছে যদিও এইক্ষেত্ৰত কোনো স্পষ্ট প্ৰমাণ নাছিল ৷
কিন্তু জৰ্জ ফ্লয়েডৰ ক্ষেত্ৰত ভিডিঅ'ৰ স্পষ্ট প্ৰমাণ আছে আৰু এয়া একেবাৰে ভয়ানক ৷ এই ভিডিঅ'ই ৰাইজৰ মাজত অধিক পৰিমানে ক্ষোভৰ উদগীৰণ ঘটোৱাৰ লগতে 12 দিনলৈ প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিবাদ সংঘটিত হয় ৷ আৰক্ষীক বদনাম কৰাৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে ইয়াৰ এক বাস্তৱিক সমাধান বিচাৰিছে ৷ আৰক্ষীৰ কাৰ্যপন্থাৰ শুধৰণিৰ দাবী উত্থাপন হোৱাৰ লগতে আমেৰিকাৰ ডেম'ক্ৰেটিকসকলে প্ৰতিনিধি সভাত ইয়াক লৈ এখন বিধেয়ক উত্থাপন কৰিছে ৷ এইবাৰ ৰাইজ ঘৰলৈ যোৱা নাই, প্ৰতিবাদত ব্যাপকৰূপে অংশগ্ৰহণ কৰিছে ৷
সীমা সিৰোহীয়ে কয় যে, এই আন্দোলন মহামাৰীৰ মাজতে সংঘটিত হৈছে ৷ উচ্চ হাৰত সংস্থাপনহীনতাৰ বাবে আমেৰিকাৰ চাৰি কোটি জনতাই চাকৰি হেৰুৱাইছে ৷ সমাজত কি চলি আছে তাক লৈ ৰাইজে ভাবিবলৈ বাধ্য হৈ পৰিছে ৷ ভিডিঅ'ত জৰ্জ ফ্লয়েডৰ সৈতে সংঘটিত ঘটনা স্পষ্টৰূপে পৰিলক্ষিত হৈছে ৷ প্ৰদৰ্শনকাৰীসকলৰ মুখ্য দাবীৰ ভিতৰত আৰক্ষীৰ কাৰ্যপন্থাৰ সংস্কাৰৰ লগতে হিংসা আৰু অন্যান্য দিশসমূহত ব্যাপক সংস্কাৰ অন্যতম ৷ এই সংস্কাৰত আৰক্ষীৰ সন্দেহজনক লোকৰ বিৰুদ্ধে কৰা ব্যৱহাৰ আৰু সেই বিষয়ক অধিনিয়ম বন্ধ কৰাৰ দিশসমূহো আছে ৷ কিন্তু আৰক্ষীৰ কাৰ্যপন্থা সংস্কাৰৰ ক্ষেত্ৰত স্পষ্টভাৱে নাকচ কৰিছে ট্ৰাম্পে ৷ আমেৰিকাৰ 50খন ৰাজ্যৰ প্ৰান্তীয় গ্ৰামীণ অঞ্চলটো এই প্ৰতিবাদ সাব্যস্ত হৈছে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ মন্তব্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
একেসময়তে জেমছ মেটিছৰ লগতে সেনাৰ প্ৰাক্তন প্ৰমুখসকল তথা প্ৰতিৰক্ষা সচিবসকলে ট্ৰাম্পৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু বিৰোধ প্ৰদৰ্শন শান্ত কৰিবলৈ সেনাৰ প্ৰয়োগ কৰাৰ ওপৰত মন্তব্য কৰিছে ৷ অৱশ্যে প্ৰতিবাদৰ মাজতে কিছু বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে যদিও অধিকাংশ প্ৰতিবাদেই শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে সংঘটিত হৈছে ৷
সীমা সিৰোহীয়ে কয় যে, ডনাল্ড ট্ৰাম্পে আগন্তুক নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ স্থিতি পৰিৱৰ্তন কৰিব পাৰে ৷ এনেকুৱা কৰিবলৈ ট্ৰাম্পে প্ৰাক্তন ৰাষ্ট্ৰপতি নিক্সনৰ ডায়েৰীৰ এটা খণ্ড Law and Order Cardৰ প্ৰয়োগ কৰিব পাৰে ৷ ডনাল্ড ট্ৰাম্পে এই সমগ্ৰ স্থিতি এইদৰে নিয়ন্ত্ৰণ কৰিছে, যাতে তেওঁৰ ইয়াৰ দ্বাৰা লাভ হয় ৷ 1967 চনৰ ৰিচাৰ্ড নিক্সনে এই ব্যৱস্থাৰ দ্বাৰাই ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল যিটো ট্ৰাম্পেও কৰিব বিচাৰি আছে ৷ সেইসময়ত আমেৰিকাৰ কৃষ্ণাংগসকলে যিসকলে আৰক্ষী ব্যৱস্থাৰ সংস্কাৰ বিচাৰি আছিল তেওঁলোকে নিক্সনক সমৰ্থন জনাইছিল আৰু বাস্তৱত আৰক্ষীৰ পৰা অধিক সুবিধা আশা কৰিছিল ৷ সিৰোহীয়ে কয় যে, আপোনাৰ কাষলৈ আৰক্ষী কিয় নাহিব ? এজনে-আনজনক হত্যা কৰিলে তেওঁলোক অপৰাধী, চুৰি কৰিলেও তেওঁলোক অপৰাধী, আৰু ইয়াৰ বাবে আৰক্ষীৰ সহায় লাগে ? এয়া এক অদ্ভূট দাবী ৷ আৰক্ষী সংস্কাৰৰ কি গুৰুত্ব আছে ?
আমেৰিকা, ব্ৰিটেইনকে ধৰি ফ্ৰান্সলৈ বিশ্বৰ প্ৰমুখ চহৰসমূহত সংঘটিত বিৰোধে দেহৰ ৰঙৰ আধাৰত সম্প্ৰদায়ক দাসত্ব আৰু ভেদভাৱ কৰা, ঔপনিৱেশিক অতীত আদি বিভিন্ন দিশ সামৰি লৈছে ৷ 17শ শতিকাৰ ব্ৰিটিছ গুলাম ব্যৱসায়ী এডৱাৰ্ড কালষ্টনৰ প্ৰতিমাটো দেওবাৰে ব্ৰিটেইনৰ ব্ৰিষ্টলৰ প্ৰতিবাদকাৰীসকলে ওফৰাই দিয়ে ৷
ভাৰততো ধাৰ্মিক আৰু বিশ্বাসৰ আধাৰত ভেদভাৱক লৈ প্ৰদৰ্শিত বিৰোধত আমেৰিকাত সংঘটিত এই প্ৰতিবাদে কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰ সীমা সিৰোহীয়ে কয় যে, ইণ্ডো-আমেৰিকান সম্প্ৰদায় আমেৰিকাৰ ৰাজনৈতিক দিশত অধিক সক্ৰিয় স্থানত আছে ৷ তেওঁ কয় যে, প্ৰিয়ংকা চোপ্ৰাৰ দৰে ব্যক্তিয়ে #BlackLivesMatterক লৈ প্ৰতিবাদ কৰিছে ৷ কিন্তু ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংঘটিত প্ৰতিবাদৰ পিচত সংখ্যালঘু আৰু ছাত্ৰসকলৰ ওপৰত সংঘটিত আৰক্ষীৰ হিংস্ৰতাৰ ওপৰত কোনেও প্ৰতিবাদ কৰা নাই ৷ সিৰোহীয়ে কয় যে, প্ৰিয়ংকাই আজি #BlackLivesMatterক লৈ প্ৰতিবাদ কৰিছে কিন্তু ভাৰতত সংঘটিত বিৰোধক লৈ চুপ-চাপ আছে ৷ দৰাচলতে প্ৰিয়ংকা চোপ্ৰাই বিজেপি চৰকাৰক সমৰ্থন কৰিছে ৷ আমেৰিকাত থকা ভাৰতীয় যুৱপ্ৰজন্মৰ বহুতেই ডেম'ক্ৰেটিকৰ ফালে আছে আৰু বহুতেই বামপন্থীসকলৰ সমৰ্থনত আছে ৷ যদিহে তেওঁলোকে নিজৰ আচল ৰূপ প্ৰদৰ্শন কৰে তেতিয়া ভাৰত চৰকাৰৰ ওপৰত ইয়াৰ বহুটো হেঁচা পৰিব ৷ যদিহে নৱেম্বৰত ডেম'ক্ৰেটছে জয়লাভ কৰে তেতিয়া কাহিনী অন্যফালে ঢাল খাব ৷