ETV Bharat / bharat

আমেৰিকা-ইৰাণৰ সংঘাত আৰু ভাৰতবৰ্ষ

আমি কাৰো পক্ষ নোলোৱাকৈ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ হকে কাম কৰিব লাগিব । দুয়োপক্ষক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱা আঠখন দেশৰ ভিতৰত সম্ভৱতঃ ভাৰতবৰ্ষই এই সংঘাত মষিমূৰ কৰিবলৈ সক্ৰিয়ভাৱে জড়িত হ’ব পৰাকৈ উপযুক্ত স্থানত আছে । আমাৰ আমেৰিকাৰ সৈতে কৌশলগত সম্পৰ্ক থকাৰ বিপৰীতে ইৰাণৰ সৈতে সভ্যতাৰ ফালৰ পৰা সম্পৰ্ক আছে । দুয়োখন দেশৰ সৈতে এই সম্পৰ্ক তিক্ত হোৱা নাই ।

author img

By

Published : Jan 7, 2020, 1:57 PM IST

আমেৰিকা-ইৰাণৰ সংঘাত আৰু ভাৰতবৰ্ষ
আমেৰিকা-ইৰাণৰ সংঘাত আৰু ভাৰতবৰ্ষ

মধ্য প্ৰাচ্যত সংঘাতৰ সূচনাৰে নতুন বছৰটোৰ আৰম্ভণি ঘটিছে । ২০১৮ চনৰ মে’ মাহত ডনাল্ড ট্ৰাম্পে ওবামা প্ৰশাসনে দেশ দুখনৰ মাজত স্বাক্ষৰিত কৰা পাৰমাণৱিক চুক্তি বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰে পৰা আৰম্ভ হোৱা সংঘাতে বৰ্তমান পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে। আই আৰ জি চি অৰ্থাৎ ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ড ক’ৰ্পচৰ কমাণ্ডাৰ মেজৰ জেনেৰেল কাছিম চুলেমানী আৰু পপুলাৰ ম’বিলাইজেশ্যন ফ’ৰ্চৰ কমাণ্ডাৰ আবু মুহাদি আলী মুহান্দিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত বাগদাদ বিমান বন্দৰৰ সমীপত মৃত্যু হোৱাৰ পাছত এই যুদ্ধকালীন পৰিৱেশ তাৎক্ষণিকভাৱে সৃষ্টি হয়। ইৰাণী সেনা বাহিনীৰ দুগৰাকী সুদক্ষ নেতাৰ মৃত্যু হোৱাত তেওঁলোকে এই মৃত্যুৰ প্ৰতিশোধ লোৱাৰ পণ গ্ৰহণ কৰিছে । আনহাতে ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ নহয়,শেষ কৰাৰ উদ্দেশ্যেহে অনাগত দিনত দেশখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

US-Iran standoff and India
মেজৰ জেনেৰেল কাছিম চুলেমানী

প্ৰকৃততে দেশ দুখনৰ মাজত সংঘাত ১৯৭৯ চনত ইছলামিক বিপ্লৱ তথা এই বিপ্লৱৰ ফলত আমেৰিকাৰ শক্তিশালী মিত্ৰ শ্বাহ ৰেজা পেহেলভিৰ চৰকাৰৰ পতন হোৱাৰ দিনৰে পৰা চলি আহিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই লগে লগে ইৰাণৰ সৈতে কূটনৈতিক সম্পৰ্ক ত্যাগ কৰে আৰু তেতিয়াৰে পৰা ইৰাণত আমেৰিকাৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰি আহিছে তেহৰাণত থকা পাকিস্তানী দূতাবাসে। এই তিক্ত সম্পৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰে ১৯৯৫ চনত যেতিয়া আমেৰিকাই চিয়া ইৰাণৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰে। এই তিক্ততাৰ আন এক কাৰণ হৈছে-আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ দেশ চৌদি আৰৱৰ নেতৃত্বাধীন অধিকাংশ চুন্নী জি চি চি দেশে অঞ্চলটোত তেলৰে চহকী ইৰাণৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰা হোৱাটো নিবিচাৰে। সেই সময়ত চৌদি আৰৱৰ তেলৰ সৰ্বাধিক ক্ৰেতা হিচাপে আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সৰ্ববাধিক অস্ত্ৰ ক্ৰেতা হিচাপে চৌদি আৰৱে ইৰাণক সমস্যাত পেলাবৰ বাবে প্ৰভাৱশালী ইহুদী ব্যৱসায়িক লবীটোক কামত লগায় । কিন্তু ২০১৫ চনত ইৰাণৰ পাৰমাণৱিক ইন্ধন উৎপাদন হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি কৰ্তৃপক্ষৰ দ্বাৰা নিয়মীয়া পৰীক্ষণ নিশ্চিত কৰাৰ উদ্দেশ্যে বাৰাক ওবামাই ইৰাণৰ সৈতে এক পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি ইৰাণে যে ইয়াৰ দায়বদ্ধতা পালন কৰি আছে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে প্ৰমাণিত কৰিব লাগিছিল। কিন্তু প্ৰায় এবছৰ প্ৰমাণ বা অনুমোদন প্ৰদান কৰি অহাৰ পাছত নিৰ্বাচনৰ সময়ত ইয়াক ‘বিপজ্জনক’ আৰু ‘সৰ্বকালৰ নিকৃষ্ট চুক্তি’ বুলি আখ্যা দিয়া ট্ৰাম্পে ইউৰোপিয়ান ইউনিয়ন, ফ্ৰান্স,ৰাছিয়া, চীন, ব্ৰিটেইন আৰু জাৰ্মানীৰ সমালোচনা সত্বেও চুক্তিখন বাতিল কৰে । ইয়াৰ অজুহাত হিচাপে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ এক ভাষ্যক গ্ৰহণ কৰা হৈছিল । ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ইৰাণে নিজৰ দায়বদ্ধতা পালন কৰা নাই । এই কথাত স্বাভাৱিকতে ইৰাণ ক্ষোভিত হৈ পৰে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এটা ঘটনাই আন এক ঘটনাৰ সৃষ্টি কৰে আৰু বৰ্তমান মধ্য প্ৰাচ্যক ইৰাণৰ পৰা ৰক্ষা কৰাৰ নামত ১৮,০০০ মাৰ্কিন সৈন্যই বিচৰণ কৰি আছে ।

US-Iran standoff and India
জেনেৰেল কাছিম চুলেমানীৰ মৃত্যুত ওলাই আহিল হাজাৰ হাজাৰ লোক

লগতে পঢ়কঃপৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল

যদি এই সংঘাতে যুদ্ধৰ পৰ্যায় লাভ কৰে তেন্তে ইয়াৰ ফলত ভাৰতবৰ্ষ কেনেদৰে প্ৰভাৱিত হ’ব ? আমেৰিকাক জড়িত কৰাই এখন পূৰ্ণাংগ যুদ্ধৰ সম্ভাৱনা তেনেই ক্ষীণ । আমেৰিকাই এতিয়াও সম্পূৰ্ণৰূপে ইৰাক বা আফগানিস্তান ত্যাগ কৰিব পৰা নাই বা উত্তৰ কোৰিয়াৰ সৈতে পাৰমাণৱিক বিষয় আৰু চীনৰ সৈতে বাণিজ্যিক সংঘাতৰ সমাধান কৰিব পৰা নাই । তেনে পৰিস্থিতি কোনো উন্মাদ আমেৰিকান নেতাই আন এক যুদ্ধ ক্ষেত্ৰ সৃষ্টি কৰিব নিবিচাৰিব। কিন্তু যদিহে যুদ্ধ সংঘটিত হয় তেন্তে আৰৱীয় দেশসমূহৰ পৰা তেল সৰবৰাহৰ জীৱন ৰেখা স্বৰূপ হৰমূজৰ জৰিয়তে তেলৰ টেংকাৰৰ চলাচলত বাধাপ্ৰাপ্ত হ’ব আৰু তেলৰ দাম বৃদ্ধি পাব। এয়া যুদ্ধ অবিহনে ইতিমধ্যে আৰম্ভ হৈছে। যাৰ ফলত আমাৰ অৰ্থনীতিত ভয়াৱহ প্ৰভাৱ পৰিব। মধ্য প্ৰাচ্যত কৰ্মৰত প্ৰায় চাৰি মিলিয়ন ভাৰতীয়ৰ ভৱিষ্যতো বিপদাপন্ন হৈ পৰিব । এই লোকসকলৰ প্ৰত্যাৱৰ্তনৰ ফলতো আমাৰ অৰ্থনীতি অধিক ক্ষতিগ্ৰস্ত হ’ব ।

US-Iran standoff and India
ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ নহয়

আৰু পঢ়কঃৰঙাপৰাৰ লাডেনৰ নতুন নাম 'লাচিত'

তেনে এক আতংকময় পৰিৱেশত আমি কি কৰা উচিত ? আমাৰ উপায়সমূহ সীমিত। আমি কাৰো পক্ষ নোলোৱাকৈ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ হকে কাম কৰিব লাগিব । দুয়োপক্ষক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱা আঠখন দেশৰ ভিতৰত সম্ভৱতঃ ভাৰতবৰ্ষই এই সংঘাত মষিমূৰ কৰিবলৈ সক্ৰিয়ভাৱে জড়িত হ’ব পৰাকৈ উপযুক্ত স্থানত আছে । আমাৰ আমেৰিকাৰ সৈতে কৌশলগত সম্পৰ্ক থকাৰ বিপৰীতে ইৰাণৰ সৈতে সভ্যতাৰ ফালৰ পৰা সম্পৰ্ক আছে । দুয়োখন দেশৰ সৈতে এই সম্পৰ্ক তিক্ত হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পৰিচয় আৰু বিখ্যাত কূটনীতিবিদ এছ জয়শংকৰৰ দৰে ব্যক্তি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকা কালতে আমাৰ অৰ্থনৈতিক স্বাৰ্থক সুৰক্ষা প্ৰদান কৰিবলৈ আমাৰ মধ্যস্থতাকাৰীৰ দক্ষতাক ব্যৱহাৰ কৰিব লাগিব। আমাৰ লগত একমত নহ’লেও দুয়ো পক্ষই মন দি কথাবোৰ শুনিব। সমান্তৰালভাৱে খাৰুৱা তেলৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ আমি আন ফলপ্ৰসূ উপায়ৰো সন্ধান কৰিব লাগিব। তেলৰ আন এখন বৃহৎ উৎপাদনকাৰী দেশ ভেনিজুৱেলাত আমেৰিকাৰ নিষেধাজ্ঞা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নাইজেৰিয়া,ব্ৰাজিল বা অংগোলা আদিৰ পৰা আমাৰ তেলৰ যোগান সমৃদ্ধ কৰিব পাৰো। মধ্য প্ৰাচ্যত পৰিস্থিতিৰ অৱনতিয়ে যাতে আমাৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সৌৰশক্তিৰ উৎপাদন আৰু তেলৰ বিকল্প আন উপায়সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে ।

লগতে চাওকঃওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমণ

Intro:Body:

US-Iran standoff and India

আমেৰিকা-ইৰাণৰ সংঘাত আৰু ভাৰতবৰ্ষ

মধ্য প্ৰাচ্যত সংঘাতৰ সূচনাৰে নতুন বছৰটোৰ আৰম্ভণি ঘটিছে ।২০১৮ চনৰ মে’ মাহত ডনাল্ড ট্ৰাম্পে ওবামা প্ৰশাসনে দেশ দুখনৰ মাজত স্বাক্ষৰিত কৰা পাৰমাণৱিক চুক্তি বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰে পৰা আৰম্ভ হোৱা সংঘাতে বৰ্তমান পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে । আই আৰ জি চি অৰ্থাৎ ইছলামিক ৰিভলশ্যুনাৰী গাৰ্ড ক’ৰ্পচৰ কমাণ্ডাৰ মেজৰ জেনেৰেল কাছিম চুলেমানী আৰু পপুলাৰ ম’বিলাইজেশ্বন ফ’ৰ্চৰ কমাণ্ডাৰ  আবু মুহাদি আলী মুহান্দিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত বাগদাদ বিমান বন্দৰৰ সমীপত মৃত্যু হোৱাৰ পাছত এই যুদ্ধকালীন পৰিৱেশ তাৎক্ষণিকভাৱে সৃষ্টি হয় । ইৰাণী সেনা বাহিনীৰ দুগাৰকী সুদক্ষ নেতাৰ মৃত্যু হোৱাত তেওঁলোকে এই মৃত্যুৰ প্ৰতিশোধ লোৱাৰ পণ গ্ৰহণ কৰিছে । আনহাতে ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ নহয়, শেষ কৰাৰ উদ্দেশ্যেহে অনাগত দিনত দেশখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।        

প্ৰকৃততে দেশ দুখনৰ মাজত সংঘাত ১৯৭৯ চনত ইছলামিক বিপ্লৱ তথা এই বিপ্লৱৰ ফলত আমেৰিকাৰ শক্তিশালী মিত্ৰ শ্বাহ ৰেজা পেহেলভিৰ চৰকাৰৰ পতন হোৱাৰ দিনৰে পৰা চলি আহিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই লগে লগে ইৰাণৰ সৈতে কূটনৈতিক সম্পৰ্ক ত্যাগ কৰে আৰু তেতিয়াৰে পৰা ইৰাণত আমেৰিকাৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰি আহিছে তেহৰাণত থকা পাকিস্তানী দূতাবাসে । এই তিক্ত সম্পৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰে ১৯৯৫ চনত যেতিয়া আমেৰিকাই চিয়া ইৰাণৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰে । এই তিক্ততাৰ আন এক কাৰণ হৈছে-আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ দেশ চৌদি আৰৱৰ নেতৃত্বাধীন অধিকাংশ চুন্নী জি চি চি দেশে অঞ্চলটোত তেলৰে চহকী ইৰাণৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা হোৱাটো নিবিচাৰে । সেই সময়ত চৌদি আৰৱৰ তেলৰ সৰ্বাধিক ক্ৰেতা হিচাপে আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰকা সৰ্ববাধিক অস্ত্ৰ ক্ৰেতা হিচাপে চৌদি আৰৱে ইৰাণক সমস্যাত পেলাবৰ বাবে প্ৰভাৱশালী ইহুদী ব্যৱসায়িক লবীটোক কামত লগায় । কিন্তু ২০১৫ চনত ইৰাণৰ পাৰমাণৱিক ইন্ধন উৎপাদন হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি কৰ্তৃপক্ষৰ দ্বাৰা নিয়মীয়া পৰীক্ষণ নিশ্চিত কৰাৰ উদ্দেশ্যে বাৰাক ওবামাই ইৰাণৰ সৈতে এক পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তি অনুসৰি ইৰাণে যে ইয়াৰ দায়বদ্ধতা পালন কৰি আছে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে প্ৰমাণিত কৰিব লাগিছিল । কিন্তু প্ৰায় এবছৰ প্ৰমাণ বা অনুমোদন প্ৰদান কৰি অহাৰ পাছত নিৰ্বাচনৰ সময়ত ইয়াক ‘বিপজ্জনক’ আৰু ‘সৰ্বকালৰ নিকৃষ্ট চুক্তি’ বুলি আখ্যা দিয়া ট্ৰাম্পে ইউৰোপিয়ান ইউনিয়ন, ফ্ৰান্স,ৰাছিয়া, চীন, ব্ৰিটেইন আৰু জাৰ্মানীৰ সমালোচনা সত্বেও চুক্তিখন বাতিল কৰে । ইয়াৰ অজুহাত হিচাপে ইছৰাইলৰ প্ৰধানমন্ত্ৰী নাতান্যাহুৰ এক ভাষ্যক গ্ৰহণ কৰা হৈছিল । ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ইৰাণে নিজৰ দায়বদ্ধতা পালন কৰা নাই । এই কথাত স্বাভাৱিকতে ইৰাণ ক্ষোভিত হৈ পৰে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এটা ঘটনাই আন এক ঘটনাৰ সৃষ্টি কৰে আৰু বৰ্তমান মধ্য প্ৰাচ্যক ইৰাণৰ পৰা ৰক্ষা কৰাৰ নামত ১৮,০০০ মাৰ্কিন সৈন্যই বিচৰণ কৰি আছে । 

যদি এই সংগাতে যুদ্ধৰ পৰ্যায় লাভ কৰে তেন্তে ইয়াৰ ফলত ভাৰতবৰ্ষ কেনেদৰে প্ৰভাৱিত হ’ব?  আমেৰিকাক জড়িত কৰাই এখন পূৰ্ণাংগ যুদ্ধৰ সম্ভাৱনা তেনেই ক্ষীণ । আমেৰিকাই এতিয়াও সম্পূৰ্ণৰূপে ইৰাক বা আফগানিস্তান ত্যাগ কৰিব পৰা নাই বা উত্তৰ কোৰিয়াৰ সৈতে পাৰমাণৱিক বিষয় আৰু চীনৰ সৈতে বাণিজ্যিক সংঘাতৰ সমাধান কৰিব পৰা নাই । তেনে পৰিস্থিতি কোনো উন্মাদ আমেৰিকান নেতাই আন এক যুদ্ধ ক্ষেত্ৰ সৃষ্টি কৰিব নিবিচাৰিব । কিন্তু যদিহে যুদ্ধ সংঘটিত হয় তেন্তে আৰৱীয় দেশসমূহৰ পৰা তেল সৰবৰাহৰ জীৱন ৰেখা স্বৰূপ হৰমূজৰ জৰিয়তে তেলৰ টেংকাৰৰ চলাচল বাধাপ্ৰাপ্ত হ’ব আৰু তেলৰ দাম বৃদ্ধি পাব । এয়া যুদ্ধ অবিহনে ইতিমধ্যে আৰম্ভ হৈছে । যাৰ ফলত আমাৰ অৰ্থনীতিত ভয়াৱহ প্ৰভাৱ পৰিব । মধ্য প্ৰাচ্যত কৰ্মৰত প্ৰায় চাৰি মিলিয়ন বাৰতীয়ৰ ভৱিষ্যতো বিপদাপন্ন হৈ পৰিব ।এই লোকসকলৰ প্ৰত্যাৱৰ্তনৰ ফলতো আমাৰ অৰ্থনীতি অধিক ক্ষতিগ্ৰস্ত হ’ব । 

  তেনে এক আতংকময় পৰিৱেশত আমি কি কৰা উচিত? আমাৰ উপায়সমূহ সীমিত । আমি কাৰো পক্ষ নোলোৱাকৈ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ হকে কাম কৰিব লাগিব । দুয়োপক্ষক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱা আঠখন দেশৰ ভিতৰত সম্ভৱতঃ ভাৰতবৰ্ষই এই সংঘাত মষিমূৰ কৰিবলৈ সক্ৰিয়ভাৱে জড়িত হ’ব পৰাকৈ উপযুক্ত স্থানত আছে । আমাৰ আমেৰিকাৰ সৈতে কৌশলগত সম্পৰ্ক থকাৰ বিপৰীতে ইৰাণৰ সৈতে সভ্যতাৰ ফালৰ পৰা সম্পৰ্ক আছে । দুয়োখন দেশৰ সৈতে এই সম্পৰ্ক তিক্ত হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পৰিচয় আৰু বিখ্যাত কূটনীতিবিদ এছ জয়শংকৰৰ দৰে ব্যক্তি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকা কালতে আমাৰ অৰ্থনৈতিক স্বাৰ্থক সুৰ৭া প্ৰদান কৰিবলৈ আমাৰ মধ্যস্তকাৰীৰ দক্ষতাক ব্যৱহাৰ কৰিব লাগিব । আমাৰ লগত একমত নহ’লেও দুয়ো পক্ষই মন দি কথাবোৰ শুনিব ।সমান্তৰালভাৱে খাৰুৱা তেলৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ আমি আন ফলপ্ৰসূ উপায়ৰো সন্ধান কৰিব লাগিব । তেলৰ আন এখন বৃহৎ উৎপাদনকাৰী দেশ ভেনিজুৱেলাত আমেৰিকাৰ নিষেধাজ্ঞা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নাইজেৰিয়া, ব্ৰাজিল বা অংগোলা আদিৰ পৰা আমাৰ তেলৰ যোগান সমৃদ্ধ কৰিব পাৰোঁ । মধ্য প্ৰাচ্যত পৰিস্থিতিৰ অৱনতিয়ে যাতে আমাৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সৌৰশক্তিৰ উৎপাদন আৰু তেলৰ বিকল্প আন উপায়সমূহৰ ওপৰত ্দিক গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে । 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.