নিউজ ডেক্স, 23 অক্টোবৰঃ মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিতীয় বাৰ্ষিক সন্মিলনৰ পাচত আমেৰিকা আৰু ভাৰতৰ কৌশলগত সহযোগিতা সন্থা চমুকৈ USISPF ৰ সভাপতি মুকেশ আঘিয়ে দুয়োখন দেশৰ মাজত অতি শীঘ্ৰে সীমিত বাণিজ্যিক চুক্তি সম্পাদন হোৱাৰ আশা প্ৰকাশ কৰে ৷ ভাৰতৰ কেবিনেট মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু পীয়ুষ গোৱেলে সন্মিলনৰ শুভাৰম্ভ কৰে ৷ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মা আৰু মুকেশ আঘিৰ মাজত হোৱা সাক্ষাৎকাৰত সভাপতিগৰাকীয়ে কয় যে,কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিলে আমেৰিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰই কাশ্মীৰত ব্যৱসায়ৰ বাবে আগবাঢ়ি আহিব ৷ আঘিৰ লগতে সন্থাৰ কেইবাজনো সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পাচত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰিবলৈ বিনিয়োগকাৰীৰ অংশীদাৰিত্বৰ কথা উল্লেখ কৰে বুলি জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড'নাল্ড ট্ৰাম্পক ৰাজনৈতিক সহযোগিতা প্ৰদান কৰিবৰ বাবে হিউষ্টন চহৰলৈ যোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ৷
মুকেশ আঘিৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ দিয়া হ'ল-
প্ৰশ্নঃ ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সহযোগিতা বৰ্তমান কি পৰ্যায়ত আছে? এই ক্ষেত্ৰত প্ৰত্যাহ্বান কেনেধৰণৰ?
উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ মাজত পৃথক বাণিজ্যিক চুক্তি সম্পাদন কৰা হ'ব ৷ এই বৰ্ষত আমি বাণিজ্যৰ ক্ষেত্ৰত 142 বিলিয়ন আমেৰিকান ডলাৰৰ পৰা 160 বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ আশা কৰিছো ৷ শেষ চতুৰ্থাংশত আমেৰিকাই ভাৰতলৈ 30 শতাংশ ৰপ্তানি কৰিছে ৷ সামগ্ৰিকভাৱে বাণিজ্যিক হাৰ 16 শতাংশলৈ বৃদ্ধি পাইছে ৷ ভাৰতত থকা আমেৰিকান কোম্পানীসমূহৰ বেছি সংখ্যকৰে বিকাশৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ আমি বাণিজ্যিক চুক্তি আৰু অধিক সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজন আছে ৷ মই বুজি পোৱা অনুসৰি বাণিজ্যিক পাৰ্থক্য এতিয়া একেবাৰে কম ৷ এই বৰ্ষৰ নৱেম্বৰ অথবা ডিচেম্বৰ মাহত আমি দুয়ো দেশৰ মাজত এখন চুক্তি সম্পাদন কৰিম ৷
প্ৰশ্নঃ আমি শুনা মতে USISPFৰ সন্মিলনত মন্ত্ৰী পীয়ুষ গোৱেল আৰু ডঃ এছ জয়শংকৰৰ তৰফৰ পৰা বাণিজ্যিক চুক্তিৰ আশ্বাস প্ৰদান কৰা হৈছিল ৷ এই ক্ষেত্ৰত চুক্তিৰ সীমাবদ্ধতা ৰোধ কৰাৰ বাবে দুয়ো দেশৰ মাজত কিবা মূল পাৰ্থক্য আছে নে?
উত্তৰঃ এই ক্ষেত্ৰত কিছু সীমাৰেখা নথকা নহয় ৷ ঔষধৰ ক্ষেত্ৰত ভাৰতৰ সীমাবদ্ধতা আছে ৷ আমেৰিকাইও আপেল আৰু কাজু বাদামৰ ৰপ্তানিৰ বাবে সীমাৰেখা নিৰ্ধাৰণ কৰাৰ বাবে চেষ্টা চলাই আছে ৷ তেওঁলোকক মাত্ৰ সঠিক ভাৰসাম্যতা ৰক্ষা কৰা কেনেদৰে সম্ভৱ সেয়া বিচাৰি উলিওৱাৰ প্ৰয়োজন হৈ পৰিছে ৷ আৰু মই ভাৱো দুয়ো পক্ষই নিজা নিজা ধৰণে কামখিনি কৰিব ৷
প্ৰশ্নঃ USISPFৰ সন্মিলনত পীয়ুষ গোৱেলে কৈছিল যে, তেওঁ 30 মে' তাৰিখলৈকে Trade শব্দৰ T আখৰটোৰ বিষয়েও জনা নাছিল আৰু Lighthizer য়ে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে ৷ সমালোচক সকলে কয় যে, বাণিজ্যিক চুক্তি মানৱীয়তাৰ ভিত্তিত নহয়, কূটনৈতিক ভিত্তিতহে হয় ৷ আপুনি কি ভাৱে?
উত্তৰঃ মই ঠিক সেইদৰে নাভাৱো ৷ Mr.Lighthizer ৰ সমান্তৰালকৈ পীয়ুষ গোৱেলো যথেষ্ট তীক্ষ্ন ৷ সেইবাবে ইয়াত মই গুৰুত্ব দিব লাগে বুলি নাভাৱো ৷
প্ৰশ্নঃ আমেৰিকা-চীনৰ বাণিজ্যিক যুদ্ধৰ পৰা ভাৰতৰ কিবা লাভ হোৱাৰ সম্ভাৱনা আছেনে?
উত্তৰঃ ভাৰতে কৰৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিছে ৷ এই মাহৰ শেষৰ ফালে আহিবলগা নতুন উৎপাদনৰ বাবে 17 শতাংশ কৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ভাৰতে শ্ৰমিক সংস্কাৰ আৰু ভূমি সংস্কাৰৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিন্তু চীনৰ লগত হোৱা ভাৰতৰ কৌশলগত স্থিতিক আমেৰিকাৰ অতি কমেও 200 কোম্পানীয়ে গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি আছে বুলি আমাৰ অনুভৱ হয় ৷ আমাৰ সমীক্ষা মতে,21 বিলিয়ন ডলাৰতকৈও অধিক বিনিয়োগকাৰী কোম্পানীয়ে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ আহিব ৷ মই ভাৱো কেৱল ভাৰতৰ উৎপাদনী পৰিৱেশৰ বাবেই তেওঁলোক ইয়ালৈ নাহে,বৰঞ্চ ভাৰতৰ বজাৰত চীনৰ নিম্নগামী চাহিদাৰো সুযোগ গ্ৰহণ কৰাটোও তেওঁলোকৰ অন্যতম উদ্দেশ্য ৷ মুঠৰ ওপৰত সামগ্ৰিকভাৱে ব্যৱসায়িক দৃষ্টিভংগীৰে চাবলৈ গ'লে ভাৰতৰ উৎপাদনী বিকাশৰ বাবে আমি বহু সংখ্যক বিদেশী বিনিয়োগকাৰী ভাৰতলৈ অহাটো আশা কৰিব পাৰো ৷
প্ৰশ্নঃ তেন্তে ইণ্ডোনেছিয়া, ভিয়েটনাম আদিৰ ফালে ব্যৱসায় কিয় গতি কৰিছে? ভাৰতে আৰু কি কৰাৰ প্ৰয়োজন আছে?
উত্তৰঃ ভিয়েটনাম,থাইলেণ্ড বা বাংলাদেশলৈ অতি ক্ষুদ্ৰ উৎপাদন সম্পন্ন সমূহহে গতি কৰিছে? উচ্চ দক্ষতা সম্পন্ন অভিযান্ত্ৰিক কৌশলসমূহ যোৱা নাই ৷ সেয়া তেওঁলোকে ভাৰততহে বিচাৰি পাব ৷ আমি উচ্চ দক্ষতা সম্পন্ন শ্ৰমিক আৰু প্ৰয়োজনীয় ভূমিৰ ব্যৱস্থা কৰি উপযোগী পৰিৱেশ সৃষ্টি কৰিব পাৰিলে বৃহৎ বিদেশী বিনিয়োগকাৰী সকল ভাৰতলৈহে আহিব ৷ আমি এতিয়া বাণিজ্যিক ক্ষেত্ৰত 77 নম্বৰত আছো কিন্তু চীনে 26 নম্বৰ দখল কৰিছে ৷ আমি অতি সোনকালে এই পাৰ্থক্য নাইকিয়া কৰিব লাগিব আৰু কিদৰে প্ৰথম 50 টা স্থান দখল কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগিব ৷
প্ৰশ্নঃ আপোনাৰ লগতে আমেৰিকাৰ বহু কেইজন ব্যৱসায়ীৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰত কেনে ধৰণৰ কথা আলোচনা কৰা হ'ল?
উত্তৰঃ আমাক ব্যৱসায়ীৰ প্ৰয়োজন যিয়ে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিব পাৰে ৷ আমি ভাৰতবৰ্ষৰ অৰ্থনীতি দুগুণ কৰিবলৈ সকলো ফালৰ পৰাই চেষ্টা কৰিছো ৷ 5 বা 10 বছৰৰ ভিতৰত ভাৰতে 5 ত্ৰিলিয়ন ডলাৰৰ অধিকাৰী হ'ব ৷ আমি এই যাত্ৰাৰ অংশীদাৰ হ'ব বিচাৰো ৷ প্ৰধানমন্ত্ৰীয়ে কৈছে যে, আমাৰ গণতন্ত্ৰ আৰু মগজু দুয়োটা আছে ৷ ভাৰতৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড কিদৰে উন্নত কৰিব পাৰি তাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে ৷ আমাৰ হাতত বিনিয়োগকাৰী বহু সংখ্যক কোম্পানীৰ সদস্য আছে যিয়ে ভাৰতৰ বিকাশত সহায় কৰিব পাৰিব ৷
প্ৰশ্নঃ অনুচ্ছেদ 370 বাতিলৰ পাচত চৰকাৰৰ ফালৰ পৰা জম্মু-কাশ্মীৰত আমেৰিকান বিনিয়োগকাৰীৰ প্ৰসংগটোৰ প্ৰচাৰ চলোৱা হৈছে নেকি ?
উত্তৰঃ জম্মু-কাশ্মীৰত বিনিয়োগ কৰিবলৈ আমেৰিকান কোম্পানীসমূহ যথেষ্ট ইচ্ছুক ৷ তাত পৰ্যটন উদ্যোগ শক্তিশালী কৰিব পৰাকৈ পৰ্যাপ্ত সুবিধা আছে ৷ আমি জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইত বিনিয়োগকাৰীৰ সন্মিলন অনুষ্ঠিত হোৱাটোও দেখিম ৷ মানৱ অধিকাৰৰ নামত কিছু সংখ্যক লোকে তাত শোষণ অব্যাহত ৰাখিব বিচাৰে ৷ কিন্তু, যোৱা 70 দিনত আমি কাশ্মীৰত কোনো ধৰণৰ হত্যা-লুণ্ঠন দেখিবলৈ নাপালো ৷ জম্মু-কাশ্মীৰত দীৰ্ঘদিনৰ পৰা স্থিতাৱস্থা বাহাল আছিল ৷ কিন্তু এতিয়া এই সকলো পৰিৱৰ্তন হৈছে ৷ আমি যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰাখিছো ৷ অতি শীঘ্ৰে আমেৰিকান কোম্পানীয়ে কাশ্মীৰলৈ আহিব আৰু বিনিয়োগৰ জৰিয়তে এখন বজাৰ সৃষ্টি কৰিব ৷
প্ৰশ্নঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আমেৰিকা যাত্ৰাৰ সময়ত কিছু আমেৰিকান আইনবিদে ট্ৰাম্প প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰি ভাৰতৰ বাবে আংশিকভাৱে GSP ( (Generalised System of Preferences) ৰ পুনৰ সংস্থাপন কৰিবলৈ অনুৰোধ জনাইছিল ৷ GSP বাতিলৰ ফলত ভাৰত কিদৰে ক্ষতিগ্ৰস্ত হৈছে ?
উত্তৰঃ ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত GSP বাতিলে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই ৷ আমেৰিকাৰ আমদানকাৰীসকলে ট্ৰাম্প প্ৰশাসনক GSP পুনৰ ঘূৰাই আনিবলৈ হেঁচা প্ৰয়োগ কৰিছে ৷ আমি দেখিবলৈ পোৱা মতে, GSP ঘূৰাই আনিবলৈ ইতিমধ্যে চৰ্ত আৰোপ কৰা হৈছে আৰু আংশিকভাৱে এই ক্ষেত্ৰত সহযোগিতাও কৰা হৈছে ৷
প্ৰশ্নঃ ৰিপাব্লিকান নিৰ্বাচনী কমিটিয়ে হিউষ্টন সমাৱেশক ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপেহে প্ৰক্ষেপ কৰিলে ৷ এইটো কিমান দূৰ শুদ্ধ বুলি ভাৱে ?
উত্তৰঃ মই সেইদৰে নাভাবো ৷ ট্ৰাম্পে কিয় হিউষ্টন চহৰ বাছি লৈছিল সেয়া আমি বুজি পাব লাগিব ৷ কেৱল 14 শতাংশ ভাৰতীয় মূলৰ আমেৰিকানেহে যোৱা নিৰ্বাচনত ৰিপাব্লিকানক ভোট দিছিল ৷ তাৰোপৰি আমেৰিকাৰ নিৰ্বাচনলৈ তেওঁলোকৰ অৱদানো যথেষ্ট নহয় ৷ সংখ্যা হিচাপত সেয়া মাত্ৰ 50 হাজাৰ মানহে হ'ব ৷ সেয়ে মই প্ৰধানমন্ত্ৰী মোডীয়ে ড'নাল্ড ট্ৰাম্পক নিৰ্বাচনত সহায় কৰিবৰ বাবে গৈছিল বুলি নাভাৱো ৷ আনকি অনুষ্ঠানত তেওঁ ডেমক্ৰেট্ৰিক দলৰ নেতা Nancy Pelosiকো সম্ভাষণ জনাইছিল ৷ Nancy Pelosi য়ে ভাৰতবৰ্ষৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৷ যদি কিবা সন্দেহ থাকিলহেতেন তেন্তে নিশ্চিতভাৱে তেওঁ অনুষ্ঠান ত্যাগ কৰিলেহেতেন ৷
প্ৰশ্নঃ তেতিয়াহ'লে ৰিপাব্লিকান নিৰ্বাচনী কমিটিয়ে এই ক্ষেত্ৰত ইচ্ছাকৃতভাৱে ভুল ধাৰণা দিবলৈ চেষ্টা কৰিছিল নেকি ?
উত্তৰঃ মই ভাৱো যে, কিছু ক্ষেত্ৰত তেওঁলোকে হয়তো নিজৰ এজেণ্ডাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছিল ৷