নতুন দিল্লী, 6 জুলাই : ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ আয়ে সোমবাৰে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাক 85 তম জন্ম জয়ন্তীৰ উপলক্ষে শুভেচ্ছা জনায় ৷ কানাথ আয়ে টুইট কৰি ধৰ্মগুৰু গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে এটা ভিডিঅ' শ্বেয়াৰ কৰে ৷ কানাথ আয়ে টুইটত তেওঁ জীৱন বৃত্তান্ত আৰু ভাৰতত বাস কৰা 61 বছৰীয়া যাত্ৰাই সকলোকে প্ৰেৰণা যোগায় বুলি উল্লেখ কৰে ৷
তেওঁ লগতে কয় যে, আপোনাৰ ধৰ্মীয় বিশ্বাস আৰু অহিংসা প্ৰতিৰোধৰ শক্তিয়ে আমাক অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাবে থিয় দিয়াত শক্তি যোগায় ৷ আপুনি নিজকে ভাৰতৰ সন্তান বুলি কয় ৷ ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে আপোনাৰ আৰু আপোনাৰ সহযোগীৰ লগত কাম কৰিব পৰাটো মোৰ বাবে সৌভাগ্য ৷ যাৰ বাবে আমেৰিকা আৰু তিব্বতীয় লোকৰ মাজৰ সম্বন্ধ অধিক গাঢ় হ'ল ৷ আপোনাৰ লগত কটোৱা সময় মোৰ বাবে অতি আনন্দৰ সময় আছিল ৷ কিন্তু আপোনাৰ জন্ম দিনটো একেলগে উদযাপন কৰিব নোৱাৰাটো মোৰ বাবে অতি দুখৰ বিষয় ৷
মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ আয়েৰ লগতে ইউ এছ হাউছৰ মুখপাত্ৰ নেছী পলিছ, ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু, ন'বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাক জন্ম জয়ন্তীৰ শুভেচ্ছা জনায় ৷
লগতে পঢ়ক : অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন