একাষৰীয়া নগৰীকৰণ
বিশ্বজুৰি জনসংখ্যাৰ বিস্ফোৰণৰ ফলশ্ৰুতিত নগৰাঞ্চল আৰু বৃহৎ চহৰসমূহলৈ হোৱা প্ৰব্ৰজনে বহনক্ষম নগৰীকৰণৰ ধাৰণাটোক নিৰন্তৰ প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে ৷ ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হাৰ্দিপ সিঙ পুৰীয়ে প্ৰকাশ কৰা তথ্যনুসৰি 2030 চনলৈকে 40 শতাংশ লোকে চহৰত বাস কৰিব ৷ তাৰোপৰি 2050 চন পৰ্যন্ত দেশৰ 50 শতাংশ জনসংখ্যা চহৰাঞ্চল অভিমুখী হ'ব ৷
নগৰীয়া জনসংখ্যাৰ সন্দৰ্ভত দূৰদৰ্শিতা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে তিনিটা অভিলাষী প্ৰকল্পৰ শুভাৰম্ভণি কৰিছে ৷ এই তিনিটা প্ৰকল্পৰ ভিতৰৰ অন্তিমটো পৰ্যায়- স্মাৰ্ট চিটি অভিযান আৰু Atal
Mission for Rejuvenation and Urban Transformation (AMRUT) আগন্তক বৰ্ষত আৰম্ভ কৰা হ'ব ৷ উল্লেখ্য যে, স্মাৰ্ট চিটি মিছন 2016 চনৰ জানুৱাৰী মাহত শুভাৰম্ভ কৰা হৈছিল আৰু তেতিয়া দেশৰ কেইবাখনো চহৰক এই প্ৰকল্পৰ অংশ হিচাবে সামৰি লোৱা হৈছিল ৷ তাৰ বাবে নিৰ্বাচিত চহৰসমূহক অত্যাধুনিক তথা নৱ ৰূপত গঢ়ি তুলিবলৈ 5 বছৰৰ সময়সীমা ধাৰ্য কৰা হৈছিল ৷ এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰীসকল যথেষ্ট আশাবাদী আছিল যে "100 স্মাৰ্ট চিটি অভিযান"ৰ 50 শতাংশ কাম 2020 ৰ ডিচেম্বৰ পৰ্যন্ত সম্পন্ন হৈ উঠিব ৷ কেন্দ্ৰীয় চৰকাৰে 'AMRUT' প্ৰকল্পৰ যোগেদি দেশৰ 500 খন চহৰৰ বিকাশৰ বাবে 50,000 কোটি টকা আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷
অৱশ্যে স্মাৰ্ট চিটি প্ৰকল্পৰ অগ্ৰগতি পশ্চিমবংগ, কেৰালা, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যত সন্তোষজনক হোৱাৰ বিপৰীতে বিহাৰ আৰু অসমত ইয়াৰ গতি অতি লেহেমীয়া ৷ প্ৰস্তাৱিত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া শিথিলতাৰ কোনো পুনৰীক্ষণ নোহোৱাকৈ এইটো বিশ্বাস কৰাটো কঠিন হৈ পৰিছে যে, কেনেকৈ প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ ৰূপায়ণে চহৰসমূহক উপকৃত কৰিব ৷ নগৰীকৰণে নাগৰিকসকলক স্বাস্থ্যসেৱাৰ সুবিধাৰ লগতে নিয়োগৰ সুযোগ প্ৰদান সুনিশ্চিত কৰিব লাগিব ৷ কেন্দ্ৰীয় চৰকাৰে সগৌৰৱেৰে ঘোষণা কৰিছে যে, তেওঁলোকৰ মূল লক্ষ্য হৈছে নগৰীয়া জনসংখ্যাৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা ৷ AMRUT আঁচনিৰ অধীনত নিৰ্বাচিত চহৰসমূহ অতি প্ৰয়োজনীয় সা-সুবিধাৰে সু-সজ্জিত কৰি গঢ়ি তোলা হ'ব ৷ ইফালে অন্ধ্ৰ প্ৰদেশত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰিৱৰ্তন হোৱাৰ পাছত বিশ্ব বেংকে AMRUT প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে ৷
ই-গভৰ্নেনচ আৰু অনাময় আঁচনিৰ প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বহুতো পৌৰ নিকায়ত অৱহেলিত হোৱা দেখা গৈছে ৷ 100 স্মাৰ্ট চিটিত বিশুদ্ধ খোৱাপানী আৰু নিয়মিত বিদ্যুৎ যোগান এতিয়া কেৱল মাত্ৰ এক আশা ৷ প্ৰধানমন্ত্ৰী মোডীয়ে স্বচ্ছ ভাৰত আৰু ডিজিটেল ইণ্ডিয়া আঁচনিৰ যোগেদি নগৰীয়া ভাৰতৰ প্ৰতিচ্ছবি সলনি কৰাৰ আশা ৰাখিছে ৷ আনহাতে সংসদীয় সমিতিয়ে এই কথা প্ৰকাশ কৰিছে যে, নিৰ্ধাৰিত প্ৰকল্পসমূহৰ বাবে ধাৰ্য কৰা পুঁজিৰ পৰিমাণ সামগ্ৰিক বাজেটৰ কেৱল মাত্ৰ 2 শতাংশ ৷ স্মাৰ্ট চিটিৰ বাবে প্ৰথম পৰ্যায়ত নিৰ্বাচন কৰা 50 খন চহৰে ধাৰ্য কৰা পুঁজিৰ কেৱল মাত্ৰ 50 শতাংশহে লাভ কৰিছে ৷ ইফালে চহৰৰ কেৱল এটা অংশৰ উন্নয়ন সাধন কৰি পুঁজি আৰু অগ্ৰগতিৰ মাজত অসামঞ্জস্যতা ধৰা পৰাৰ বাবে ইতিমধ্যে প্ৰকল্পটো তীব্ৰ সমালোচনাৰও সন্মুখীন হৈছে ৷
বিশ্লেষণৰ পৰা চাবলৈ গ'লে কেন্দ্ৰীয় চৰকাৰে এইসময়ত বিদেশী ৰাষ্ট্ৰসমূহৰ নগৰীকৰণ ব্যৱস্থাৰ ব্যৱস্থাপনাসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াৰ পৰা কিছু শিকাৰ যথেষ্ট অৱকাশ আছে ৷ প্ৰয়োজনীয় সা-সুবিধা, গৃহ, ৰাজহুৱা পৰিবহণ, স্বাস্থ্যসেৱা, শিক্ষা আৰু প্ৰযুক্তি আদিবোৰ হৈছে সুষম মানদণ্ডৰ জীৱন-যাপনৰ মাপকাঠী ৷ জুৰিখ, অকলেণ্ড, মিউনিখ আৰু কপেনহেগেন আদি চহৰবোৰে সাম্প্ৰতিক সময়ত শ্ৰেষ্ঠ চহৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দেখা গৈছে ৷ ছিংগাপুৰৰ দৰে চহৰে দেখুৱাইছে যে, দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাজহুৱা পৰিবহণ কিদৰে প্ৰয়োজনীয় ৷ সেইদৰে আইছলেণ্ড আৰু ফিনলেণ্ডৰ দৰে দেশসমূহ পৰিস্কাৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে জনাজাত ৷
একেসময়তে, ভাৰতৰ তিনি-চতুৰ্থাংশ চহৰ অত্যাধিকভাৱে প্ৰদূষণগ্ৰস্ত আৰু যিয়ে প্ৰতিজন নাগৰিকৰ আয়ুস গড়ে 3 বছৰকৈ হ্ৰাস কৰি আনিছে ৷ দীপাৱলীৰ আতচবাজী, বৰষুণৰ ফলত হোৱা কৃত্ৰিম বান, বাট-পথৰ জৰাজীৰ্ণতা আদিবোৰ হৈছে ভাৰতৰ চহৰসমূহৰ বেদনাময় উদাহৰণ ৷ ক্ষণস্থায়ী পৰিচৰ্যা আৰু অসম্পূৰ্ণ পৰ্যবেক্ষণে নগৰীয়া ভাৰতৰ অৱস্থাৰ পৰিৱৰ্তন সাধিব নোৱাৰে ৷
Environmental Performance Index (EPI)ৰ 180 খন দেশত চলোৱা সমীক্ষাত ভাৰতে অন্তিম স্থান স্থান লাভ কৰিছে ৷ বিশুদ্ধ বায়ু আৰু পানীৰ সহজলভ্যতা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে ৷ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে গাঁৱবোৰক আত্ম-নিভৰ্ৰশীলৰূপে গঢ়ি তোলাৰ লগতে চহৰাঞ্চলৰ সৈতে গাঁৱবোৰৰ পৰিবহণ ব্যৱস্থাক তৰান্বিত কৰি তুলিব লাগিব ৷ তেতিয়াহে, ভাৰতৰ নগৰীকৰণে দেশক উপকৃত কৰিব আৰু ভাৰত প্ৰগতিৰ বাটত আগবাঢ়িব পাৰিব ৷