নিউজ ডেস্ক, ৭ জুলাইঃ যোগী আদিত্যনাথ নেতৃত্ত্বাধীন উত্তৰপ্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ। "বিগত তিনিবছৰ ধৰি হত্যাকাণ্ডৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত উত্তৰ প্ৰদেশ শীৰ্ষত আছে । লগতে, ৰাজ্যখনত প্ৰতিটো দিনত ১২ টাকৈ এনে ঘটনা সংঘটিত হয়" বুলি টুইটাৰযোগে উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।
প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই উল্লেখ কৰা অনুসৰি "২০১৬-১৮ বৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশত ২৪ শতাংশ বৃদ্ধি পাইছে শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা । কিন্তু ৰাজ্যখনৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীয়ে সদায় এই তথ্য নেদেখা কৰি থ'বলৈ চেষ্টা কৰে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত মুক্তভাৱে অপৰাধীসকলে ঘূৰি ফুৰিব পাৰে" বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
"উত্তৰ প্ৰদেশত অপৰাধীসকল সুৰক্ষিত, তেওঁলোকৰ সম্মুখত আইন-শৃংখলা অতি নগন্য। সেয়ে ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে ৰাজ্যখনৰ নিষ্ঠাবান আৰক্ষী জোৱানসকলে।" আন এটা টুইটত এই কথা উল্লেখ কৰে প্ৰিয়ংকা গান্ধী বাদ্ৰাই।
ইয়াৰ পূৰ্বে সোমবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে, "দলিতসকলৰ বিৰুদ্ধে হোৱা অপৰাধৰ এক-তৃতীয়াংশ উত্তৰ প্ৰদেশত হয়" বুলি উল্লেখ কৰিছিল । লগতে, "২০১৬-১৮ বৰ্ষৰ ভিতৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ পূৰ্বৰ তুলনাত ২১ শতাংশ বৃদ্ধি হৈছে" টুইটাৰযোগে প্ৰকাশ কৰিছিল এই তথ্য । তেখেতে কেইবাখনো ৰাজ্যৰ অপৰাধৰ হাৰসহ গ্ৰাফসহকাৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে।
"এই তথ্যসমূহে উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ লগতে অপৰাধৰ ক্ষমতা বৃদ্ধি হোৱাকে সূচায় । কিন্তু আশ্বৰ্যকৰ বিষয় এয়ে যে, উত্তৰ প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ পৰিৱৰ্তে 'অপৰাধজনিত ঘটনা নাইকিয়া হৈছে' বুলি মিছা প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে" এইদৰে শাসনাধিস্থিত চৰকাৰখনক তীব্ৰ সমালোচনা কৰে প্ৰিয়ংকা গান্ধী বাদ্ৰাই।