নিউজ ডেস্ক, ১৬ জুনঃ "বিজেপি চৰকাৰৰ নেতৃত্ত্বত উত্তৰ প্ৰদেশৰ ৰাজ্যিক সচিবালয় দুৰ্নীতিৰ বজাৰ হিচাপে গঢ়ি উঠিছে।" শাসনাধিস্থিত দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলক সমালোচনা কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।
"পশুপালন বিভাগত সংঘটিত হোৱা দুৰ্নীতিয়ে ৰাজ্যখনত সংঘটিত হৈ থকা সকলো দুৰ্নীতিৰ তথ্য উদঙাই দিছে বুলি উল্লেখ কৰে। সম্প্ৰতি বিজেপি চৰকাৰৰ নেতৃত্ত্বত ৰাজ্যখনৰ সচিবালয় দুৰ্নীতিৰ বজাৰ হিচাপে গঢ়ি উঠিছে। ৰাজ্যখনৰ প্ৰায় অধিকাংশ কাৰ্যালয় এতিয়া দুৰ্নীতিৰ পাহাৰ হিচাপে গঢ়ি উঠিছে।"কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা।

লগতে,প্ৰিয়ংকা গান্ধী বাদ্ৰাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ তথা আন আন মন্ত্ৰীসকল এইসন্দৰ্ভত অৱগত নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকৰ ওচৰত এই দুৰ্নীতিৰ একো তথ্য নাই নেকি? যদি নাই তেন্তে এইটো আশ্চৰ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, দুৰ্নীতিত জড়িত থকাৰ অভিযোগত ৰাজ্যিক সচিবালয়ৰ ৭ গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে প্ৰিয়ংকা গান্ধী বাদ্ৰাই।
লগতে চাওকঃ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ