ETV Bharat / bharat

লকডাউনঃ হেল্পলাইন নাম্বাৰত ৰছগোল্লা, পান, পিজ্জা বিচাৰি হাহাকাৰ !

author img

By

Published : Mar 31, 2020, 5:31 PM IST

উত্তৰ প্ৰদেশত লকডাউনৰ সময়ত পোহৰলৈ আহিছে নিলৰ্জ্জ ঘটনা । লকডাউনৰ সময়কালত পুলিছৰ হেল্পলাইন নাম্বাৰত নিজৰ মন পচন্দৰ সামগ্ৰী বিছাৰি হাহাকাৰ একাংশৰ ।

লকডাউনঃ হেল্পলাইন নাম্বাৰত ৰছগোল্লা, পান, পিজ্জা বিচাৰি হাহাকাৰ !
লকডাউনঃ হেল্পলাইন নাম্বাৰত ৰছগোল্লা, পান, পিজ্জা বিচাৰি হাহাকাৰ !

নিউজ ডেস্ক,৩১ মাৰ্চঃ দেশত এতিয়া কোভিড-১৯ মহামাৰীৰ বাবে লকডাউন । কেন্দ্ৰীয় চৰকাৰে দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰাৰ পূৰ্বেই কোনো কোনো ৰাজ্যত পূৰ্বতেই ঘোষণা কৰা হৈছিল লকডাউন । শেহতীয়াকৈ উত্তৰ প্ৰদেশত লকডাউনৰ নৱম দিনা পোহৰলৈ আহিছে কেইটামান নিলৰ্জ্জ ঘটনা । লকডাউনৰ সময়ছোৱাত হেল্পলাইন নম্বৰত নিজৰ মন পচন্দৰ খাদ্য বিচাৰি হাহাকাৰ কৰিছে একাংশই ।

তাৎপৰ্য্যপূৰ্ণ কথা হ'ল হেল্পলাইন নম্বৰত একাংশ লোকে ৰছগোল্লা, পান, পিজ্জা, আইছক্ৰীম, ফুটবল বিচাৰি হাহাকাৰ কৰাৰ কথা পোহৰলৈ আহিছে

লক্ষ্নৌত পুলিছ হেল্পলাইন নম্বৰত সোমবাৰে এগৰাকী জেষ্ঠ লোকে ফোন কৰি ৰছগোল্লাৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনায় । অৱশ্যে এইয়া কোনো দুষ্ট মনোবৃত্তি অথবা ধেমালীয়া ফোন ক'ল নাছিল । পাচত ছটা ৰছগোল্লা সহ ফোন কৰা ৰাম চন্দ্ৰ প্ৰসাদৰ ঘৰত উপস্থিত হয় প্ৰশাসনৰ লোক । উপস্থিত হৈ গম পায় যে, লোকজন অকলশৰীয়া আৰু Hypoglycemia অৰ্থাৎ মধুময় ৰোগত আক্ৰান্ত । মধুময়ৰ অৱস্থিতি নিম্নমানৰ হৈ পৰাৰ বাবেই লোকজনৰ মুখমণ্ডল হালধীয়া হৈ পৰিছিল । আনহাতে চলাচলো কৰিব পৰা নাছিল লোকজন । পাচত চাৰিটা ৰছগোল্লা খাই সামান্য সুস্থ হৈ উঠে লোকজন । মিঠাইৱালা লোকজন গৃহত অকলে থাকে । তেওঁৰ চাৰি সন্তানেই বিদেশত থাকে । লকডাউনৰ ফলত তেওঁৰ দোকানৰ মিঠাইৰ ষ্টক শেষ হৈ গৈছিল যাৰ বাবেও তেওঁ সহায় এনদৰে সদায় বিচাৰবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

ইপিনে ৰামপুৰত এগৰাকী লোকে পুলিছ বিষয়াক চাটনি সহ চাৰিটা চিঙৰা পঠিয়াবলৈ ঘনাই ঘনাই পুলিছলৈ ফোন কৰাত পুলিছে চাৰিটা চিঙৰা প্ৰদান কৰে লোকজনক । কিন্তু তাৰ পাচতেই জিলা দণ্ডাধীশে নলা চফা কৰোৱাৰ শাস্তি বিহে লোকজনক । দণ্ডাধীশগৰাকীয়ে কয় যে, লকডাউনৰ অসৎ ব্যৱহাৰ কৰা লোক সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

হেল্পলাইন নম্বৰত বহু ফোন আহিছে । য'ত পিজ্জা, চিঙৰা ইত্যাদি বিচাৰি হাহাকাৰ কৰিছে ৰাইজে । গতিকে এনে ফোনক'লৰ বিৰুদ্ধে আমি শাস্তি বিহাৰ কথা চিন্তা কৰিছো বুলি উল্লখ কৰে । অৱশ্যে জৰুৰী ফোন ক'লৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আছে আৰক্ষীয়ে । এগৰাকী গৰ্ভৱতী মহিলা শিক্ষকে যেতিয়া সহায়ৰ বাবে ফোন কৰিছিল ততাতৈয়াকৈ তেওঁক খাদ্যৰ যোগান ধৰা হৈছিল ।

অৱশ্যে একাংশই যদি মদ আন একাংশ শিশুৱে আকৌ আইক্ৰীম, কেক, ফুটবল বিচাৰিও হাহাকাৰ কৰিছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.