ETV Bharat / bharat

পৰিকল্পনা অবিহনে দিয়া লক ডাউনে অৰাজকতাৰ সৃষ্টি কৰিছেঃ ছোনিয়া গান্ধী

কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে লক ডাউন সন্দৰ্ভত মতামত আগবঢ়াই । নেত্ৰীগৰাকীয়ে কয় যে, 21 দিনৰ লকডাউনৰ প্ৰয়োজনীয়তা আছিল । কিন্তু কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ লক ডাউন দিয়াৰ ফলত সমস্যাৰ সৃষ্টি হৈছে ।

পৰিকল্পনা অবিহনে দিয়া লক ডাউনে অৰাকতাৰ সৃষ্টি কৰিছেঃ ছোনিয়া গান্ধী

author img

By

Published : Apr 2, 2020, 5:24 PM IST

Updated : Apr 2, 2020, 7:24 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিলঃ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে সভানত্ৰী ছোনিয়া গান্ধীৰ সৈতে কৰ'ণা ভাইৰাচ সংক্ৰমণ আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যা সম্পৰ্কে এক আলোচনাত মিলিত হয় । গান্ধীয়ে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আৰু বিপদত পৰা সকলক সহায় কৰিবলৈ আহ্বান জনাই ।

তেওঁ কয়, 21 দিনৰ লকডাউন দেশত অৱশ্যেই প্ৰয়োজনীয় আছিল । কিন্তু অপৰিকল্পিত ভাবে এই লকডাউন কাৰ্যকৰি কৰাৰ ফলত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে প্ৰৱজক শ্ৰমিক সকলে কষ্ট পাবলগীয়া হৈছে ।

ভিডিঅ' কনফাৰেন্স যোগে হোৱা এই আলোচনাত অংশ লয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, ৰাহুল গান্ধীকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই ।

Last Updated : Apr 2, 2020, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.