ETV Bharat / bharat

#UNLOCK-1: আজিৰ পৰা আৰম্ভ হ'ল ৰাজস্থান শিক্ষা পৰিষদৰ পৰীক্ষা

author img

By

Published : Jun 18, 2020, 5:17 PM IST

দেশত জাৰি কৰা লক ডাউনৰ বাবে বহু ৰাজ্যত আধতেই বাতিল কৰিব লগীয়া হৈছিল পৰীক্ষা সমূহ । কিন্তু বৰ্তমান লক ডাউন শিঠিল কৰাৰ পাচত বহু ৰাজ্যৰ শিক্ষা পৰিষদে পুনৰাম্ভ কৰিছে পৰীক্ষা সমূহ । সেই অনুসৰি আজিৰে পৰা ৰাজস্থানতো আৰম্ভ হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী ৰোৱা পৰীক্ষা সমূহ ।

আজিৰ পৰা আৰম্ভ হ'ল ৰাজস্থান শিক্ষা পৰিষদৰ পৰীক্ষা

নিউজ ডেস্ক, 18 জুনঃ ৰাজস্থানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষা সমূহ । COVID-19 সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে পূৰ্বতে স্থগিত ৰখা হৈছিল পৰীক্ষা সমূহ ।

কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা #unlock-1 ৰ পাচত নিৰ্ধাৰিত নিয়ম সমূহ মানি পৰীক্ষা সমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্যখনৰ শিক্ষা বিভাগে । সেয়ে সকলো পৰীক্ষা নিয়ন্ত্ৰক, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে মাস্ক পৰিধান কৰিহে প্ৰৱেশ কৰিছে পৰীক্ষাগৃহত । আনহাতে সকলোৱে বৰ্তাই ৰাখিছে সামাজিক দূৰত্ব, ব্যৱহাৰ কৰিছে হেণ্ড ছেনিটাইজাৰ । আনহাতে সকলোকে কৰা হৈছে থাৰ্মেল টেষ্টিং । এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহ'বলৈ এঘন্টা পূৰ্বেই পৰীক্ষা গৃহত উপস্থিত হৈছে ছাত্ৰ-ছাত্ৰী সকল । আনহাতে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে সমূহ পৰীক্ষা কেন্দ্ৰ ছেনিটাইজ কৰা হৈছিল ।

ৰাতিপুৱা 8.30 বজাৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হৈ 11.45 বজাত পৰীক্ষা সমাপ্ত হয় । ইপিনে সামাজিক দুৰত্ব বজাই ৰখাৰ বাবে 60 শতাংশ পৰীক্ষাৰ্থীক কেন্দ্ৰটোত ৰাখি বাকী 40 শতাংশক কাষৰৰ বিদ্যালয়লত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিছে ।

প্ৰথমতে ৰাজ্যখনত 5680 টা পৰীক্ষা কেন্দ্ৰ আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা বৃদ্ধি কৰি 6201 টা কৰা হৈছে ।

আনহাতে কোনো ছাত্ৰ যদি আন কাৰণ বা কৰ'ণা সংক্ৰমণৰ বাবে পৰীক্ষা দিব নোৱাৰিলে সেই সকলৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

উল্লেখ্য যে, দেশত কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে লক ডাউন জাৰি কৰা হৈছিল আৰু সমূহ শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছিল । সেয়ে ৰাজস্থানত 19 মে'ৰ পাচৰ পৰীক্ষা সমূহ স্থগিত ৰখা হৈছিল ।

লগতে চাওকঃ সাহিত্য সভাৰ মঞ্চখন জাতীয় জীৱনৰ মঞ্চ হিচাপে গ্ৰহণ কৰিব পাৰে:কুলধৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.