ETV Bharat / bharat

আজৱ: বাহিৰৰ পৰা ভিতৰচৰা দেখা পোৱা এটা শৌচাগাৰ

author img

By

Published : Sep 3, 2020, 6:47 PM IST

সেই ঠাইত বাহিৰৰ পৰাই দেখিবলৈ পোৱা যায় শৌচাগাৰৰ ভিতৰছোৱা ৷ এনে ধৰণৰ শৌচাগাৰ কোনোবাই ব্যৱহাৰ কৰিব পাৰে জানো ? জানিবলৈ চাওক এই প্ৰতিবেদন...

শৌচাগাৰৰ ভিতৰ চৰা
শৌচাগাৰৰ ভিতৰ চৰা

নিউজ ডেস্ক, 3 চেপ্তেম্বৰ: এটা শৌচাগাৰ আৰু সেই শৌচাগাৰৰ দেৱাল সমূহ হৈছে স্বচ্ছ কাঁচৰ ৷ অন্তত এইখিনিত গোপনীয়তা বৰ্তাই ৰাখিব বিচাৰে সকলোৱে ৷ সেই ঠাইত বাহিৰৰ পৰাই দেখিবলৈ পোৱা যায় শৌচাগাৰৰ ভিতৰছোৱা ৷ এনে ধৰণৰ শৌচাগাৰ কোনোবাই ব্যৱহাৰ কৰিব পাৰে জানো ? কিন্তু জাপানৰ দুখন উদ্যানত এনে শৌচাগাৰ ব্যৱহাৰ কৰিছে বহু লোকে ৷ আনহাতে সেই শৌচাগাৰ ৰাইজৰ মাজত বেচ জনপ্ৰিয়ও ৷ আপুনি ভাবিছে নেকি যে, তেওঁলোকে গোপনীয়তা বজাই নাৰাখে ? অৱশ্যেই চিন্তিত ৷ কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰে সেই শৌচাগাৰ ?

জাপানৰ ছিগেৰু বান আৰ্কিটেক্টছ নামৰ এটা সংস্থাই তৈয়াৰ কৰিছে সেই শৌচাগাৰৰ নক্সা ৷ ইয়োইয়োগি ফুকামাচি মিনি পার্ক আৰু হাৰু-নো-ওগাওয়া কমিউনিটি পাৰ্কত নিৰ্মাণ কৰা হৈছে সেই শৌচাগাৰ ৷ সাধাৰণতে বাহিৰৰ পৰা সেই শৌচাগাৰৰ ভিতৰছোৱা স্পষ্টকৈ দেখিবলৈ পোৱা যায় যদিও, সেইয়া কেৱল দুৱাৰ বন্ধ কৰাৰ আগমূহুৰ্তলৈহে ৷

আচৰিত নহ'ব ৷ ইয়াতেই নিহিত হৈ আছে মুখ্য কাৰণ ৷ সেই শৌচাগাৰ নিৰ্মাম কৰা হৈছে "স্মাৰ্ট কাঁচেৰে ৷" "স্মাৰ্ট কাঁচেৰে" নিৰ্মাণ কৰা শৌচাগাৰৰ আছে এক বিশেষত্ব ৷ যেতিয়ালৈ তাৰ ভিতৰত কোনো নাথাকে তেতিয়ালৈ বাহিৰৰ পৰা দেখিবলৈ পোৱা যায় ভিতৰৰ সকলো দৃশ্য ৷ কিন্তু শৌচাগাৰৰ ভিতৰত কোনো লোক প্ৰবেশ কৰি যদি দুৱাৰ খন বন্ধ কৰি দিয়ে, তেন্তে অস্পষ্ট হৈ পৰে সেই কাঁচৰ দেৱাল ৷ অৰ্থাৎ বাহিৰৰ পৰা আৰু কোনো দৃশ্যই দেখিবলৈ নাপায় বাহিৰত থকা লোকে ৷

লগতে পঢ়ক: আজৱ: নিজেই কাটে নিজৰ হাতৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.