নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: ক্ষমা বিচৰাৰ আইন ! এই আইনে কিন্তু ক্ষমা বিচৰাৰ বাবে বাধ্য নকৰে ৷ অবাধে ক্ষমা বিচৰাৰহে অধিকাৰ প্ৰদান কৰে ৷ লগতে এই কথাটোও স্পষ্ট কৰা ভাল যে, দুঃখিত বুলি কোৱা মানেই কিন্তু অপৰাধ কৰাও নুবুজায় ৷ কিয়নো "দুঃখিত" শব্দটোয়ে সলনি কৰি দিব পাৰে বহু সমীকৰণ ৷ স্তব্ধ কৰিব পাৰে যুদ্ধ ৷ কিন্তু পৃথিৱীৰ কোন খন দেশৰ আইনে এনেদৰে ক্ষমা খোজাৰ অধিকাৰ প্ৰদান কৰে ? আপুনি জানেনে ?
এক প্ৰতিবেদন অনুসৰি, অন্য দেশসমূহৰ তুলনাত কানাডাত বসবাস কৰা লোকসকলে দুঃখিত বুলি কোৱাৰ পৰিমাণ তুলনামূলকভাবে বেছি ৷ তাত প্ৰায় প্ৰতি পদেই মানুহে দুঃখিত বুলি কয় ৷ সেই বাবেই 2009 বৰ্ষত দেশখনত গৃহীত হয় "ক্ষমা বিচৰাৰ আইন বা এপোল'জী এক্ট ৷"
কানাডাৰ অ'ন্টাৰিও, বিচি আৰু নভা স্ক'টিয়া ৷ এই তিনি প্ৰদেশত সক্ৰিয় উক্ত আইন ৷ ক্ষমা খোজাৰ বাবে বাধ্য কৰোৱা নহয়, অবাধে ক্ষমা বিচৰাৰ অধিকাৰ প্ৰদান কৰে আইনখনে ৷ এই প্ৰদেশৰ লোকে ইমানেই অধিক "দুঃখিত" শব্দটো ব্যৱহাৰ কৰে যে, বহু সময়ত কোনো দোষ নাথাকিলেও তেওঁলোকে এই শব্দ ব্যৱহাৰ কৰে ৷ ইমানেই নম্ৰ তেওঁলোক ৷ যাতে "দুঃখিত" শব্দটো কোৱা মানেই তেওঁলোকক কোনেও অপৰাধী বুলি গণ্য নকৰে সেই বাবেই এই আইন বলৱৎ কৰা হৈছে দেশখনত ৷
লগতে পঢ়ক: নজনা কথাঃ টোপনি ভঙাৰ বাদ দৰমহা লাভ কৰা একাংশ ব্যক্তি