নিউজ ডেস্ক, 27 আগষ্টঃ জম্মু-কাশ্মীৰক লৈ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে দেশৰ নৱনিযুক্ত গৃহ সচিব অজয় কুমাৰ ভাল্লা ৷ মঙলবাৰে কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় ৷
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়, কেন্দ্ৰীয় আইন মন্ত্ৰালয় আৰু কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়কে ধৰি বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয় গৃহ সচিবগৰাকী ৷ আলোচনাত জম্মু-কাশ্মীৰ (পুনৰগঠন) আইন সন্দৰ্ভত বিশদ আলোচনা হয় ৷ জম্মু-কাশ্মীৰৰ উন্নয়নকে ধৰি অন্যান্য আইন-শৃংখলাজনিত বিষয়সমূহ কিদৰে মোতায়েন কৰা হ'ব তাক লৈ বিভিন্ন বিভাগৰ পৰামৰ্শ গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে ৷ আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ 85খনকৈ আঁচনিৰ লগতে অহা 31 অক্টোবৰৰ ভিতৰত যাতে সুস্থিৰ ৰূপত কেন্দ্ৰীয়শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰিব পৰা যায় তাক লৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰে গৃহ সচিবগৰাকীয়ে ৷