নিউজ ডেস্ক, 24 আগষ্টঃ হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় পুলিচ একাডেমীৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 2017চনৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ 70আৰআৰ সংস্কৰণৰ সৰ্বমুঠ 92 গৰাকী আৰক্ষী বিষয়াৰ 42 সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিচতে আয়োজন কৰা হয় পাছিং আউট পেৰেড অৰ্থাৎ দীক্ষান্ত সমাৰোহ ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ৰাষ্ট্ৰীয় পুলিচ একাডেমীৰ অধ্যক্ষ,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি কিশান ৰেড্ডী আৰু তেলেংগানাৰ ৰাজ্যপালে দীক্ষান্ত সমাৰোহত উপস্থিত থাকে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দীক্ষান্ত সমাৰোহৰ চালামী গ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন শিতানৰ বঁটাসমূহ প্ৰদান কৰে ৷ সমাৰোহত নিজৰ ভাষণত দেশৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই দেশৰ প্ৰগতি আৰু উন্নতিৰ লগতে এখন সৰ্বাংগীন আৰু অপৰাধমুক্ত ভাৰত গঢ়াৰ বাবে আৰক্ষী বিষয়াসকলৰ অনুদান অতুলনীয় বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হোৱা প্ৰশিক্ষাৰ্থীসকলক 42 সপ্তাহৰ কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ভাৰতৰ লগতে ভূটান আৰু নেপাল আৰক্ষী সেৱাৰ বিষয়াকো প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ 2017 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ 92 গৰাকী বিষয়াৰ ভিতৰত 12গৰাকী মহিলা আৰক্ষী বিষয়া থকাৰ লগতে 6গৰাকী ৰয়েল ভূটান আৰক্ষী আৰু 5গৰাকী নেপাল আৰক্ষী সেৱাৰ বিষয়াই একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷