ETV Bharat / bharat

কেন্দ্ৰীয় সাস্কৃতিক মন্ত্ৰীয়ে ঘোষণা কৰিলে ভাৰত অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ

author img

By

Published : Apr 19, 2020, 6:18 PM IST

বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ ৰাষ্ট্ৰীয় অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ দ্বাৰাই ভাৰতীয় সংস্কৃতিত থকা অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ বিশ্ববাসীৰ আগত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে ভাৰত চৰকাৰে ।

ভাৰত অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ
ভাৰত অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী (স্বতন্ত্ৰ) প্ৰহ্লাদ সিং পেটেলে ভাৰতৰ ৰাষ্ট্ৰীয় অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহৰ বিষয়ে ঘোষণা কৰে । বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ দ্বাৰা দেশৰ অমূৰ্ত ঐতিহ্যসমূহক সাংস্কৃতিক পৰিচয় তুলি দিবৰ প্ৰয়াস কৰা হৈছে ।

লগতে পঢ়কঃ ভাৰতীয় জাতীয় পতাকাৰ ৰঙেৰে জিলিকি উঠিল মেটাৰহৰ্ণ

শনিবাৰে নতুন দিল্লীত বিশ্ব ঐতিহ্য দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,ইয়াৰে ভিতৰত ১৩টা ঐতিহ্য ইতিমধ্যে ইউনেস্কৰ দ্বাৰা মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য বুলি ঘোষণা কৰিছে । কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ ভিছন ২০২৪ৰ অধীনত এই ঐতিহ্যসমূহৰ দ্বাৰা দেশৰ বিভিন্ন প্ৰান্তত সোমাই থকা অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ বিশ্ববাসীৰ আগত পৰিচয় দিয়াৰ লগতে ইয়াক সংৰক্ষণৰ চেষ্টা কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে ।

ইউনেস্কৰ 2003 Convention for Safeguarding of Intangible Cultural Heritageৰ অধীনত এই সূচীখন পাঁচটা মুখ্য ভাগত ভাগ কৰা হৈছে । ইয়াৰ ভিতৰত মৌখিক প্ৰথা আৰু অভিব্যক্তি,ভাষা,সামাজিক ধাৰা,নিয়ম আৰু উৎসৱ পাৰ্বণ, প্ৰকৃতি আৰু বিশ্বৰ জ্ঞান আৰু পৰম্পৰাগত হস্ত কলাই প্ৰধান । এই সূচীৰ অধীনত ইতিমধ্যেই ১০০ৰো অধিক উপাদান আছে আৰু ইয়াক এতিয়াও খচৰা হিচাপে ধৰি ৰখা হৈছে ।

লগতে পঢ়কঃ আজি বিশ্ব ঐতিহ্য দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.