নেশ্যনেল ডেস্ক, 30 জুলাই : কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনায় ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ ৷ এই অনুমোদনৰ জৰিয়তে কেবিনেটে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ব্যাপক সংশোধনৰ ঘোষণা কৰে ৷ নতুন শিক্ষা নীতি অনুসৰি, আগন্তুক 2035 চনলৈ 50 শতাংশ মুঠ তালিকাভুক্ত অনুপাত (Gross Enrollment Ratio)ৰ সফল লক্ষ্যৰে উচ্চ শিক্ষা নীতিত বৃহৎ পৰিবৰ্তন সাধন কৰা হয় ৷

এক প্ৰেছ কনফাৰেন্সযোগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে কয় যে, ‘‘কেবিনেটৰ দ্বাৰা একবিংশ শতিকাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)ৰ অনুমোদন কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই শিক্ষা নীতিক সমৰ্থন কৰে ৷ বিগত 34 বছৰলৈকে শিক্ষা নীতিত কোনো পৰিবৰ্তন সাধন কৰা হোৱা নাছিল ৷ মোৰ বিশ্বাস, সমাজ আৰু ৰাষ্ট্ৰৰ লগতে শিক্ষক সমাজেও এই নতুন নীতিক সমৰ্থন কৰিব’’ ৷
উচ্চ শিক্ষাৰ সচিব অমিত খাৰে কয় যে, ‘‘এই দিনটো এটা ঐতিহাসিক দিন আৰু সম্পূৰ্ণ 34 বছৰৰ পাচত দেশে এক নতুন শিক্ষা নীতি (NEP) লাভ কৰিছে ৷ এই নতুন শিক্ষা নীতি তথা সংস্কাৰ অনুসৰণ কৰি আমি 50 শতাংশ GER লাভ কৰিব পাৰিম’’ ৷
লগতে তেওঁ জানিবলৈ দিয়ে যে, ‘‘নতুন শিক্ষা নীতিত শিক্ষা সংস্থাবোৰৰ বাবে গ্ৰেডেড একাডেমীক, প্ৰশাসনিক, আৰ্থিক স্বায়ত্ব শাসন আৰু উচ্চ শিক্ষাৰ বাবে এটি একক নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে বিভিন্ন ‘নিৰীক্ষণ’ৰ স্থানত অনুমোদনৰ বাবে স্ব-প্ৰকাশভিত্তিক স্বচ্ছ ব্যৱস্থাৰ অধীনত কাম কৰিব’’ ৷

‘‘সম্প্ৰতি আমাৰ দেশত 45,000ত কৈও অধিক অনুমোদিত কলেজ আছে ৷ গ্ৰেডেড একাডেমীৰ অধীনত কলেজসমূহক মান্যতা স্থিতিৰ আধাৰত একাডেমীক, প্ৰশাসনিক আৰু বিত্তীয় স্বায়ত্বতা প্ৰদান কৰা হ’ব ৷ আঞ্চলিক ভাষাসমূহত ই-পাঠ্যক্ৰমৰ বিকাশ সাধন কৰা হ’ব ৷ সৰহ সংখ্যক লেবৰ লগতে এক ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰায়োগিক মঞ্চ (NETF) স্থাপন কৰা হ’ব ৷ নতুন শিক্ষা নীতি, 2020ত এক বিস্তৃত পৰামৰ্শ প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব’’ ৷

‘‘আনহাতে অনলাইন প্লেটফ’ৰ্মযোগে 2.5 লাখ গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে ৷ এই সন্দৰ্ভত চৰকাৰ, বিভাগ, একাডেমীক আৰু সাধাৰণ জনতাৰ মতামত গ্ৰহণ কৰা হৈছে’’ ৷
লগতে পঢ়ক : 30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা