বতৰ পৰিৱৰ্তন আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মোডী নেতৃত্বাধীন চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
10 লাখৰো অধিক লোক বসবাস কৰা চহৰসমূহত বৃক্ষৰোপনৰ বাবে 2020-21 বৰ্ষটোৰ বাবে ধাৰ্য কৰা হৈছে 4,400 কোটি টকা ৷
13:45 February 01
চহৰঅঞ্চলত বৃক্ষৰোপনৰ বাবে ধাৰ্য 4,400 কোটি টকা

13:38 February 01
কৰদাতাৰ ওপৰত আতিশায্য সহ্য কৰা নহ'ব
বিত্তমন্ত্ৰীৰ গুৰুত্বাপূৰ্ণ পদক্ষেপ
কৰদাতাৰ ওপৰত আতিশায্য সহ্য কৰা নহ'ব ৷ কৰদাতাৰ চনদেই হ'ব মৰ্যাদা ৷ কৰ প্ৰণালী আৰু সহজ ব্যৱসায় প্ৰক্ৰিয়াৰ বাবে কোম্পানী আইনৰ সংস্কাৰ প্ৰস্তাৱ ৷ 2022 চনত ভাৰতত হ'বলগীয়া G-20 ৰ বৈঠকৰ বাবে 100 কোটি টকা ধাৰ্য ৷ ভাৰতৰ অৰ্থনীতি 5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্যত বদ্ধপৰিকৰ ৷ বিনিয়োগকাৰীৰ বীমা পৰিমাণ 1 লাখৰ পৰা 5 লাখলৈ বৃদ্ধি ৷ 2020-21ত বিত্তীয় ঘাটিৰ পৰিমাণ 3.5 শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য ৷ 2019-20ত বিত্তীয় ঘাটিৰ পৰিমাণ আছিল 3.8 শতাংশ ৷
13:19 February 01
2.5 লাখ পৰ্যন্ত ৰেহাই আয়কৰ
কৰদাতা সকললৈ কঢ়িয়াই আনিছে নতুন কৰ প্ৰণালী ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট অধিৱেশনত ঘোষণা কৰে যে 2.5 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তি আয়কৰৰ আওঁতাৰ বাহিৰত থাকিব ৷ এই ক্ষেত্ৰত 5-7.5 লাখ টকা লৈকে 10 শতাংশ, 7.5-10 লাখ টকালৈকে 15 শতাংশ আৰু 12.5-15 লাখলৈকে বছৰি উপাৰ্জন কৰা ব্যক্তিয়ে আয়কৰ দিব লাগিব 25 শতাংশ ৷
13:04 February 01
বিত্তীয়বৰ্ষ 2020-21ত 10% ঘৰুৱা উৎপাদনৰ লক্ষ্য
জম্মু কাশ্মীৰৰ বাবে 30,757 কোটি আৰু লাডাখৰ বাবে 5958 কোটি ঘোষণা বিত্তমন্ত্ৰীৰ৷
বিত্তীয়বৰ্ষ 2020-21ত ঘৰুৱা উৎপাদনৰ হাৰৰ লক্ষ্য 10% বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে ৷ এই বক্তব্যৰ লগে-লগেই সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
13:03 February 01
সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে 3150 কোটি
সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে 3150 কোটি আৰু পৰ্যটন মন্ত্ৰালয়ৰ বাবে 2,500 কোটিৰ প্ৰস্তাৱ
12:56 February 01
দেশৰ নিৱনুৱা সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা
দেশৰ নিৱনুৱা সমস্যা সমাধানৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ এইক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে ন'ন গেজেটেড পদ সমূহৰ বাবে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা গঠনৰ কথা ঘোষণা কৰে ৷
12:46 February 01
বিত্তমন্ত্ৰীৰ বাজেটত অভিলাসী আঁচনিৰ প্ৰস্তাৱ
মহিলা সকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়নৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীয়ে 28,600 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ বিবাহ উপযোগী বয়সৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈ টাস্ক ফ'ৰ্চ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ গ্ৰামোন্নয়নৰ বাবে 1.23 লাখ কোটি টকা আৰু কৃষি তথা ইয়াৰ সহযোগী ক্ষেত্ৰখনৰ বাবে 1.6 লাখ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছে ৷
আন্তঃগাঠনিৰ ক্ষেত্ৰখনত লোৱা হৈছে নতুন লক্ষ্য ৷ আগন্তক বিত্তীয় বৰ্ষত 27000 কিল'মিটাৰ ৰেলৱে লাইন বৈদ্যুতিকৰণ কৰাৰ বাবেও লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷
জেষ্ঠ নাগৰিক সকলৰ বাবে বিভিন্ন আঁচনিৰ প্ৰতি লক্ষ্য ৰাখি ধাৰ্য কৰা হৈছে 9,500 কোটি টকা
12:25 February 01
স্বচ্ছ ভাৰত অভিযানৰ বাবে 12,300 কোটি টকা ধাৰ্য
দেশৰ জনসাধাৰণলৈ ঘৰে-ঘৰে খোৱাপানী যোগানৰ বাবে জল-জীৱন অভিযান ৷ এই শিতানত বিত্তমন্ত্ৰীয়ে 3.6 লাখ কোটি টকাৰ ধাৰ্য কৰাৰ কথা ঘোষণা কৰে ৷ স্বচ্ছ ভাৰত অভিযানৰ বাবে 12,300 কোটি টকা ধাৰ্য কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে ৷ বিত্তমন্ত্ৰীয়ে গ্ৰামাঞ্চলত আত্মসহায়ক গোটসকলে উৎপাদন কৰা সামগ্ৰী সমূহ সংগৃহীত কৰাৰ বাবে সংগ্ৰাহালয় আঁচনিৰ কথাও ঘোষণা কৰে ৷
12:19 February 01
আৰক্ষী আৰু ফৰেন্সিক বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ
শিক্ষাখণ্ডৰ সৈতে সংগতি ৰাখি বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ লগতে স্থাপন কৰি হ'ব ৰাষ্ট্ৰীয় ফৰেন্সিক বিশ্ববিদ্যালয় ৷ উল্লেখ্য যে, আগন্তক সময়ত প্ৰতিখন জিলা পৰ্যায়ৰ হাস্পতালৰ সৈতে মেডিকেল কলেজক সংযোজিত কৰা হ'ব ৷
আনহাতে শিক্ষাখণ্ডৰ মাণদণ্ডক উন্নত কৰাৰ বাবে বিত্তমন্ত্ৰীয়ে আগবঢ়াইছে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ ৷ নতুন শিক্ষানীতিৰ আধাৰত এইক্ষেত্ৰত পোৱা গৈছে প্ৰায় 2 লাখৰো অধিক পৰামৰ্শ ৷ বিত্তমন্ত্ৰীয়ে কয় উচ্চশিক্ষাৰ ক্ষেত্ৰখনক উদগণি যোগোৱাৰ বাবে বিদেশী বিনিয়োগে প্ৰভূত প্ৰভাৱ পেলাব ৷
12:08 February 01
শিক্ষা খণ্ডলৈ কঢ়িয়াই আনিছে ব্যাপক পৰিৱৰ্তনৰ আশা ৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত প্ৰতিফলিত হৈছে শিক্ষাখণ্ডৰ প্ৰতি আগবঢ়োৱা গুৰুত্ব ৷ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে 99.300 কোটি ৷ একেদৰে দক্ষতা বিকাশৰ বাবে ধাৰ্য কৰা হৈছে 3000 কোটি ৷
12:02 February 01
কি আছে কৃষি খণ্ডত ?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষিকণ্ডৰ বাবে বিশেষ ব্যৱস্থাপনাৰ কথা ঘোষণা কৰে ৷
কৃষি উড়াণ শীৰ্ষক এক আঁচনি
20 লাখ কৃষকক চলাৰ পাম্প
15 লাখ কৃষকক সৌৰশক্তি
(এই আঁচনিয়ে পৰিতক্ত কৃষিভূমিক উৰ্বৰ কৰাৰ বাবে সহায় কৰিব ৷ কৃষকে অতিৰিক্ত ভাৱে উৎপাদিক সৌৰশক্তি বজাৰত বা গ্ৰীডত বিক্ৰী কৰিব পৰাৰ ব্যৱস্থা কৰা হ'ব ৷)
জলসংকটত পৰা দেশৰ 100 খন জিলাৰ বাবে বিশেষ ব্যৱস্থাপনা
সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সমতা স্থাপনৰ বাবে উদগণি
কৃষি উৎপাদনৰ বাবে বজাৰক উদগণি যোগোৱা আৰু প্ৰতিযোগিতামূলক ভাৱে কৃষি উৎপাদন বৃদ্ধি কৰা ৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰযুক্তিৰ সহায় লোৱা ৷
ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ মাধ্যমেৰে চৰকাৰী আঁচনি সু-সংগত কৰা ৷ ৰাজ্যসমূহক মডেল কৃষি ব্যৱস্থাপনা হাতত ল'বলৈ উদগণি যোগোৱা ৷
ক্ষুদ্ৰ-ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা বৃদ্ধি কৰা ৷
বিত্তমন্ত্ৰীয়ে নিজৰ ভাষণত লগতে উল্লেখ কৰে যে বিগত সময়ছোৱাত 6.11 কোটি কষকক প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত সামৰি লোৱা হৈছে ৷ 2020 চনৰ ভিতৰত কৃষকৰ আয় দুগুন বৃদ্ধি কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলিও বিত্তমন্ত্ৰীয়ে দাবী কৰে ৷
11:39 February 01
সবকা চাথ চাথ, সবকা বিস্বাস আমাৰ চৰকাৰৰ মূল মন্ত্ৰ
ভাৰতে 271 মিলিয়ন জনসাধাৰণক দাৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত কৰিছে ৷ বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত এইদৰে দাৱী কৰি কয় যে, আমি লক্ষ্যত উপণীত হোৱাৰ বাবে একেলগে কাম কৰি যাম ৷ চৰকাৰৰ লক্ষ্য হৈছে আশাৰ ভাৰত ৷ - সবকা চাথ চাথ, সবকা বিস্বাস আমাৰ চৰকাৰৰ মূল মন্ত্ৰ ৷
11:32 February 01
GST প্ৰৱৰ্ত্তণৰ পাছত দেশৰ জনসাধাৰণে গড়ে মাহিলী 4% ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে
GST প্ৰৱৰ্ত্তণৰ পাছত দেশৰ জনসাধাৰণে গড়ে মাহিলী 4% ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷ মোডী চৰকাৰৰ নেতৃত্বত এয়া এক অভূতপূৰ্ৱ সাফল্য
11:23 February 01
কেন্দ্ৰীয় চৰকাৰে বিগত সময়ছোৱাত ঋণৰ বোজা হ্ৰাস কৰিবলৈ সক্ষম হৈছে
"কেন্দ্ৰীয় চৰকাৰে বিগত সময়ছোৱাত ঋণৰ বোজা হ্ৰাস কৰিবলৈ সক্ষম হৈছে ৷ 2014 চনত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত থকা 52.2% ঋণৰ বোজাৰ বিপৰীতে 2019 চনৰ মাৰ্চ মাহলৈ অৱনমিত হৈ 48.7% হয়গৈ ৷" - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
11:18 February 01
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়টো কাৰ্যকালত দ্বিতীয় বাৰৰ বাবে সদনৰ মাজিয়াত উত্থাপন কৰিলে পূৰ্ণাংগ বাজেট
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি দেশবাসীৰ ওচৰত সম্পূৰ্ণ নিষ্ঠাৰে সেৱা আগবঢ়াইছো ৷ দেশৰ জনসাধাৰণে আমাৰ অৰ্থনৈতিক নীতিৰ ওপৰত পূৰ্ণ আস্থা ৰাখিছে ৷
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়টো কাৰ্যকালত দ্বিতীয় বাৰৰ বাবে সদনৰ মাজিয়াত উত্থাপন কৰিলে পূৰ্ণাংগ বাজেট ৷
বিত্তমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে, GST য়ে যাতায়ত আৰু সামগ্ৰী খণ্ডত ইন্সপেক্টৰ ৰাজ বান্ধ কৰি পূৰ্ণ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ ইয়ে ক্ষুদ্ৰ আৰু মধ্যমীয়া বাণিজ্যিক উদ্যোগ কণ্ডক লাভান্বিত কৰিছে ৷ একেদৰে ওভভোক্তা সকলেও GSTৰ পৰা বাৰ্ষিক 1 লাখ কোটি টকাৰ লাভ পাবলৈ সক্ষম হৈছে ৷
11:09 February 01
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰম্ভ কৰিছে বাজেট ভাষণ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰম্ভ কৰিছে বাজেট ভাষণ ৷
11:00 February 01
বাজেট-2020 সদনত দাখিলৰ বাবে অনুমতি
কেন্দ্ৰীয় কেবিনেটে বাজেট-2020 সদনত দাখিলৰ বাবে অনুমতি জনালে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে খন্তেক সময়ৰ পিছতে সদনত দাখিল কৰিব বাজেট ৷ বিত্তমন্ত্ৰী বাজেট ভাষণ শুনিবলৈ সদনত উপস্থিত হৈছে তেওঁৰ জীয়ৰি পৰকালা বাংময়ী সহিতে পৰিয়ালৰ অন্যান্য সদস্যসকল ৷
10:47 February 01
জানুৱাৰী মহাত GSTৰ ৰাজহ 1.1 লাখ কোটি সংগ্ৰহ
জানুৱাৰী মাহত GST ৰাজহ সংগ্ৰহ 1 লাখ কোটিৰো অধিক অতিক্ৰম কৰিলে ৷ জানুৱাৰী মাহলৈ বিগত 3 মাহ ধৰি কৰ বিভাগে লোৱা তৎপৰতাৰ ফলত GST ৰ ৰাজহ 1.1 লাখ কোটি টকা বৃদ্ধি পাইছে ৷
10:31 February 01
সংসদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
সংসদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ বাজেট উত্থাপনৰ বাবে সদনত বৃদ্ধি পাইছে তৎপৰতা ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পিছতেই সংসদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইপিনে বাজেটৰ ছপা কপি সমূহো সংসদ ভৱনলৈ লৈ অহা হৈছে ৷
10:19 February 01
সংসদ ভৱনত উপস্থিত হৈছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ
কেইমূহুৰ্ত মানৰ পাছতে সংসদত বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইতিমধ্যে সংসদ ভৱনত উপস্থিত হৈছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ সহিতে বিত্ত বিভাগৰ শীৰ্ষ বিষয়াসকল ৷
09:56 February 01
বম্বে ষ্টক বজাৰত দেখা গৈছে কিছু তাৰতম্য
কেন্দ্ৰীয় বাজেট উত্থাপনৰ প্ৰাকমুহূৰ্ত্তত বম্বে ষ্টক বজাৰত দেখা গৈছে কিছু তাৰতম্য ৷ ষ্টক বজাৰত সূচাংক 140 পইণ্ট নিম্নগামী হৈ 40,576 পইণ্ট স্পৰ্শ কৰে ৷ একেদৰে নিফটিৰ সূচাংকইয়ো 126.50 পইণ্ট নিম্নগামী হৈ 11,910 পইণ্টত অৱস্থান কৰে ৷
09:49 February 01
বাজেট দাখিলৰ পূৰ্ৱে কেবিনেট বৈঠক
বিত্তবৰ্ষ 2020-21ৰ বাজেট দাখিলৰ পূৰ্ৱেই 10.15 বাজত সংসদত অনুষ্ঠিত হ'ব কেবিনেট বেঠক ৷ ইয়াৰ পূৰ্ৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সহযোগী সকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব ৷
09:13 February 01
ইতিমধ্যে নিৰ্মলা সীতাৰমণ বাটেজ উত্থাপনৰ পূৰ্ৱে নিজ মন্ত্ৰালয়ত উপস্থিত হৈছে ৷ একেদৰে উপস্থিত হৈছে বিত্ত ৰাজ্য় মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷
নিউজ ডেক্স, 1 ফেব্ৰুৱাৰীঃ কিছু সময়ৰ পিছতেই অথাৎ 11 বাজত সংসদত বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে 2020 বৰ্ষৰ বাজেট দাখিল কৰিব ৷ ইতিমধ্যে নিৰ্মলা সীতাৰমণ বাটেজ উত্থাপনৰ পূৰ্ৱে নিজ মন্ত্ৰালয়ত উপস্থিত হৈছে ৷ একেদৰে উপস্থিত হৈছে বিত্ত ৰাজ্য় মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷ প্ৰাৰম্ভিক মন্তব্যত অনুৰাগ ঠাকুৰে কয় " প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে 'সবকা চাথ,সবকা বিকাশ নীতিত বিশ্বাস কৰে ৷' আমি ইতিমধ্য সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা পৰামৰ্শ লাভ কৰিছো ৷ চৰকাৰে এই বাজেটৰ জৰিয়তে সকলো পক্ষৰে উন্নয়ন হোৱাকৈ পৰিকল্পনা হাতত লোৱাৰ চেষ্টা কৰিছে ৷"

UNION BUDGET 2020LIVE UPDATE
Conclusion: