ETV Bharat / bharat

ভাৰত চীনৰ সেনা পৰ্যায়ৰ পৰৱৰ্তী আলোচনাক লৈ অনিশ্চয়তা - ভাৰত চীনৰ সেনা পৰ্যায়ৰ পৰৱৰ্তী আলোচনাক লৈ অনিশ্চয়তা

ভাৰতীয় সেনাৰ এক সূত্ৰই সদৰি কৰিছে যে,বৃহস্পতিবাৰে সেনা পৰ্যায়ৰ আলোচনাৰ বাবে ভাৰতীয় সেনাৰ সৰ্বাত্মক চেষ্টাৰ পিছতো চীনা পক্ষই দিনাংক ঘোষণা কৰিবলৈ অমান্তি হ'ল। ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে,বেইজিঙে সময়ক লৈ খেলিব । বিষয়টো লৈ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ।

ভাৰত চীনৰ সেনা পৰ্যায়ৰ পৰৱৰ্তী আলোচনাক লৈ অনিশ্চয়তা

author img

By

Published : Jul 30, 2020, 8:55 PM IST

নিউজ ডেস্ক,৩০জুলাই: ভাৰতীয় সেনা আৰু চীনৰ পি এল এৰ দুয়ো পক্ষৰ অসন্মতি আৰু আলোচনাৰ বৰ্ধিত প্ৰক্ৰিয়াত বাধা(DDP)ৰ বাবে এতিয়া সেনা পৰ্যায়ৰ আলোচনাৰ ক্ষেত্ৰত আহি পৰিছে অনিশ্চয়তা । এনে ক্ষেত্ৰত চিনা সেনা পি এল এ বাস্তৱিকতেই আলোচনাৰ অগ্ৰগতিত বাধা দিব বিচাৰিছে নে সঁচাকৈয়ে সময়ক লৈ খেলি আছে !

ভাৰতীয় সেনাৰ এক বিশেষ সূত্ৰই ইটিভি ভাৰতক সদৰি কৰা মতে,বৃহস্পতিবাৰে ভাৰতীয় সেনাই সেনা পৰ্যায়ৰ আলোচনাৰ বাবে ভাৰতীয় সেনাৰ সৰ্বাত্মক প্ৰচেষ্টাৰ পিছতো চীনা সেনা পি এল এয়ে তাৰিখ ঘোষণা কৰিবলৈ অমান্তি হ'ল ।

সূত্ৰটোৰ মতে চীনা পক্ষই তাৰিখ নিৰ্ধাৰণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিলে। এই নতুন বিবাদে এতিয়া পেংগং লেকৰ প্ৰসংগত মুখবন্ধ হিচাপে ধৰা দিব ।

চীনা সেনা পি এল এয়ে যি ধৰণে পেংগং লেকৰ বিবাদ সমাপ্ত কৰিব বিচাৰিছে সেই ধৰণে ভাৰতীয় সেনাইও সমস্ত বিষয়সমূহ আলোচনাৰ সূচীত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী। সেনা সূত্ৰই জনোৱা মতে,আলোচনাৰ বাবে প্ৰাথমিক সূচীৰ তালিকাখনক লৈ দুয়োপক্ষৰ সন্মতি অবিহনে আলোচনাৰ তাৰিখ নিৰ্ধাৰণ কৰাটো অসম্ভৱ ।

ইতিমধ্যে ভাৰতীয় সেনা আৰু চীনা সেনাৰ পি এল এৰ মাজত চাৰিখন বৈঠক ৬জুন,২২জুন,৩০জুন আৰু ১৪ জুলাইত দুয়ো দেশৰ নিয়ন্ত্ৰণ ৰেখা (LAC)ত অৱস্থিত চুছুল মলড'ত(Chushul Moldo) অনুস্থিত হৈ গৈছে ।

LACত চীনৰ দিশত থকা সুবিধাৰ ওপৰিও,পূব লাডাখৰ দিশত পচণ্ড ঠাণ্ডাৰ মুখামুখি হোৱা ভাৰতীয় সেনাতকৈ চীনা সেনা ৰেচন তথা অত্যাধুনিক সা সৰঞ্জামেৰে অধিক সষ্টম হৈ আছে ।

লগতে চাওকঃ জম্মু কাশ্মীৰত নিহত সন্ত্ৰাসবাদীৰ সহযোগীৰ ঘৰত এন আই এৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.