ETV Bharat / bharat

চট্টিশগড়ৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ অনিশ্চয়তা

author img

By

Published : Dec 11, 2020, 7:34 PM IST

চট্টিগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু স্বাস্থ্য মন্ত্ৰী টি এচ সিঙ দেও ৰ মাজত উদ্ভৱ হোৱা নীতিগত মতভেদৰ পাছতে চট্টিশগড়ৰ ৰাজনৈতিক ধুমুহাই বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ টি এচ সিঙ দেওৰ এক মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী বাঘেলেও হাই কামাণ্ডে নিৰ্দেশ দিলে তেওঁ পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে ৷

Uncertainty again looms over Chhattisgarh CM post
চট্টিশগড়ৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ অনিশ্চয়তা

নেচনেল ডেস্ক, 10 ডিচেম্বৰ : চট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু স্বাস্থ্যমন্ত্ৰী টিএচ সিঙ দেওৰ মাজত বিভেদৰ সৃষ্টি হোৱাৰ পাছতে চট্টিশগড়ৰ মুখ্যমন্ত্ৰী আসনক লৈ পুনৰ অনিশ্চয়তাই আগুৰি থকাৰ সময়তে সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথা-বাৰ্তাত বাঘেলে কয় যে মুখ্যমন্ত্ৰীৰ আসন খন স্থায়ী নহয় আৰু এই সন্দৰ্ভত সকলো সিদ্ধান্ত দলৰ সদস্যসকলে গ্ৰহণ কৰিব ৷

মুখ্যমন্ত্ৰীৰ আসন খনৰ প্ৰতি তেওঁৰ কোনো মোহ নাই আৰু তেওঁৰ ইচ্ছা কেৱল ৰাইজৰ বাবে কাম কৰাৰহে বুলি উল্লেখ কৰি বাঘেলে কয় যে , "মই জানো কিছুমান লোকৰ মোৰ সৈতে আৰু ৰাজ্যখনৰ উন্নয়নৰ সৈতে সমস্যা আছে ৷ যদিহে দলৰ হাই কামাণ্ডে নিৰ্দেশ দিয়ে তেন্তে মই মোৰ পদৰ পৰা অব্যাহতি ল'ম " ৷

এই কথাৰো চৰ্চা চলিছে যে ৰাহুল গান্ধীৰ 2.5 বছৰৰ ফৰ্মুলা অনুসৰি টিএচ সিঙ দেওক কংগ্ৰেছৰ কাৰ্যকালৰ দ্বিতীয় ভাগৰ শাসন মুখ্যমন্ত্ৰী হিচাপে চলোৱাৰ দায়িত্ব প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷ কিন্তু 2019 চনত কংগ্ৰেছৰ বিপৰ্যয় আৰু ৰাহুল গান্ধীৰ প্ৰতীকি পদত্যাগৰ পাছতে বাঘেল আৰু সিঙ দেওৰ মাজত বিভেদ আৰম্ভ হয় ৷

কিছুদিনৰ পূৰ্বে ইটিভি ভাৰতক স্বাস্থ্যমন্ত্ৰী টিএচ সিঙ দেওৱে আঢ়ৈবছৰীয়া কাৰ্যকালৰ কথা উল্লেখ কৰি কৈছিল যে চট্টিশগড়ত মুখ্যমন্ত্ৰীৰ শাসনৰ সময়সীমা নিৰ্দিষ্ট কৰা থাকে আৰু ৰাজনীতিত কেতিয়াও একো স্থায়ী নহয় ৷

সিঙ দেওৱে ইটিভি ভাৰতক এইবুলি কয় , "অৰ্জুন সিঙক আমি দুদিনৰ মুখ্যমন্ত্ৰী হিচাপেও পাইছো লগতে 15 বছৰৰ মুখ্যমন্তৰী হিচাপেও পাইছো ৷ এতিয়া সময় আৰু পৰিস্থিতি সাপেক্ষে দলৰ হাই কামাণ্ডে মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷

শেহতীয়াকৈ কংগ্ৰেছৰ ৰাজ্যিক ইন-চাৰ্জ পিএল পুনিয়া , মুখ্যমন্ত্ৰী ভূপেশ বাঘেল , মোহন মাৰকামৰ লগতে বহুকেই গৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়কক হঠাৎ নিশাৰ আহাৰৰ বাবে টিএচ সিঙৰ ঘৰত প্ৰত্যক্ষ কৰা হৈছিল ৷

এই ঘটনাৰ পাছতে বিভিন্ন মহলত এই লৈ চৰ্চা চলিছিল যে টিএচ সিঙ দেও দলৰ ওপৰত সুখী হোৱা নাছিল আৰু সেয়ে মুখ্যমন্ত্ৰী ভাঘেল আৰু সিঙ দেওৰ মাজৰ ব্যৱধান আঁতৰ কৰাৰ বাবে এই আহাৰৰ আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক:জে পি নাড্ডা কনভয় আক্ৰমণক লৈ কটাক্ষ সাংসদ মহুৱা মৈত্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.