ETV Bharat / bharat

পৰীক্ষা পৰিচালনাৰ সংশোধিত নিৰ্দেশনা জাৰি UGC ৰ - উজিচিয়ে অনলাইন বা অফলাইন যোগে ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা সমাপ্ত কৰাৰ নিৰ্দেশ

বিশ্ববিদ্য়ালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানত টাৰ্মিনাল ষান্মাষিক আৰু চূড়ান্ত পৰীক্ষা সংক্ৰান্তত সংশোধিত নিৰ্দেশিকা জাৰি ইউজিচিৰ । বিশ্ববিদ্যালয়, কলেজ সমূহত অনলাইন, অফলাইন আৰু ব্লেন্ডেড মোড (blended mode) ৰ জৰিয়তে ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা সমাপ্ত কৰাৰ পৰামৰ্শ প্ৰদান ।

UGC issues revised guidelines for conduct of exams

author img

By

Published : Jul 7, 2020, 4:23 PM IST

নিউজ ডেস্ক, 7 জুলাই : ক'ভিড-19 ৰ প্ৰতি লক্ষ্য় ৰাখি ইউজিচিয়ে অনলাইন বা অফলাইন যোগে ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা পৰিচালনাৰ সংক্ৰান্তত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শক অনুমোদন জনাইছে ।

এক বিবৃতি প্ৰকাশ কৰি ইউজিচিয়ে জনায় যে, বিশেষজ্ঞ কমিটিৰ দ্বাৰা প্ৰস্তাৱিত প্ৰস্তাৱ সমূহক অনুমোদন জনোৱা হৈছে । 29.04.2020 ত জাৰি কৰা পূৰ্বৰ নিৰ্দেশ সমূহৰ ধাৰাবাহিকতা আৰু বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ক'ভিড-19 মহামাৰীৰ বিষয়ে বিশ্ববিদ্যালয় সমূহৰ বাবে পৰীক্ষা আৰু একাডেমীক কেলেণ্ডাৰ সন্দৰ্ভত ইউজিচি সংশোধিত নিৰ্দেশিকাক আয়োগে 6 জুলাই 2020 ত হোৱা আকস্মিক বৈঠকত মঞ্জুৰী প্ৰদান কৰে বুলি বিবৃতত কোৱা হৈছে ।

আয়োগে লগতে কয় যে, স্বাস্থ্য়, সুৰক্ষা, সমান অধিকাৰ আদি বিষয় সমূহ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণৰ লগতে শৈক্ষিক বিশ্বাসযোগ্যতা, কৰ্মজীৱনৰ সুযোগ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ অগ্ৰগতি নিশ্চিত কৰাটোও অধিক গুৰুত্বপূৰ্ণ ।

আয়োগে টাৰ্মিনাল ষান্মাষিক/ বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান সমূহৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ মাহৰ ভিতৰত অফলাইন (কলম আৰু কাগজ অনলাইন/ব্লেন্ডেড (অনলাইন + অফলাইন) মোডত সম্পন্ন কৰাৰ অনুমোদন প্ৰদান কৰিছে ।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে "নিশাংক" টুইট কৰি কয়, বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্য়ালয়ৰ পৰীক্ষাৰ সৈতে জড়িত পূৰ্বৰ নিৰ্দেশনা পুনৰ বিবেচনা কৰিছে । ইউজিচিয়ে 29 এপ্ৰিলত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে এখন সূচক একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰিছে যাতে নিৰ্ধাৰিত হয় যে বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষ বা টাৰ্মানাল ষান্মাষিক পৰীক্ষা 1 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত চলিব আৰু তাৰ ফলাফল মাহৰ শেষৰ অন্তত ঘোষণা কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.