নেশ্বনেল ডেস্ক, 30 নৱেম্বৰ : শনিবাৰে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা-কংগ্ৰেছ-এনচিপি মিত্ৰজোঁট আস্থা ভোটৰ সন্মুখীন হ'ব ৷ বিধানসভাৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, নৱ গঠিত চৰকাৰখনে আস্থা ভোটত সহজে উত্তীৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ সদনত নৱ-নিৰ্বাচিত মন্ত্ৰীসকলৰ পৰিচয় গ্ৰহণৰ পাচতে এই আস্থা ভোট অনুষ্ঠিত কৰা হ'ব ৷
ইয়াৰ পাচতে বিধানসভাত বিৰোধী দলৰ নেতাজনৰ নাম ঘোষণা কৰিব অধ্যক্ষগৰাকীয়ে ৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বি. কে. কোশয়াৰীয়ে 3 ডিচেম্বৰৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ বিধানসভাৰ 288 খন আসনৰ 162 খনত এই মিত্ৰজোঁটৰ চৰকাৰৰ বিধায়ক আছে ৷
উল্লেখ্য যে, চৰকাৰ গঠনক লৈ বিজেপিৰ সৈতে শিৱসেনাৰ সংঘাত হোৱাৰ পাচতে শিৱসেনা-এনচিপি-কংগ্ৰেছে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰে ৷ 21 অক্টোবৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে 105 খন আসন দখল কৰাৰ পৰিৱৰ্তে শিৱসেনা, এনচিপি আৰু কংগ্ৰেছে ক্ৰমে 56, 54 আৰু 44 খন আসন দখল কৰিছিল ৷
আৰু পঢ়ক : অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ সদনত ৰিপুন বৰাৰ আহ্বান