ETV Bharat / bharat

মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম,ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভূটানলৈ ‘TX2 Conservation Excellence’ বঁটা

author img

By

Published : Nov 24, 2020, 5:49 PM IST

উল্লেখ্য যে, ৰাষ্ট্ৰীয় আইন অনুসৰি বাঘৰ জনবসতি সম্পন্ন অঞ্চলসমূহক ‘site’ বুলি কোৱা হয় ৷ বাঘৰ সুৰক্ষাৰ বাবে কাম কৰা চৰকাৰী সংস্থাসমূহে নিজৰ দেশ/ৰাজ্য তথা প্ৰদেশৰ এই ‘site’ সমূহক মনোনীত কৰিব পাৰে ৷ যদিও Global Tiger Initiative, Global Tiger Forum, WWF এ ‘TX2’ৰ লক্ষ্যক আগুৱাই নিয়ে ৷ 13 টা ব্যঘ্ৰ ক্ষেত্ৰক সমৰ্থন জনাই চৰকাৰেও মিত্ৰতাৰে তেওঁলোকৰ চৰ্তসমূহ সম্পূৰ্ণ কৰা, আঁইন, উপদেশ আৰু একত্ৰিত সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

TX2 Conservation Excellence Award for Manas National Park of Assam, Royal Manas National Park of Bhutan
মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম,ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভূটানলৈ ‘TX2 Conservation Excellence’ বঁটা

নিউজ ডেস্ক, 24 নৱেম্বৰঃ অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছে চলিত বৰ্ষৰ ‘TX2 Conservation Excellence’ বঁটা ৷ উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ হৈ কাম কৰা সংগঠন ‘আৰণ্যক’য়ে দুয়োখন ৰাষ্ট্ৰীয় উদ্যানকে এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ আৰণ্যকে টুইটযোগে কয়, ‘Conservation Excellence বঁটাৰে সন্মানিত হোৱা বাবে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অভিনন্দন ৷ কেনেদৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানে বছৰ বছৰ ধৰি অঞ্চলটোৰ গৌৰৱ ওভটাই আনিবলৈ সক্ষম হৈছে তাক আমি অতি সুক্ষ্মভাৱে প্ৰত্যক্ষ কৰি আহিছো ৷’

দুইৰ পৰা পাঁচটা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা এটা অঞ্চলক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ এই শিতানকেইটা হ’ল- ‘বাঘ আৰু চিকাৰৰ জনসংখ্যা নিৰীক্ষণ আৰু গৱেষণা’,‘কাৰ্যকৰী অঞ্চল পৰিচালনা’, আইন প্ৰণয়ন সম্প্ৰসাৰণ, সংৰক্ষণ আৰু ৰেঞ্জাৰ ৱেলফেয়াৰ উন্নয়ন’,‘সম্প্ৰদায় ভিত্তিক সংৰক্ষণ, লাভ, মানুহ-বন্যজীৱ সংঘাত প্ৰশমন আৰু বাসস্থান তথা চিকাৰ পৰিচালনা’ ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় আইন অনুসৰি বাঘৰ জনবসতি সম্পন্ন অঞ্চলসমূহক ‘site’ বুলি কোৱা হয় ৷ বাঘৰ সুৰক্ষাৰ বাবে কাম কৰা চৰকাৰী সংস্থাসমূহে নিজৰ দেশ/ৰাজ্য তথা প্ৰদেশৰ এই ‘site’ সমূহক মনোনীত কৰিব পাৰে ৷ যদিও Global Tiger Initiative, Global Tiger Forum, WWF এ ‘TX2’ৰ লক্ষ্য আগুৱাই নিয়ে ৷ 13 টা ব্যঘ্ৰ ক্ষেত্ৰক সমৰ্থন জনাই চৰকাৰেও মিত্ৰতাৰে তেওঁলোকৰ চৰ্তসমূহ সম্পূৰ্ণ কৰা, আঁইন, উপদেশ আৰু একত্ৰিত সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত দক্ষিণ অসমৰ 500 বৰ্গ কিলোমিটাৰ আৰু ভূটানৰ 1,057 বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে ৷ আনহাতে ভাৰতীয় অংশত ব্যঘ্ৰ প্ৰকল্প (Tiger Project)ৰ অধীনত 2,837 বৰ্গ কিলোমিটাৰ অঞ্চল অন্তৰ্ভূক্ত হৈ আছে ৷

Tx2 হ’ল বিশ্বব্যাপী 2022 চনৰ ভিতৰত বাঘৰ জনসংখ্যা বৃদ্ধি কৰা এক লক্ষ্য ৷ Tx2ৰ এই লক্ষ্যৰে অনুপ্ৰাণিত 13 খন ৰাষ্ট্ৰৰ ভিতৰত ভূটান অন্যতম ৷ 2010 চনৰ পৰা 2016 চনৰ ভিতৰত ভূটানত বাঘৰ সংখ্যা 10ৰ পৰা 22 টালৈ বৃদ্ধি হয় ৷ যিকোনো এটা জীৱকূল ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা লক্ষ্যৰ ভিতৰত ই অন্যতম ৷

লগতে পঢ়ক-তৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.