তেজপুৰ, 18 ফেব্ৰুৱাৰীঃ দেওবাৰে বাংগালোৰ চহৰত দেখা গ'ল দুখন ব্যতিক্ৰমী বিবাহ ৷ বাংগালোৰ চহৰৰ এটা কান্নাড়া ভাষিক পৰিয়ালৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনাৰ খাদ্যসম্ভাৰত দেখা গ'ল অসমীয়া খাদ্য ৷ অসমৰ পিঠা আপ্যায়ন কৰা হয় বহিৰাগত এই বিশেষ বিবাহখনত ৷ উল্লেখ্য যে, কেইবছৰমান পূৰ্বে কৃষি বিত্তীয় বিশেষজ্ঞ সতীশ চন্দ্ৰ চিন্তামনি অসমলৈ আহিছিল কৰ্মসূত্ৰে ৷ অসম ভ্ৰমণ কৰোতে তেওঁ পিঠাৰ জুতি লৈছিল, সেই তৃপ্তি পাহৰিব নোৱাৰি কন্যাৰ বিয়াত এনেদৰে অতিথিক সকলক পৰিচয় কৰাই দিয়ে অসমীয়া পিঠাৰ সৈতে ৷ দক্ষিণ ভাৰতৰ ৰাইজৰ আগত পিঠা সম্পৰ্কে পৰিচয় কৰাই দিয়াৰ মানসেৰে সতীশ চন্দ্ৰ চিন্তামনিয়ে অসম এছ’চিয়েচন বাংগালোৰৰ প্ৰণৱজ্যোতি বৰাৰ লগত যোগাযোগ কৰি এই পিঠাৰ ব্যৱস্থা কৰে ৷
ইয়াৰ সমান্তৰালভাৱে, বাংগালোৰতে আয়োজন কৰা হৈছিল আন এখন বিশেষ বিয়া য'ত সম্পূৰ্ণ অসমীয়া নীতি নিয়মৰে সম্পন্ন কৰা হয় বৰ্তমানৰ অসম এছ’চিয়েচন বাংগালোৰৰ সভাপতি দিজেন চন্দ্ৰ বৰকটকীৰ কন্যাৰ শুভ বিবাহ ৷ ঢোল-তাল, বাঁহী বজাই বিহু গীতৰ তালে তালে নাচি বাগি দৰাক পদূলিৰ পৰা বিবাহ মণ্ডপলৈ আদৰি আনে পৰেশ বৰাৰ বিহুৱা দলে ৷ কেইবা বছৰৰ মূৰত বাংগালোৰ চহৰত প্ৰবাসী অসমীয়াৰ লগতে অনা-অসমীয়া সকলেও ঢোলৰ চেৱে চেৱে এপাক কঁকাল ভাঙি নাচিলে ৷ অসমত অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন বুলি পৰ্যালোচনা কৰি থকাৰ সময়ত বহিঃৰাজ্যত আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰতিফলিত হোৱা আগ্ৰহ আৰু শ্ৰদ্ধা সঁচাকৈয়ে প্ৰশংসনীয় ৷
লগতে পঢ়কঃ মুক্তি পালে তেজছ ছবিৰ নতুন লুক