নেচনেল ডেস্ক, 6 অক্টোবৰঃ তেলেংগানাত এক বিমান দুৰ্ঘটনাত পতিত হৈ দুজনকৈ শিকাৰু বৈমানিক নিহত হয় ৷ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ চহৰৰ বেগমপেঠ বিমানবন্দৰৰ পৰা প্ৰশিক্ষণৰ উদ্দেশ্যৰে উৰা মৰা বিমানখন ৰাজ্যখনৰ বিকাৰাবাদ জিলাৰ চুলতানপুৰৰ সমীপৱৰ্তী অঞ্চলত দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত বিমানখনত শিকাৰু বৈমানিক হিচাবে থকা প্ৰকাশ বিশাল আৰু আমানপ্ৰীত কৌৰ থিতাতে নিহত হয় ৷ স্থানীয় ৰাইজে বিমানখন ভূপতিত হোৱাৰ কথা আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত ক্ষত-বিক্ষত এজন বৈমানিকৰ মৃতদেহটো শিকাৰু বৈমানিক প্ৰকাশ বিশালৰ বুলি চিনাক্ত কৰিছে ৷
উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে দিনৰ 11 বাজি 55 বজাৰ পাছত বিমানখনৰ সৈতে বেগমপেট বিমানকোঠৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷
লগতে চাওক