কলকাতা, ৪ মে': পশ্চিমবংগত দেওবাৰে Covid-১৯ ত মৃত্যু হয় আন দুজনকৈ লোকৰ । ইয়াৰ লগে-লগেই ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৫০ লৈ । আনহাতে ৰাজ্যখনত নতুনকৈ ধৰা পৰিছে মুঠ ৪১ টাকৈ ঘটনা । দেওবাৰে এই কথা ৰাজ্যিক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ।
বৰ্তমানলৈকে পশ্চিমবংগত মুঠ ৯২৭ টা কৰ'ণা ভাইৰাছত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে । অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ পৰা ৯২২ গৰাকীৰ তথ্যহে উল্লেখ কৰা হৈছে । ৰাজ্যখনত এতিয়াও Covid-১৯ ৰ ৬৬৩ টা সক্ৰিয় ঘটনা পঞ্জীকৃত হৈ আছে ।
শেহতীয়াকৈ প্ৰগতি মৈদান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দেহত আৰু ৰাজ্য চৰকাৰৰ জেষ্ঠ বিষয়াৰ দেহতো কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । বৰ্তমানলৈকে পশ্চিমবংগত ২২,৯১৫ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে ।