ETV Bharat / bharat

লকডাউনৰ মাজতে দূৰ্ঘটনাত পুনৰ নিহত শ্ৰমিক, 14 গৰাকী আহত - Jalaun Accident

কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দিয়া লক ডাউনৰ সংকটময় সময়ত আটাইতকৈ বেছি কষ্ট ভোগ কৰিব লগীয় হৈছে শ্ৰমিক সকলে । তাৰ মাজতে ঘৰলৈ বুলি ওভতা বহু শ্ৰমিকে এই সময়চোৱাত প্ৰাণ হেৰুৱাব লগীয়া হৈছে ।

পুণৰ দুৰ্ঘটনাত মৃত্যু প্ৰৱজক শ্ৰমিকৰ
পুণৰ দুৰ্ঘটনাত মৃত্যু প্ৰৱজক শ্ৰমিকৰ
author img

By

Published : May 15, 2020, 10:44 AM IST

উত্তৰ প্ৰদেশ, 15 মে': দেশৰ ভিন্ন প্ৰান্তত দূৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাইছে শ্ৰমিক সকলে । তাৰ মাজতেই পুনৰ আন এক দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকী শ্ৰমিকে । আনহাতে আহত হৈছে আন 14 গৰাকী শ্ৰমিক ।

উত্তৰ প্ৰদেশত শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা । লক ডাউনত বিগত দিন কেইটা আৱদ্ধ হৈ থকাৰ পিছত ট্ৰাক এখনেৰে নিজ গৃহলৈ তেওঁলোক ৰাওনা হৈছিল । উত্তৰ প্ৰদেশৰ জালাউন জিলাত শ্ৰমিক সকলে যাত্ৰা কৰি থকা ট্ৰাক খনে আন এখন বাহনত খুন্দা মাৰি দূৰ্ঘটনাত পতিত হয় । ঘটনাটোত মৃত্যু হয় দুজন শ্ৰমিকৰ আৰু আহত হয় 14 জন । আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ  কৰা হৈছে

কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25 মাৰ্চৰ পৰা লক ডাউন ঘোষণা কৰিছিল । এই সময়চোৱাত কল-কাৰখানা, উদ্যোগ- প্ৰতিস্থান সকলো বন্ধ আছিল । লগতে বন্ধ আছিল যাতায়ত-পৰিবহনো । সেয়ে এই সময়চোৱাত আটাইতকৈ দুৰ্ভোগ ভুগিছিল দৈনিক খাটি খোৱা শ্ৰমিক সকলে । বহি ৰাজ্য বা ঘৰৰ পৰা দূৰৈত কাম কৰিব গৈ আবদ্ধ হৈ পৰা শ্ৰমিক সকলক ঘৰলৈ ওভতাবৰ বাবে চৰকাৰে প্ৰথমে গ্ৰহণ কৰা নাছিল কোনো পদক্ষেপ । সেয়ে উপায়হীন হৈ দেশৰ ভিন্ন প্ৰান্তত ৰাজ পথ-ৰেল পথ সকলোৰে শ শ অথবা সহস্ৰ কিল'মিটাৰ পদব্ৰজে শ্ৰমিক সকল নিজ গৃহলৈ উভতিছিল । কোনো কোনো শ্ৰমিকে বাহন দেখিলেই তাত উঠি কিছু সকাহ পাইছিল । এনে সময়ত দুৰ্ঘটনাও অনেক সংঘটিত হৈছে আৰু বহু শ্ৰমিৰে প্ৰাণ হেৰুৱাৰ লগতে বহু আহতও হৈছে ।

উল্লেখ্য যে, 1 মে'ৰ পৰা কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকক উদ্ধাৰৰ বাবে বিশেষ "শ্ৰমিক" ৰে'ল আৰু বাছৰ ব্যৱস্থা কৰিছে । অৱশ্যে বহু শ্ৰমিক এই সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.