ETV Bharat / bharat

চীনৰ টিক টকৰ বিকল্প উদ্ভাৱন কৰিলে দুই কাশ্মীৰি ভাতৃয়ে - অভিযন্তা মহম্মদ ফাৰুক ৱানি

ছফ্‌টৱেৰ অভিযন্তা মহম্মদ ফাৰুক ৱানি আৰু এম বি এ তথা ছফ্‌টৱেৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল’মাধাৰী তেওঁৰ অনুজ ভাতৃ টিপু চুলতান ৱানিয়ে বৰ্তমানলৈকে তিনিটাতকৈ ম’বাইল এপ সফলতাৰে নিৰ্মাণ কৰি উলিয়াছে ৷ চীনা এপ ‘টিক টক’ৰ বিকল্প ‘নিউকুলাৰ’ এপ হ’ল ভাতৃদ্বয়ৰ শেহতীয়া সৃষ্টি ৷ উন্মোচন হোৱাৰ মাত্ৰ কিছুদিনৰ ভিতৰতেই ইতিমধ্যেই এশতকৈও অধিক লোকে তেওঁলোকৰ ম’বাইল ফোনবোৰত এই এপ্লিকেশ্বন বিধ ডাউনল’ড কৰিছে ৷

চীনৰ টিক টকৰ বিকল্প উদ্ভাৱন কৰিলে দুই কাশ্মীৰি ভাতৃয়ে

author img

By

Published : Oct 13, 2020, 3:44 PM IST

নিউজ ডেস্ক,13 অক্টোবৰঃ মধ্য কাশ্মীৰৰ বাদগাম জিলাৰ দুজন ভাতৃয়ে হস্ৰ দৈৰ্ঘৰ ভিডিঅ’ নিৰ্মাণৰ বাবে সফলতাৰে এক ম’বাইল এপ্লিকেশ্যনৰ বিকাশ কৰিছে ৷ লাডাখ অঞ্চলৰ সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ‘সুৰক্ষাজনিত’ কাৰণত অলপতে চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰা চীনা এপ টিক টকৰ বিকল্প হিচাপে এই ম’বাইল এপ্লিকেশ্যন নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই নতুন এপবিধক ‘নিউকুলাৰ’ নামেৰে নামাংকৃত কৰা হৈছে আৰু ই এতিয়া গুগুল প্লে’ ষ্ট’ৰতো উপলব্ধ ৷

চীনা এপ টিক টকৰ বিকল্প
চীনা এপ টিক টকৰ বিকল্প

ছফ্‌টৱেৰ অভিযন্তা মহম্মদ ফাৰুক ৱানি আৰু এম বি এ তথা ছফ্‌টৱেৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল’মাধাৰী তেওঁৰ অনুজ ভাতৃ টিপু চুলতান ৱানিয়ে বৰ্তমানলৈকে তিনিটাতকৈ ম’বাইল এপ সফলতাৰে নিৰ্মাণ কৰি উলিয়াছে ৷ চীনা এপ ‘টিক টক’ৰ বিকল্প ‘নিউকুলাৰ’ এপ হ’ল ভাতৃদ্বয়ৰ শেহতীয়া সৃষ্টি ৷ উন্মোচন হোৱাৰ মাত্ৰ কিছুদিনৰ ভিতৰতেই ইতিমধ্যেই এশতকৈও অধিক লোকে তেওঁলোকৰ ম’বাইল ফোনবোৰত এই এপ্লিকেশ্বন বিধ ডাউনল’ড কৰিছে ৷

পূৰ্ৱতে ভাতৃদ্বয়ে “ডকুমেন্ট স্কেনাৰ” আৰু “ফাইল শ্বেয়াৰইট টুল” নামেৰে দুই ম’বাইল এপৰ নিৰ্মাণ কৰি উলিয়াইছিল ৷ উল্লেখ্য যে এই দুই এপ চীনা এপ শ্বেয়াৰইট আৰু কে’ম স্কেনাৰৰ বিকল্প এপ হিচাপে নিৰ্মাণ কৰা হৈছিল ৷

এইখিনতে উল্লেখ কৰা প্ৰাসংগিক হ’ব যে ভাৰত আৰু চীনৰ মাজত লাডাখৰ গালৱান উপত্যকাত হোৱা ৰক্তাক্ত সংঘাতৰ পৰিণতিত ভাৰত চৰকাৰে টিক টককে ধৰি ২২৪ বিধ চীনা ম’বাইল এপৰ ওপৰত বিগত মাহত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ৷

টিক টক আছিল ভাৰতবৰ্ষত আটাইতকৈ চৰ্চিত আৰু ব্যাপক হাৰত ব্যৱহৃত হোৱা চীনা ম’বাইল এপ ৷ এই এপ বিধৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ আগলৈকে জনসাধাৰণ তথা কথাছবিৰ বহু জনপ্ৰিয় তাৰকাই ইয়াক বহুলভাৱে ব্যৱহাৰ কৰিছিল ৷

কাশ্মীৰি ভাতৃদ্বয়ৰ কাৰ্যই “অভাৱেই যে আৱিস্কাৰৰ মূল” বোলা কথাষাৰৰেই সত্যতা পুনৰ প্ৰতিপন্ন কৰিলে ৷ টিক টকৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতাৰ ফলত জনসাধৰণৰ মাজত এক বিকল্প এপৰ অভাৱ অনুভূত হয় ৷ কাশ্মীৰি ভাতৃদ্বয়ে ইয়াৰ দায়িত্ব মূৰ পাতি লয় আৰু এক বিকল্প এপ নিৰ্মাণ কৰি উলিয়াই ৷

ৱানি ভাতৃদ্বয়ে পূৰ্ৱে নিৰ্মাণ কৰি উলিওৱা “ফাইল শ্বেয়াৰইট টুল” আৰু “ ডকুমেন্ট স্কেনাৰ টুল”, দুয়োবিধ এপেই গুগুল প্লে’ ষ্ট’ৰত উপলব্ধ ৷

এই পৰ্যন্ত “ফাইল শ্বেয়াৰইট টুল” এপবিধ দহ হাজৰতকৈও অধিক লোকে ডাউনল’ড কৰিছে ৷ ইয়াক ব্যৱহাৰকাৰীসকলে ৪.১ ৰেটিং প্ৰদান কৰিছে ৷ “ডকুমেন্ট স্কেনাৰ টুল” এপবিধ এতিয়ালৈকে এশ লোকে ডাউনল’ড কৰিছে ৷ উভয় ম’বাইল এপেই ব্যৱহাৰকাৰীসকলৰ পৰা প্ৰসংশাসূচক মন্তব্য পাবলৈ সক্ষম হৈছে ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ দ্বাৰা পৰিচালিত হোৱা “মন কি বাত” নামৰ ৰেডিঅ’ অনুষ্ঠানটিত দুয়োগৰাকী কাশ্মীৰি ভাতৃক বিকল্প চীনা ম’বাইল এপ্লিকেশ্যন নিৰ্মাণ কৰাৰ বাবে প্ৰসংশা কৰিছে ৷

ই টিভি ভাৰতৰ সৈতে হোৱা কথোকথনত টিপু চুলতান ৱানিয়ে কয় যে চৰকাৰে চীনা এপবোৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাচতেই এক বিকল্প এপ নিৰ্মাণৰ চিন্তাটোৱে তেওঁলোকৰ মনত টোকৰ মাৰে ৷

তেওঁ কয়, “মানুহে আমাৰ কামৰ প্ৰসংশা কৰিছে ৷ আমাৰ পূৰ্ৱৰ এপকেইটা ব্যৱহাৰ কৰাৰ পাচত বহু লোকে আমাক টিক টকৰ এক বিকল্প এপ নিৰ্মাণ কৰি উলিয়াবলৈ পৰামৰ্শ দিছিল আৰু আমি দুয়ো ভাতৃয়ে এমাহৰ ভিতৰতে ‘নিউকুলাৰ’ এপৰ নিৰ্মাণ সম্পূৰ্ণ কৰো ৷ আমি এই এপৰ মডিউল এনে ৰূপত প্ৰস্তুত কৰি উলিয়াইছো যাতে ইন্টাৰনেটৰ টু জি স্পীডতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায় ৷ ‘নিউকুলাৰে’ টিক টকৰ দৰেই কাম কৰিব ৷ কিন্তু ইয়াৰ ডিজাইন আৰু বিকাশ সুকীয়াকৈ কৰা হৈছে ৷ আমি ইয়াত কিছুমান বিশেষ সুবিধাৰ সংযোজন কৰিছো আৰু নিকট ভৱিষ্যতে পুনৰ ইয়াক আপগ্ৰে’ড কৰিম ৷”

“এই এপত অনুগামীৰ সংখ্যা পাঁচশ বা ততোধিক হোৱাৰ পাচতেই একোজন ব্যৱহাৰকাৰীৰ একাউন্ট সক্ৰিয় হৈ পৰিব ৷ এই এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে দুহাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সুযোগ পাব ৷” ৱানিয়ে পুনৰ কয় ৷

কাশ্মীৰৰ যুৱ চামলৈ দিয়া বাৰ্তাত ৱানিয়ে কয়, “কৰ্ম সংস্থাপনহীনতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ আমি আমাৰ জীৱিকা নিৰ্বাহৰ বাবে এনে কিছুমান সৃষ্টিশীল পথ বিচাৰি উলিয়াব লাগিব যাতে আনেও তাৰ পৰা লাভান্বিত হ’বলৈ সক্ষম হয় ৷”

লগতে চাওকঃ দৈমুখীয়া চাহ বাগিচাত ডকাই তিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.