ETV Bharat / bharat

COVID-১৯ : তেলেংগানাত শেহতীয়াকৈ ২ জনৰ মৃত্যু, ৪১ জনৰ দেহত কৰ'ণা ভাইৰাছ !

author img

By

Published : May 14, 2020, 11:31 AM IST

দক্ষিণ ভাৰতৰ তেলেংগানা ৰাজ্যত অৱ্যাহত আছে COVID-১৯ ৰ সংক্ৰমণ । শেহতীয়াকৈ ৰাজ্যখনত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ ধৰা পৰিছে ৪১ জনৰ দেহত ভাইৰাছৰ অৱস্থিতি । ইয়াৰ লগে লগে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ই ৰাজেন্দ্ৰই সকলোকে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,৩৬৭ জনলৈ ।

Two deaths, 41 fresh COVID-19 cases in T'gana on Wednesday

হায়দৰাবাদ, ১৪ মে': তেলেংগানাত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । দিনক-দিনে ৰাজ্য়খনত ক্ৰমাৎ উৰ্ধগামী হৈছে আক্ৰান্তৰ সংখ্যা । বুধবাৰে ৰাজ্যখনত নতুনকৈ ৪১ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ লগত পুনৰ দুজন লোকৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, এই ৪১ গৰাকী আক্ৰান্তৰ ভিতৰত ৩১ গৰাকী হৈছে গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগমৰ অন্তৰ্গত । আনহাতে আন ১০ গৰাকী হৈছে অন্য় ৰাজ্য়ৰ পৰা তেলেংগানালৈ প্ৰত্যাৱৰ্তন কৰা লোক । এই ঘটনাৰ পাচতেই ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ই ৰাজেন্দ্ৰই মুখ্যমন্ত্ৰীক উদ্ধৃত কৰি কেন্দ্ৰৰ দ্বাৰা লক্ ডাউনত শিথিলতা অনাৰ পাচত অন্যান্য ৰাজ্যৰ পৰা বহু লোকৰ আগমণ হোৱাক লৈ সকলোকে অধিক সতৰ্ক হ'বলৈ আহ্বান জনাইছে ।

স্বাস্থ্য মন্ত্ৰী ৰাজেন্দ্ৰই কয়, প্ৰথম অৱস্থাত ৰাজ্যখনত সংক্ৰমণ হোৱাৰ কাৰণ আছিল বিদেশৰ পৰা অহা লোক আৰু দিল্লীৰ তবলিগী জামাতত অংশ গ্ৰহণ লোক সকল । কিন্তু বৰ্তমান সময়ত বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলৰ পৰাও ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে । অৱশ্যে সকলো লোককে স্বাস্থ্য় পৰীক্ষা কৰি কোৱাৰেণ্টাইনলৈ পঠিওৱা হ'ব বুলি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

এক বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈকে বিমানেৰে ৭৯৮ গৰাকী লোকৰ প্ৰত্যাৱৰ্তন হৈছে । আনহাতে ২৩৯ গৰাকী আৰু ৪১,৮০৫ গৰাকী লোক লক্ ডাউনৰ পাচৰে পৰা বৰ্তমানলৈ ৰে'ল আৰু স্থলপথেৰে ৰাজ্যখনলৈ আহিছে বুলি জানিব পৰা গৈছে ।

ৰাজ্য়খনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ১,৩৬৭ গৰাকী । ইয়াৰে ভিতৰত মৃত্যু হৈছে মুঠ ৩৪ জন লোকৰ । বৰ্তমানে ৰাজ্যখনত ৩৯৪ টা সক্ৰিয় ঘটনা থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৯৩৯ গৰাকীয়ে । বৰ্তমানলৈ ৰাজ্যখনত প্ৰত্যাৱৰ্তন কৰা ৩৫ জনৰ দেহত ধৰা পৰিছে COVID-১৯ ৰ অৱস্থিতি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.