নিউজ ডেস্ক, ১৬ জুন : দুদিন পূৰ্বে চেন্নাইত কোভিড-১৯ পজিটিভ পোৱা দুজন ব্যক্তিয়ে সোমবাৰে পুৱা ব্যক্তিগত বিমানৰে কলকাতালৈ যাত্ৰা কৰে । কলকাতাত উপস্থিত হৈ ব্যক্তি গৰাকীয়ে মেদিনীপুৰ জিলাৰ এখন চিকিৎসালয়ত উপস্থিত হয় যিখন কোভিড-১৯ ৰ ৰোগীৰ বাবে সংৰক্ষণ কৰা হৈছে ।

এই ঘটনাৰ পিছত ৰাজ্যখনৰ পৰিবহন মন্ত্ৰী সুভেন্দ্ৰা অধিকাৰীয়ে কেন্দ্ৰক অভিযোগ কৰিছে যে, কোভিড-১৯ ৰ ৰোগীৰ সৈতে একেখন বিমানতে আন যাত্ৰী সকলক যাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰাটো কেন্দ্ৰৰ ডাঙৰ ভুল ।
লগতে পঢ়ক :