নিউজ ডেস্ক, ৭ মে' : উৰিষ্যাৰ ঢেকাংনল জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । ঘৰৰ ভিতৰত খেলি থকা অৱস্থাত আতচবাজী বিস্ফোৰণ ঘটি নিহত হয় দুটিকৈ শিশু । জিলাখনৰ তুমুছিংগা আৰক্ষী চকীৰ অন্তৰ্গত চোগাৰ গাঁৱত সংঘটিত হয় এই ঘটনা ।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, লকডাউনৰ ফলত ঘৰত আৱদ্ধ তিনিজন শিশুৱে আতচবাজীৰ সৈতে খেলি আছিল । দুৰ্ভাগ্যক্ৰমে, আতচবাজীৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত তিনিওগৰাকী শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ তিনিগৰাকী শিশুকে স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।
শিশুকেইজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰৱৰ্তী সময়ত ঢেকাংনল জিলা মুখ্যালয়স্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱতি লয় দুটিকৈ শিশুৱে । আনগৰাকী শিশুকো সংকটজনক অৱস্থাত ইতিমধ্যে কট্টকস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
ঘটনাৰ বলি হোৱা শিশুকেইজনৰ বয়স ৮ৰ পৰা ১২ বছৰৰ ভিতৰত হ'ব । যিটো ঘৰৰ ভিতৰত শিশুকেইজনে খেলি আছিল সেই ঘৰটোত অবৈধভাৱে আতচবাজী মজুত ৰখা হৈছিল যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ পুলৱামা এনকাউন্টাৰত মৃত্যু হিজবুল কমাণ্ডাৰ ৰিয়াজ নাইকুৰ