ETV Bharat / bharat

জন্মদিনত পিতৃ ৰাজেশ খান্নাক স্মৰণ টুইংকল খান্নাৰ

পিতৃ ৰাজেশ খান্নাক জন্মদিনত স্মৰণ জীয়ৰী টুইংকল খান্নাৰ ৷ মঙলবাৰে বিশিষ্ট অভিনেতা তথা প্ৰয়াত পিতৃ ৰাজেশ খান্নাক তেওঁৰ 78 তম জন্ম বাৰ্ষিকী উপলক্ষে টুইংকল খান্নাই সামাজিক মাধ্যমৰ জৰিয়তে স্মৰণ কৰে ৷

author img

By

Published : Dec 29, 2020, 2:11 PM IST

Twinkle Khanna remembers Rajesh Khanna on their shared birthday
জন্মদিনত পিতৃ ৰাজেশ খান্নাক স্মৰণ টুইংকল খান্নাৰ

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ: অভিনয়ৰ পাছতে এগৰাকী লেখিকা হিচাপে পৰিচিত টুইংকল খান্নাই মঙলবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে পিতৃ ৰাজেশ খান্নাৰ সৈতে থকা তেওঁৰ দুখন ফটো শ্বেয়াৰ কৰে ৷ পিতৃৰ সৈতে একে তাৰিখতে জন্ম লাভ কৰা টুইংকলে ফটো দুখন শ্বেয়াৰ কৰি এক হৃদয় ভৰা টোকা লিখে ৷

নিজৰ ডিজিটেল প্লেটফৰ্ম Tweak India ত টুইংকলে পিতৃৰ সৈতে একে তাৰিখতে জন্মদিন পালন কৰাৰ কাহিনী লিখিছে ৷ শৈশৱকালৰ বিশেষ মুহূৰ্তসমূহৰ বিষয়ে উল্লেখ কৰি টুইংকলে কেনেকৈ তেওঁক পিতৃয়ে টিনা বাবা বুলি মাতিছিল আৰু লগতে কেনেকৈ তেওঁৰ লালন পালন কাষৰ অন্য ছোৱালী সকলতকৈ পৃথক আছিল সেই বিষয়ে উল্লেখ কৰিছে ৷

পিতৃৰ বাবে টুইংকল আছিল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ ৷ এই কথা উল্লেখ কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰা এখন ফটোৰ কাষত টুইংকলে এইবুলি লিখিছে, "He told my mother that I was the best present she could have ever given him as I entered the world, feet first, on his 31st birthday,"

টুইংকলে লগতে এইবুলিও উল্লেখ কৰে যে, "তেওঁ মোক সদায় টিনা বাবা বুলি মাতিছিল ৷ কেতিয়াও বেবী বুলি মতা নাছিল ৷ সেই সময়ত এই কথা অনুভৱ নকৰিলেও কিন্তু মোৰ লালন পালন মোৰ কাষৰ অন্য ছোৱালীবোৰতকৈ কিছু পৃথক আছিল " ৷

একেটা তাৰিখতে হোৱা তেওঁলোকৰ জন্মদিনৰ কাহিনীত টুইংকলে এই কথা উল্লেখ কৰিছে তেওঁৰ হৃদয় ভাঙিব পৰা অধিকাৰ থকা একমাত্ৰ পুৰুষ গৰাকীয়ে আছিল তেওঁৰ পিতৃ ৰাজেশ খান্না ৷

লগতে পঢ়ক:কংগনাৰ পৰিৱৰ্তিত ব্যক্তিত্ব সন্দৰ্ভত মুখ খুলিছে অনুৰাগ বাসুৱে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.