মুম্বাই, ১৬ ডিচেম্বৰ : এহাল বৃদ্ধ দম্পতীক লুটপাতৰ চেষ্টা চলোৱাৰ অভিযোগত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে টেলিভিশ্যন চেনেলৰ জনপ্ৰিয় অভিনেতা ছলমান জেফ্ৰীক আটক কৰে বুধবাৰে ৷ মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এগৰাকী বিষয়াই জনোৱা মতে, আৰক্ষীৰ ভাও ধৰি বৃদ্ধ দম্পতীহালৰ ঘৰ লুট কৰাৰ চেষ্টা চলাইছিল চলমান জেফ্ৰীয়ে ৷
তথ্য অনুসৰি মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ডেৰাডুন আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ পিচতে ব্যৱস্হা গ্ৰহণ কৰে অভিনেতাগৰাকীৰ বিৰুদ্ধে ৷ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে জনোৱা তথ্য অনুসৰি তেওঁ চণ্ডীগড় আৰু ডেৰাডুনৰ পৰা দক্ষিণ ভাৰতৰ কেবাখনো চহৰলৈ ভ্ৰমণ কৰাৰ পিচত অৱশেষত মুম্বাই আৰক্ষীৰ জালত পৰে ৷ জেফ্ৰীয়ে শিৱছত্ৰপতি, সাৱধান ইণ্ডিয়া আদি কেবাখনো জনপ্ৰিয় টেলিভিশ্যন ছিৰিয়েলত অভিনয় কৰিছিল ৷
লগতে চাওক : গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী বৈজয়ন্ত জয় পাণ্ডা