ETV Bharat / bharat

'তুসলীপ্ৰেমী' ভগৱান জগন্নাথ - তুসলীপ্ৰেমী ভগৱান

তুলসী পাত হৈছে ভগৱান জগন্নাথৰ উপাসনাত ব্যৱহৃত এক অনবদ্য উপাদান ৷ তুলসী পাতৰ ব্যৱহাৰ অবিহনে কোনো ধৰণৰ প্ৰসাদ ভগৱানৰ আগত উচৰ্গা কৰা নহয় ৷

Tulasi or Basil leaves dearest to Lord Jagannath

author img

By

Published : Jun 11, 2020, 5:11 PM IST

নেশ্যনেল ডেস্ক, 11 জুনঃ বিশ্ব জগতৰ প্ৰভুৰ প্ৰিয় তুলসী পাত ৷ তুলসী পাত হৈছে প্ৰভুৰ চৰণত আগবঢ়োৱা সমস্ত উপাসনাৰ এক অবিচ্ছেদ্য অংগ ৷ শ্ৰীজগন্নাথ প্ৰভুৰ প্ৰিয় তুলসী পাত তেওঁৰ বাবে উচৰ্গা কৰা যিকোনো ধৰণৰ পূজাৰ বাবেই অত্যাৱশ্যকীয় উপাদান ৷ তুলসী পাতেৰে সজ্জিত কৰা হয় তেওঁৰ আভূষণো ৷ তেওঁৰ শিৰতো ৰখা হয় তুলসী ৷ লগতে তেওঁৰ বাবে আগবঢ়োৱা প্ৰসাদৰ বাবেও তুলসী পাতৰ ব্যৱহাৰ প্ৰয়োজনীয় ৷ তুলসী পাত অবিহনে জগন্নাথ প্ৰভুৰ বাবে কৰা কোনো নিয়মেই সম্পূৰ্ণ নহয় ৷ যাৰ বাবে তেওঁক 'তুসলীপ্ৰেমী' ভগৱান হিচাপেও আখ্যা দিয়া হয় ৷ জগন্নাথ প্ৰভুৰ পূজাত তুলসী পাতে অধিকাৰ কৰি আহিছে এক সুকীয়া সত্বা ৷

'তুসলীপ্ৰেমী' ভগৱান জগন্নাথ

তুলসী পাতৰ সমান্তৰালকৈ তুলসীৰে নিৰ্মিত মালাও ভগৱান জগন্নাথৰ বাবে অৰ্পন কৰা হয় ৷ তুলসী পাতৰ ব্যৱহাৰ অবিহনে কোনো ধৰণৰ প্ৰসাদ ভগৱানৰ আগত উচৰ্গা কৰা নহয় ৷ যিকোনো উৎসৱ-পাৰ্বনত তেওঁৰ পূজাৰ বাবে তেওঁক পৰিধান কৰোৱা আভূষণ তথা মূৰত পিন্ধোৱা 'টোপাৰ' আৰু 'তাহিয়া'ত তুলসীৰ ব্যৱহাৰ অনিবাৰ্য ৷ কিন্তু বছৰৰ নিৰ্ধাৰিত 11টা দিন তেওঁৰ বাবে তুলসী পাত অৰ্পন কৰা নহয় যেতিয়া তেওঁক 'অনাচাৰা ঘৰ'ত ৰখোৱা হয় ৷ অনাচাৰা ঘৰ হৈছে মন্দিৰৰ এক গোপন কোঠা, য'ত তেওঁক জ্বৰৰ পৰা বাছিবলৈ উপাচাৰ কৰোৱা হয় ৷ কিন্তু 11 দিন সম্পূৰ্ণ হোৱাৰ পিচত পুনৰ ভগৱান জগন্নাথৰ বাবে তুলসী অৰ্পন কৰা হয় ৷

বহু পৰিমাণৰ তুলসীৰ প্ৰয়োজন হোৱাৰ বাবেই তুলসীপাতৰ ব্যৱস্থাৰ বাবে মন্দিৰৰ পৰিসৰৰ ভিতৰত এখন বাগিছা গঢ়ি তোলা হৈছে ৷ যাক 'কৈলী বৈকুণ্ঠ নিলাদ্ৰী উপবন' নামেৰে জনা যায় ৷ এই বাগিছাৰ পৰা নিতৌ তুলসীৰ পাত আৰু ফুল অনা হয় আৰু শ্ৰী জগন্নাথৰ লগতে অন্যান্য দেৱতাসকলৰ পূজাৰ বাবেও ব্যৱহাৰ কৰা হয় ৷ কেতিয়াবা যদি তুলসীৰ অভাৱ হয় তেন্তে এই পবিত্ৰ পাতৰ অভাৱ পূৰণৰ বাবে চহৰৰ আন আন স্থানৰ পৰাও তুলসী পাত অনা হয় ৷

সকলো সময়তে সকলো অনুষ্ঠানৰ বাবেই তুলসী পাত পবিত্ৰ ত্ৰিমূৰ্তি ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাক আগবঢ়োৱা হয় ৷ এই পাত মন্দিৰৰ সৈতে জড়িত সকলো অনুষ্ঠানতে প্ৰয়োজনীয় ৷ ভগৱান জগন্নাথৰ লগতে তেওঁৰ ভক্তসকলেও তুলসী পাত সেৱন কৰি এক অনবদ্য সুখ আহৰণ কৰে ৷

লগতে পঢ়কঃ খেলৰ বাবে মোক ভগৱানে নিৰ্বাচন কৰিছেঃ মেৰি কম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.